তেজপুৰঃ গুণোৎসৱৰ বাবে মজুত কৰা সামগ্ৰী চোৰে লৈ উধাও হ'ল। আৰক্ষী-অৰ্ধসামৰিক বাহিনীৰ লোক গিজগিজাই থকাৰ মাজতে তেজপুৰৰ এখন বিদ্যালয়ত সংঘটিত হয় এই ঘটনা।বিদ্যালয়ত চুৰি কাণ্ড সংঘটিত হোৱাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷

তেজপুৰ চহৰৰ সমীপৰ মাজগাঁও বালিকা মজলিয়া বিদ্যালয়ত চুৰি কাণ্ড সংঘটিত হয়৷ বুধবাৰে নিশা দোৱাৰৰ তলা ভাঙি চোৰে বিদ্যালয়ৰ ভিতৰত প্ৰবেশ কৰি বিভিন্ন সামগ্ৰী লৈ উধাও হয়৷

গুণোৎসৱৰ বাবে বিদ্যালয় কৰ্তৃপক্ষই বিভিন্ন সামগ্ৰী কিনি আনিছিল যদিও সকলো সামগ্ৰী চোৰে লৈ যায়৷ তেজপুৰ কছাৰীগাঁও আৰক্ষী চকীত চুৰিকাণ্ড সন্দৰ্ভত অৱগত কৰাত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিও কোনো লোকক আটক কৰিব পৰা নাই বুলি জানিব পৰা গৈছে।