ডিজিটেল ডেস্কঃ ট্ৰেফিক নিয়মৰ বাবে দেশৰ সৰহভাগ লোকৰে প্ৰাণ ৰক্ষা কৰাত সহায় কৰে৷ দিনক দিনে জনসংখ্যা বৃদ্ধি পোৱাৰ সমানে সমানে যান-বাহনৰ সংখ্যাও বৃদ্ধি পাই আহিছে৷ চাৰিচকীয়া বাহনৰ সুৰক্ষাৰ বাবে চিটবেল্টৰ সুবিধা দিয়াৰ দৰে দুচকীয়া বাহনৰ যাত্ৰীৰ বাবে হেলমেট পিন্ধাটো অনিবাৰ্য কৰি দিছে আইনে৷ 

কিন্তু আইনৰ নিয়ম উলংঘা কৰি নিজকে প্ৰকৃত পুৰুষ বুলি প্ৰমাণ দিবলৈ যোৱা হায়দাৰাবাদৰ এজন যুৱকক ট্ৰেফিক আইনে যি শিক্ষা দিলে সিয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে৷ বাইক আৰোহী এজনে হেলমেট পৰিধান নকৰাকৈ বাইক চলাই গৈ আছিল৷ চকুত পৰিল যান-বাহন আৰক্ষীৰ।  

আমোদলগা কথা এয়ে যে আৰক্ষীৰ চকুত পৰে আৰোহীজনৰ বাইকখনৰ মাডগাৰ্ডৰ পাছফালে লিখাখিনি চকু পৰিল৷ বাইকত লিখা আছিল যে কোনোধৰণৰ হেলমেটৰ প্ৰয়োজন নাই, 'এজন প্ৰকৃত পুৰুষৰ দৰে মৰিব বিচাৰো৷’ বাইকআৰোহী ব্যক্তিজন আছিল কৃষ্ণ ৰেড্ডী৷

বাইকত হেলমেট নিপিন্ধি পুৰুষৰ দৰে মৰিব বিচৰা যুৱকজনৰ বাহনখনৰ ষ্টিকাৰটো থিতাতে এৰুৱাই দিয়ে আৰক্ষীয়ে। তাৰ পিছত হায়দৰাবাদ আৰক্ষীৰ অফিচিয়েল টুইটাৰত দেখা যায় এই টুইটঃ "মোক ক্ষমা কৰিব কৃষ্ণা ৰেড্ডী৷ আপুনি মৰাটো নিবিচাৰো৷ আপুনি এজন প্ৰকৃত পুৰুষৰ দৰে জীয়াই থকাটো বিচাৰো, হেলমেট পিন্ধি নিজৰ প্ৰাণ ৰক্ষা কৰক৷"