Printer-friendly version

বাঘজানৰ অসমাপ্ত ট্ৰেজেদি। লাৱণ্যহঁতে হেৰুৱালে জীৱনৰ লাৱণ্য। বনলতাহঁতে হেৰুৱালে আপোন বননি। থমকিল গ্ৰাম্য পৰ্যটন, ধ্বংসমুখী ঐতিহ্য। সবিশেষ সামৰি জ্যেষ্ঠ সাংবাদিক দিগন্ত শৰ্মাৰ বিশেষ প্ৰতিবেদন।



বিশেষ প্ৰতিবেদনঃ অকালতে স্বামীক হেৰুৱাই উজনি অসমৰ তিনিচুকীয়া জিলাৰ বাঘজান গাঁৱৰ লাৱণ্য শইকীয়া নামৰ মহিলাগৰাকীয়ে তিনি সন্তান আৰু বৃদ্ধ শহুৰ-শাহু সকলোৰে দায়িত্ব মূৰ পাতি ল’বলগীয়া হৈছিল৷ উপাৰ্জনৰ বাবে লাৱণ্য শইকীয়াই পদূলিমূৰত সৰু পাণ দোকান এখন দিছিল৷ দোকানখনৰ উপৰিও মহিলাগৰাকীয়ে এডৰা মাটিত খেতি কৰিছিল, বাৰীখনৰ তামোল-পাণ, শাক-পাচলি উৎপাদন কৰি বিক্ৰী কৰিছিল৷ 

গিৰিয়েকে পাতি থৈ যোৱা সৰু চাহবাগানখনৰ যতন লৈছিল আৰু কেঁচা চাহপাত বিক্ৰী কৰিছিল৷ তেওঁৰ শহুৰ লম্বেশ্বৰ শইকীয়াৰ বয়স প্ৰায় ৮০ বছৰ আৰু শাহু মিলেশ্বৰী শইকীয়াৰ বয়স প্ৰায় ৭০ বছৰ৷ লাৱণ্যৰ প্ৰথমগৰাকী কন্যা কৰবীৰেখা দশম শ্ৰেণীৰ ছাত্ৰী, দ্বিতীয় কন্যা বৰ্ণালী অষ্টম শ্ৰেণীৰ ছাত্ৰী আৰু পুত্ৰ অসীম পঞ্চম শ্ৰেণীৰ ছাত্ৰ৷ 

যোৱা ২৭ মে’ত বাঘজান গাঁৱৰ ৫নং তৈলখাদৰ পৰা গেছ নিৰ্গত হোৱা ঘটনাৰ পিছত ঘৰবাৰী এৰি পৰিয়ালটোৱে আশ্ৰয় ল’বলগীয়া হৈছিল স্থানীয় অস্থায়ী শিবিৰত৷ স্বামীৰ অনুপস্থিতিতো লাহে লাহে, অথচ কঠোৰ শ্ৰমেৰে লাৱণ্যই আটোমটোকাৰীকৈ ৰখা বাৰীখন, চাহগছ কেইজোপা, শাকনিডৰাৰে, গৰু-ছাগলীকেইটাৰে গঢ়ি তোলা ঘৰখনো হৈ পৰিছিল লাৱণ্যময়ী৷ 

বৃদ্ধ শহুৰ-শাহু, তিনিসন্তানকে ধৰি ভিতৰুৱা গ্ৰামাঞ্চলত এখন ঘৰ এগৰাকী মহিলাই সুন্দৰভাৱে পৰিচালনা কৰা আৰু সমান্তৰালভাৱে সৰুকৈ হ’লেও ব্যৱসায় চম্ভালি থকাটো নাৰী সৱলীকৰণৰ এক অন্যতম নিদৰ্শন৷ হয়তো সেই অঞ্চলটোৰ ভিতৰতেই মহিলাৰ দ্বাৰা পৰিচালিত এখন "ৰূপ-লাৱণ্যপূৰ্ণ" শুৱনি ঘৰ আছিল লাৱণ্য শইকীয়াৰ ঘৰখন৷ 


• জুই নজ্বলা কোনো এটা দিনত ঘৰৰ চোতালত সন্তানসহ লাৱণ্য

যোৱা ৯ জুনত বাঘজানৰ তেল-গেছ নিৰ্গত খাদটো যেতিয়া জ্বলি উঠিল আৰু তাৰ পিছত বাঘজান গাঁৱৰ ইখনৰ পিছত সিখন ঘৰ গ্ৰাস কৰিবলৈ ধৰিলে, সেই জুইত চিৰদিনৰ বাবে হেৰাই গ’ল লাৱণ্যৰ ঘৰখনো৷ জীৱনৰ বহু প্ৰত্যাহ্বান নেওচি তেজ ঘামেৰে এগৰাকী  মহিলাই অতদিনে গঢ়া ঘৰখন পুঁজিপতি তেল কোম্পানীৰ অবিবেচকী কাণ্ডই নিঃশেষ কৰি দিলে…..৷ যিখন ঘৰৰ ৰূপ লাৱণ্যই বহন কৰিছিল নাৰী সৱলীকৰণৰ অন্যতম স্বাক্ষৰ, সেই ঘৰখন আৰু কাহানিও দেখা পোৱা নাযাব বাঘজানত!

বাঘজানৰ বনলতা নেওঁগ নামৰ মহিলাগৰাকীৰ বাবে কেৱল নিজৰ ঘৰখন বা গাওঁখনেই আপোন নাছিল৷ তেওঁৰ বাবে ডিব্ৰু-ছৈখোৱা বননিখনো আছিল হৃদয়ৰ আপোন। বনলতাহঁতৰ দৰে অঞ্চলটোৰ অনেকৰ বাবে সেই বননিখন, মাগুৰি বিলখন আছিল সম্পদ আৰু ঐতিহ্য৷ আপোন আছিল বিল-বননিৰ সন্তানবোৰ৷ তৈল কোম্পানীৰ লুণ্ঠন আৰু অবিজ্ঞানসন্মত কাণ্ডৰ বাবে বনলতাহঁতে হেৰুৱাৰ উপক্ৰম হৈছে আপোন বননিখনো৷ অঞ্চলটোৰ মানুহৰ বাবে অৰণ্যখন আছিল আৱেগ আৰু উশাহৰ অমল উৎস।

২৭ মে কিম্বা ৯ জুন! পুঁজিবাদ নামৰ বাঘটোৱে বাঘজানৰ মানুহ-প্ৰকৃতি-ইতিহাসক বখলিয়াই পেলোৱা ভয়াৱহ দিন৷ যি কাণ্ডৰ আৰম্ভণি হ’ল, সি আজিও শেষ নহ’ল৷ নিৰ্বাপিত নহ’ল জুই! কেতিয়া নুমাব জুইকুৰা? উত্তৰ নাই৷ কিন্তু উত্তৰ এটাই আছে— লাৱণ্য শইকীয়া, বনলতা নেওঁগৰ দৰে অজস্ৰ মানুহৰ বুকুত জ্বলা জুইকুৰা আৰু কেতিয়াও নুনুমায়৷


• বনলতা নেওগ... ন্যায্য প্ৰাপ্তিৰ বাবে আন্দোলন

মানৱ চুতীয়া সেই অঞ্চলৰ এগৰাকী মানৱতাবাদী যুৱকেই নহয়, তেওঁ এগৰাকী পৰিৱেশ কৰ্মীও৷ বন্যপ্ৰাণী আৰু পৰিৱেশ সংৰক্ষণ সংস্থা (WECO) নামৰ প্ৰকৃতিসেৱী সংগঠনটোৰ সম্পাদক তেওঁ৷ মানৱ চুতীয়া, ডম্বৰু চুতীয়াৰ দৰে ব্যক্তিৰ নেতৃত্বত মাগুৰি-মতাপুং বিলৰ বন্যপ্ৰাণী সংৰক্ষণ আন্দোলন আৰু গ্ৰাম্য পৰ্যটন ক্ষেত্ৰ গঢ়ি উঠিছিল৷ য'ত নিয়োজিত হৈছিল অঞ্চলটোৰ বহু যুৱক-যুৱতী। বিলখনলৈ গৱেষণাৰ বাবে আহিছিল বিভিন্ন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী। আহিছিল পৰ্যটক, বন্যপ্ৰাণী ফটোগ্ৰাফাৰ।

কিন্তু তেল কোম্পানীৰ অবিবেচকী কাণ্ডই নিঃশেষ কৰি দিলে সকলো৷ ঐতিহ্যমণ্ডিত বিলৰ বুকুৰ নিৰ্মল জলৰাশি মিলি গ’ল তৈল পদাৰ্থৰ লগত৷ তেলৰ চামনিয়ে আক্ৰান্ত কৰিলে জলচৰ প্ৰাণীকুল, বিলখনত থকা পক্ষীকুলক৷ ২০৯ বিধতকৈয়ো অধিক প্ৰজাতিৰ পক্ষীকুলৰ বিচৰণ স্থলী, ৬টি প্ৰজাতিৰ দুস্প্ৰাপ্য কাছ আৰু অগণন জলজ উদ্ভিদ-প্ৰাণী থকা এই বিলখন ইতিমধ্যেই গুৰুত্বপূৰ্ণ পক্ষী ক্ষেত্ৰ বা ইম্পৰ্টেণ্ট বাৰ্ড এৰিয়া বুলি স্বীকৃত হৈছিল৷ 

বিগত সময়ত সেই বিলখনক বা বিলখনৰ সৈতে সংলগ্ন, ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ ওচৰতে থকা তৈলখাদে বিপদ ঘটাব পাৰে বুলি মানৱ চুতীয়াৰ দৰে বহু প্ৰকৃতি প্ৰেমী,পৰিৱেশ কৰ্মীয়ে সকিয়নী দিছিল৷ বাঘজানৰ পৰা বিলৰ মাজেৰে, নৈৰ মাজেৰে তেল পৰিবাহী পাইপ স্থাপনৰ বিৰোধিতা কৰিছিল৷ কিয়নো তেল পাইপ ফুটি ইতিপূৰ্বে (১৪/৯/২০১৮ তাৰিখে) বিল-নৈৰ যথেষ্ট ক্ষতিসাধন হৈছিল৷ 

কিন্তু ‘অইল’ কতৃপক্ষই স্থানীয় জনতাৰ, পৰিৱেশ কৰ্মীৰ কথাক আওকাণ কৰি সম্পদ লুণ্ঠন অব্যাহত ৰাখিলে৷ অতি বেপৰোৱাভাৱে সম্পদ লুণ্ঠন চলাই জনসাধাৰণ, স্থানীয় পৰিৱেশ, প্ৰকৃতি, ঐতিহ্য, ইতিহাসৰ ভৱিষ্যত সুৰক্ষাৰ বিষয়টোক অৱজ্ঞা কৰিলে৷ ফলত যোৱা ২৭ মে’ত তেলখাদৰ পৰা নিৰ্গত হ’ল গেছ আৰু তেল৷  ইয়াৰ পিছতো স্থানীয় ৰাইজে কৈছিল যে তেল গেছৰ নিৰ্গমন বন্ধ কৰক৷ কিয়নো ৰ’দ দিলেই জুই জ্বলি উঠিব৷ কিন্তু ৰাইজৰ কথাক কৰ্তৃপক্ষই গুৰুত্ব নিদিলে৷


• বিলৰ এটি মৃত কাছ

অৱশেষত ৯ জুনৰ দিনা ভয়াৱহ জুই জ্বলি উঠিল তেলখাদটোত৷ তাৰ পিছত সেই জুইয়ে বাঘজান গাঁৱৰ কেইবাখনো ঘৰ-বাৰী, অৰণ্য নিঃশেষ কৰি দিলে৷ নিঃশেষ হৈ গ’ল লাৱণ্য শইকীয়া, দীপ শইকীয়া, অমল শইকীয়া, বিকাশ শইকীয়া, লখিন মৰান, সহদেৱ মৰান, ৰীতু মৰিন, পাপুল মৰান, হেমন্ত মৰান আদিৰ ঘৰবোৰ৷  ২৭ মে'ৰ পৰা বাঘজান অঞ্চলটোৰ লোকসকলে থাকিবলগীয়া হ’ল আশ্ৰয় শিবিৰত৷ প্ৰায় দহহাজাৰ লোকে আশ্ৰয় ল’বলগীয়া হল শিবিৰত৷ শিবিৰতো নাই উপযুক্ত পৰিৱেশ! অঞ্চলটোৰ বৃদ্ধ-বৃদ্ধা আৰু কণ কণ ল’ৰা-ছোৱালীৰ অৱস্থা অতিকে দুখলগা৷ বহুতেই কণ কণ লৰাছোৱালীক দূৰৈৰ আত্মীয়ৰ ঘৰলৈ পঠিয়াই দিছে৷ পিছে সেয়াই জানো সমাধান?

বাঘজানৰ জুইক লৈ 'খেল' খেলি থকাৰ সময়তে শেহতীয়াকৈ অঞ্চলটোৰ ৰাইজে পুনৰ প্ৰতিবাদ কৰিছে প্ৰশাসনৰ ওচৰত৷ তেওঁলোকৰ দাবী, অঞ্চলটোৰ ৰাইজক অতিশীঘ্ৰেই উপযুক্ত ক্ষতিপূৰণ দিয়ক৷ অঞ্চলটোৰ বিলখনকে ধৰি প্ৰকৃতিৰ সুৰক্ষাৰ ব্যৱস্থা লওক৷ অঞ্চলটোৰ এগৰাকী মহিলা বনলতা নেওগে কৈছে, 'আমি সেই জুইকুৰাতে জাহ যাবলৈ বাধ্য হ’ম, যদিহে প্ৰশাসনে উপযুক্ত পদক্ষেপ গ্ৰহণ নকৰে৷’


• এনেকৈয়ে জ্বলি ছাৰখাৰ হয় সেউজীয়া সপোন

তাৎপৰ্যপূৰ্ণ যে সেই অঞ্চলৰ প্ৰায় দহ সহস্ৰাধিক পৰিয়ালৰ জীৱন-জীৱিকা নিৰ্ভৰ কৰে মাগুৰি-মতাপুং বিলখনৰ ওপৰত, স্থানীয় নৈখনৰ ওপৰত৷ ডাঙৰী নৈ, ডিব্ৰু নৈ আৰু মাগুৰি-মতাপুং বিলখনেই সেই অঞ্চলৰ মানুহৰ জীৱনৰ আয়ুসৰেখা স্বৰূপ৷ সেই বননিখন, নৈখন, বিলখনক কেন্দ্ৰ কৰিয়েইতো গঢ়ি উঠিছে সভ্যতা-ইতিহাস। বৰ্তি আছে ঐতিহ্য-সংস্কৃতি-আপুৰুগীয়া বৃত্তি। মতাপুং বিলৰ মাছ নামাৰিলে বহু পৰিয়ালৰ আখলত জুই নজ্বলে৷ কিন্তু আজি বাঘজানৰ জুইয়ে সেই শত শত পৰিয়ালৰ আখলৰ জুই নুমুৱাই পেলাইছে৷ আৰু ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ ভৱিষ্যৎ?

যি বাঘজান, কলীয়াপানী গাঁৱৰ ৰাইজ সম্পদ-ঐতিহ্য-প্ৰাকৃতিক সম্ভাৰেৰে চহকী আছিল, যি বাঘজানত মহিলাই অৰ্থনৈতিক স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিছিল, সেই বাঘজান-কলীয়াপানী গ্ৰামাঞ্চলৰ ৰাইজে আজি দিনৰ পিছত দিন পাৰ কৰিব লগীয়া হৈছে আশ্ৰয় শিবিৰত৷ যি গঞাই এই ভৰ বাৰিষাত পথাৰত খেতিত ব্যস্ত থাকিব লাগিছিল সেই সকল কৃষিজীৱীলোক আজি ঘৰৰ পৰা দূৰৈৰ আশ্ৰয় শিবিৰত। এসাজ খাইছে, এসাজ লঘোণে আছে। 

বহুতৰ ঘৰৰ পোহনীয়া পশু-পক্ষীবোৰো বহুতৰ হেৰাই থাকিল। তেলৰ প্ৰকোপত পানীতেই যেতিয়া জুই লাগিছে, জীৱিকাৰ প্ৰশ্নই বা কত? অঞ্চলটোৰ ৰাইজে শেহতীয়াকৈ সন্মুখীন হৈছে বানপানীৰ৷ এফালে তেল কোম্পানীৰ পৰা বিপদ, আনফালে নৈৰ বাঢ়নী পানীৰ পৰা বিপদ৷ পিছে নৈৰ বাঢ়নী পানী ৰাইজৰ বাবে চিনাকি৷ দুদিন থাকি আঁতৰিব৷ শুকাই যাব বাট-পথ৷ কিন্তু তেল কোম্পানীয়ে যিকুৰা জুই জ্বলালে সেই জুই তৈলখাদত নুমালেও অঞ্চলটোৰ জনসাধাৰণৰ বুকুত জ্বলি থাকিব চিৰদিন চিৰকাল৷


• জুই জ্বলাৰ পূৰ্বে মাগুৰি-মতাপুং বিলত চৰাইৰ জাক...

লাৱণ্য শইকীয়াহঁতে তেল কোম্পানীৰ লুণ্ঠনৰ প্ৰাৱল্যত হেৰুৱালে জীৱনৰ লাৱণ্য৷ প্ৰশ্ন উঠিছে, তেল কোম্পানীয়ে যি ধন দিব সেই ধনেৰে অঞ্চলটোৰ ৰাইজে প্ৰকৃতি-ঐতিহ্য-ইতিহাসক ঘূৰাই পাবনে? বছৰ বছৰ এপদ এপদকৈ সামগ্ৰী গোটাই, এজোপা-দুজোপাকৈ গছ ৰুই, এচপৰা-দুচপৰাকৈ মাটি আনি গঢ়া ভেটিত ইমান দিনে যিদৰে সপোনৰ আপোন ঘৰ স্থিতি লৈছিল— সেয়া ওভতাই পাব কেনেকৈ? 

কৰ’না ভাইৰাছৰ সংক্ৰমণে উদ্ভৱ কৰা পৰিস্থিতিয়ে প্ৰতিটো পৰিয়ালৰ অৰ্থনৈতিক অৱস্থা অৱনমিত কৰাৰ সময়ত বাঘজান অঞ্চলৰ জনসাধাৰণে এই দুৰ্যোগৰ পৰা মুক্তি পাবলৈ ওলাবলগীয়া হৈছে ৰাজপথলৈ, ক’বলগীয়া হৈছে, ‘সেই জুইত আমিও জাহ যাম’ বুলি৷ অথচ সেই জুই তেওঁলোকে জ্বলোৱা নাছিল৷ দুৰ্যোগাক্ৰান্ত বাঘজানৰ জনতাৰ মানৱ অধিকাৰক ন্যায্যতা দিয়ক, ন্যায় দিয়ক, সুৰক্ষিত হঁওক অঞ্চলটোৰ প্ৰকৃতি-পৰ্যটন-ঐতিহ্য৷ মাগুৰি-মতাপুং বিলক কেন্দ্ৰ কৰি গঢ়ি উঠা মানুহৰ জীৱন-জীৱিকা পুনৰ ঘূৰাই দিয়ক৷ 

সেই নৈ, সেই অৰণ্য, সেই মাটিৰ ওপৰত জনগোষ্ঠীয় লোকৰ অধিকাৰ আছে। জনগোষ্ঠীয় জনতাৰ "জল-জংগল-জমীন"ৰ ওপৰত থকা অধিকাৰ মানৱ অধিকাৰ।সেই মাটিত শান্তিৰে জীয়াই থকাটো, সেই নৈ-বিলক কেন্দ্ৰ কৰি গঢ়ি উঠা সভ্যতা সুৰক্ষিত কৰাতো ৰাইজৰ অধিকাৰ। সেয়া সুৰক্ষিত হবই লাগিব, যি প্ৰশ্নত আপোচ অবান্তৰ। ক্ষতিপূৰণৰ ধন দিয়া মানে ভুক্তভোগীয়ে অধিকাৰ ঘূৰাই পোৱা, ন্যায় পোৱা নহয়। বাঘজান-কলীয়াপানীৰ গৰ্ভৰ পৰা বহু সম্পদ লুট কৰা হ’ল। এতিয়া অন্তুতঃ অঞ্চলটোৰ মানুহ-প্ৰকৃতি-ঐতিহ্যৰ কথা চিন্তা কৰক, অন্যায়ৰ পাঠ সামৰি ন্যায় আৰু ন্যায্যতাৰ দুৱাৰদলিত থিয় হওক। ৰাষ্ট্ৰৰ ভূমিকা কি হয় সেয়া থাকিব নজৰত।