Printer-friendly version

পাটনাঃ লকডাউনৰ ফলত ঘৰলৈ ওভতা প্ৰবাসী শ্ৰমিকসকলৰ বিভিন্ন ফটো আৰু ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। এনে হাজাৰ-বিজাৰ ভাইৰেল ফটোৰ মাজত আছে বিহাৰৰ বেগুছৰাইৰ ৩৮ বছৰীয়া ৰামপুকাৰ পণ্ডিতো। ভাইৰেল ফটোখনত কান্দি কান্দি ফোনত কথা পাতি থকা দেখা গৈছে ৰামপুকাৰক।

প্ৰকাশিত বাতৰি মতে, পুত্ৰৰ মৃত্যুৰ বতৰা পাই যোৱা ১১ মে’ত খোজকাঢ়িয়েই দিল্লীৰ পৰা বেগুছৰাইৰ আপোন গাঁও তাৰা বৰিয়াপুৰলৈ ৰাওনা হৈছিল ৰামপুকাৰ। কিন্তু আৰক্ষীয়ে তেওঁক ইউপি গেটৰ সমীপত দিল্লী-উত্তৰ প্ৰদেশ সীমান্তত বাধা প্ৰদান কৰে।

উত্তৰ প্ৰদেশ আৰক্ষীয়ে তেওঁক খোজকাঢ়ি যোৱাত বাধা প্ৰদান কৰে যদিও প্ৰাইভেট গাড়ী ভাৰা কৰি প্ৰয়োজনীয় অনুমতি লৈ ঘৰলৈ যাবলৈ তেওঁৰ হাতত নাছিল পৰ্যাপ্ত ধন। ৰেলৰ অনলাইন টিকট বুক কৰিবলৈ বা বিহাৰ চৰকাৰৰ ৱেবছাইটযোগে সাহায্য লাভৰ বাবে আবেদন কৰিবলৈ ৰামপুকাৰ স্মাৰ্টফোনৰো গৰাকী নাছিল।

উপায়বিহীন হৈ ৩ দিন ধৰি হাতত পাতি-পইছা এটা নোহোৱাকৈ দিল্লী-উত্তৰ প্ৰদেশ সীমান্ততে ৰৈ যাবলৈ বাধ্য হৈ পৰিছিল অসহায় ৰামপুকাৰ। অৱশেষত পুত্ৰশোকত দগ্ধ ৰামপুকাৰে ১৫ মে’ত এগৰাকী সামাজিক কৰ্মীৰ সহায়ত শ্ৰমিকৰ বাবে চলোৱা বিশেষ ৰেলৰ জৰিয়তে দৰভংগাত উপস্থিত হয় আৰু তাৰ পৰা গৈ খোদাৱনপুৰত থকা কোৱাৰেণ্টাইন চেণ্টাৰত আশ্ৰয় গ্ৰহণ কৰে।

আৰক্ষীৰ বাধা, দুৰ্বৃত্তৰ ধন লুট

বিবিচি আৰু বিহাৰৰ কেবাটাও স্থানীয় সংবাদ মাধ্যমৰ সৈতে হোৱা সাক্ষাৎকাৰত তেওঁ কয়, 'ল’ৰাটো ঢুকুওৱা ৪ দিন হৈছিল। তাক অন্তিম মুহূৰ্ততো দেখা নাপালো। সেয়ে ভাবিছিলো কিবাকৈ হ’লেও ১৩ দিনীয়া অনুষ্ঠানটোত উপস্থিত হম আৰু পিতৃ হোৱাৰ দায়িত্ব পালন কৰিম।’

'আৰক্ষীয়ে ইউপি গেট পাৰ হ’বলৈ নিদিয়াত ইফালে-সিফালে পাগলৰ দৰে ঘূৰি আছিলো। তেনেতে দুজন লোক আগবাঢ়ি আহিছিল আৰু বৰ্ডাৰ পাৰ কৰাই দিম বুলি কৈ গাড়ীত উঠিবলৈ দিছিল। কিন্তু সেই মানুহ দুটাই কিছু দূৰ লৈ গৈ মোক খুব পিটিলে আৰু হাতত থকা টকা-সিকা সকলো কাঢ়ি নিলে।’-থোকাথুকি মাতেৰে ৰামপুকাৰে কয়।

তেওঁ আৰু কয়, 'ৰাস্তাৰ কাষত মই কালভাৰ্ট এটাত আমন-জিমনকৈ বহি আছিলো। ৰাতি খানা দিবলৈ অহা বাইদেউগৰাকীয়ে মোক তেখেতৰ ফোন নম্বৰ থকা কাৰ্ড এখন দি গৈছিল আৰু কিবা বিপদ হ’লে কল কৰিবলৈ কৈছিল। বিপদ হ’বলৈ মোৰ আৰু বাকী নাছিল। সেয়ে বহি লৈ বাইদেউগৰাকীলৈ ফোন কৰিছিলো। কথাবোৰ কওতে চকুপানী ধৰি ৰাখিব পৰা নাছিলো। তেতিয়াই কোনোৱে মোৰ ফটো তোলা যেন লাগিছিল।’


• ৰামপুকাৰৰ সৈতে ছালমা ফ্ৰান্সিছ, ফটোঃ বিবিচি


ৰামপুকাৰে ফোন কৰি থকা বাইদেউ বুলি উল্লেখ কৰা সেই মহিলাগৰাকী হৈছে ছালমা ফ্ৰান্সিছ। দিল্লীৰ স্বেচ্ছাসেৱী সংস্থা এটাৰ সদস্য ছালমা সন্দৰ্ভত ৰামপুকাৰে আৰু কৈছে, 'সেই মুহূৰ্তত বাইদেউগৰাকী মোৰ বাবে মা-দেউতাতকৈয়ো বহুত বেছি আপোন হৈ পৰিছিল। যেতিয়া সকলোৱে প্ৰবঞ্চনা কৰিছিল তেতিয়া বাইদেউগৰাকীয়ে দেৱীৰ দৰেকৈ মোৰ কাষত উপস্থিত হৈ মোক সহায় কৰিছিল। হাতত কিছু ধনো গুজি দিছিল। বাইদেউগৰাকীৰ সহায়ৰ কথা জীৱনত মই পাহৰিব নোৱাৰিম।’ 

কেনেকৈ ঘৰলৈ উভতিছিল পুত্ৰ শোকত দগ্ধ ৰামপুকাৰ?

পুত্ৰ শোকত দগ্ধ হৈ তথা লকডাউনৰ ঘন অন্ধকাৰত দিকবিদিক হেৰুৱাই পেলোৱা ৰামপুকাৰৰ ফোন কল পাই সকলো কাম একাষৰীয়াকৈ থৈ সহায় কৰিবলৈ দিল্লী চৰকাৰৰ কেবাগৰাকী শীৰ্ষ বিষয়ালৈ ফোন কৰিছিল ছালমাই। তাৰ পিছত তেওঁ বিশেষ ৰেলৰ বাবে টিকট বুক কৰাৰ ব্যৱস্থা কৰে।

এই সন্দৰ্ভত পূৱ দিল্লীৰ জিলা দণ্ডাধীশ অৰুণ কুমাৰ মিশ্ৰই সংবাদ মাধ্যমৰ আগত কয়, 'আমাৰ টীম সকলো সময়তে ফিল্ডত সহায়ৰ বাবে সাজু হৈ আছিল। যেতিয়াই ছালমা ফ্ৰান্সিচৰ পৰা ৰামপুকাৰৰ খবৰ পালো ততালিকে আমাৰ মানুহ গৈ বাছেৰে তেওঁক ষ্টেশ্যনলৈ লৈ যোৱা হয়। তাৰ পিছত ৰেলেৰে তেওঁ বিহাৰলৈ যাত্ৰা কৰে।’

এনেকৈয়ে অশেষ জ্বালা-যন্ত্ৰণাৰ অন্তত নিজ অঞ্চলত ভৰি থয় ৰামপুকাৰে। কিন্তু নিজ অঞ্চলত ভৰি থলেও ঘৰলৈ এতিয়াও যাব পৰা নাই। নিয়ম অনুসৰি বৰ্তমান কোৱাৰেণ্টাইন চেণ্টাৰত ৰখা হৈছে পুত্ৰক হেৰুওৱা ৰামপুকাৰক। কোৱাৰেণ্টাইন চেণ্টাৰত থকা সময়তে পুত্ৰৰ ১৩ দিনীয়া কৰ্মও ইতিমধ্যে পাৰ হৈ গৈছে।

ইয়াৰ মাজতে এদিন কোৱাৰেণ্টাইন চেণ্টাৰলৈ আহি খবৰ লৈ গৈছে তেওঁৰ পত্নী আৰু তিনি কন্যাই। 'দেওবাৰে ছোৱালী তিনিজনী আৰু মানুহজনী আহিছিল। চাগু, গুৰ আৰু ঔষধ আদি লৈ আহিছিল। সিহঁতৰ লগত কথা পাতিবই নোৱাৰিলো। সিঁহতক দেখি কেৱল কান্দিলো আৰু কান্দিলো। চকুৰ সমুখত কেৱল ল’ৰাটোৰ ছবিখন ভাহি আছিল। কি হৈছে একো ধৰিব পৰা নাই। সি মৰা নাই, এই বুলি কৈ নিজকে সান্ত্বনা দি আছো। এতিয়া কি হয় নাজানো।’-কান্দি কান্দি বিবিচিৰ সাংবাদিকৰ আগত কয় ৰামপুকাৰে।

তই ঘৰলৈ গ’লে তোৰ ল’ৰা কি মৰাৰ পৰা বাচিব?

শ্ৰমিকৰ কোনো দেশ নাথাকে। শ্ৰমিকৰ জীৱন বুলিও হয়তো একো নাই! লকডাউনে যেন ইয়াকে শিকাই গ’ল ৰামপুকাৰক। যেতিয়া ঘৰৰ পৰা কণমানি সন্তান অসুস্থ হৈ পৰাৰ খবৰ আহিছিল তেতিয়াই তেওঁ সেই কথা আৰক্ষী জনাই ঘৰলৈ যোৱাৰ ব্যৱস্থা কৰি দিবলৈ হাতযোৰ কৰিছিল। কিন্তু তেওঁৰ কথা শুনি আৰক্ষীয়ে সহায়ৰ পৰিৱৰ্তে বিদ্ৰুপহে কৰি উঠিছিল।

'মই যি ঠাইত আছিলো সেই ঠাইৰ আৰক্ষী থানাত গৈ আৰক্ষীক সহায় কৰি দিবলৈ কৈছিলো। কিন্তু তেওঁলোকে মোক ওলোটাই ধমকিহে দিছিল। এজন আৰক্ষীয়ে মোক কৈছিল- তই ঘৰলৈ গ’লে কি তোৰ ল’ৰাৰ বেমাৰ ভাল হৈ যাব? এইবিলাক আজে-বাজে বাহানা আমাৰ আগত কৰিবলৈ নাহিবি। এই লকডাউনত তোক ক’লৈকো যাব দিব নোৱাৰো। য’তেই আছ তাতেই থাক। নহ’লে কথা বেয়া হৈ যাব।’- কথাখিনি কৈ হুকহুকাই কান্দি উঠিছিল ৰামপুকাৰে।  

কচম খাই কৈছো, আৰু দিল্লীলৈ নাযাও...

আগতে ৰামপুকাৰ ঘৰতে আছিল। কেইবছৰমান আগলৈকে তেওঁ নিজৰ অঞ্চলতে ফেৰীৱালাৰ কাম কৰিছিল। পিছত ওচৰৰে এটা ইটাভাটাতো কাম কৰিছিল ৰামপুকাৰে। তিনিজনী ছোৱালীৰ পিছত এবছৰ পূৰ্বে এটি ল’ৰাও জন্ম পাইছিল। খৰছ বাঢ়ি যোৱাত অধিক ধন ঘটাৰ আশাৰে কামৰ সন্ধানত তেওঁ পুত্ৰৰ জন্মৰ পিছত দিল্লীত ভৰি থয়। 



দিল্লীলৈ আহি তেওঁ বিল্ডিং কনষ্ট্ৰাকশ্যনৰ লেবাৰ হিচাপে কাম কৰিবলৈ আৰম্ভ কৰে। 'আগতকৈ দুটকামান সৰহকৈ পোৱাত মনটো ভাল লাগিছিল। ঘৰলৈ অলপ বেছিকৈ পইছা পঠিয়াইছিলো। ভাবিছিলো, ছোৱালীকেইজনীৰ লগতে ল’ৰাটোকে ভালকৈ পঢ়ুৱাম। কিন্তু বাছাধন মৰিয়েই থাকিল। মই ঘৰ গৈ পোৱালৈকো নৰখিলে।’-ৰামপুকাৰৰ কান্দোনভৰা মন্তব্য।

কান্দি কান্দিয়েই তেওঁ আৰু কয়, 'দিল্লীৰ পৰা কেনেকৈ এই কোৱাৰেণ্টাইন চেণ্টাৰ পাইছো সেয়া ভাবি এতিয়াও মই আচৰিত হৈ পৰো। ইয়াৰ পৰা ঘৰলৈ যাব পাৰিলেই ৰক্ষা পৰিম। তাৰ পিছত যিয়েই নহওক কিয়, কাম পাও বা নাপাও, পইছা কমকৈ পালেও হ’ব। গাঁৱতে খৰি ফালি বিক্ৰী কৰিম, আকৌ ইটাভাটাত কম পইছাতে কাম কৰিম, কাৰোবাৰ ঘৰত দিন হাজিৰা কৰিম। কিন্তু মৰি গ’লেও আৰু দিল্লীলৈ নাযাও। কচম খাইছো।’