গুৱাহাটীঃ বহু ঘাত-প্ৰতিঘাতৰ মাজেৰে তৃতীয় বৰ্ষ সম্পূৰ্ণ কৰি চতুৰ্থ বৰ্ষত ভৰি থলে News Next One-এ। ২০১৭ চনৰ আজিৰ দিনটোতে News Next One-ৰ ৱেবছাইটযোগে আনুষ্ঠানিকভাৱে বাতৰি প্ৰকাশ আৰম্ভ হৈছিল। ২০১৬ চনৰ ১ অক্টোবৰৰ পৰা প্ৰাৰম্ভিক কাম-কাজ আৰম্ভ কৰাৰ অন্তত ২০১৭ চনৰ ২৯ জানুৱাৰীৰ দিনা কেৰিয়াৰ কনছালটেণ্ট তথা বিশিষ্ট লেখক ড০ বুলজিৎ বুঢ়াগোহাইয়ে কেবাগৰাকী বিশিষ্ট ব্যক্তিৰ উপস্থিতিত মাউছত ক্লিক কৰি মুকলি কৰিছিল News Next One-ৰ ৱেবছাইট www.newsnextone.com

তেতিয়াৰে পৰা ২০১৯ চনৰ জুন পৰ্যন্ত ধাৰাবাহিকভাৱে বাতৰি প্ৰকাশ কৰি অসমৰ ৰাইজ তথা নেটিজেনসকলৰ পৰা সঁহাৰি পাবলৈ সমৰ্থ হৈছিল News Next One। অৱশ্যে প্ৰতিষ্ঠা কালৰ কেবাজনো সাংবাদিকে বিভিন্ন কাৰণত News Next One এৰি যোৱাৰ লগতে সকলোধৰণৰ ৰাজনৈতিক প্ৰভাৱৰ পৰা নিজকে মুক্ত ৰাখিবলৈ চেষ্টা চলোৱাৰ পৰিপ্ৰেক্ষিততো আৰ্থিকভাৱে দুৰ্বল হৈ পৰাত কিছু সমস্যাৰ সন্মুখীন হয় অনুষ্ঠানটো। 

অৱশেষত ২০১৯ চনৰ অক্টোবৰত পুনৰ News Next One-ত যোগদান কৰে প্ৰতিষ্ঠা কালৰ কাৰ্যবাহী সম্পাদক যুৱ সাংবাদিক ধ্ৰুৱজ্যোতি ধনন্তৰিয়ে। যোগদান কৰিয়েই সাংবাদিক ধনন্তৰিয়ে News Next One-ক লাভবিহীন মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলাৰ বাবে প্ৰাৰম্ভিক কাম-কাজ আৰম্ভ কৰে। ইতিমধ্যে এই নতুন যাত্ৰাৰ প্ৰায় সকলো কাম সম্পূৰ্ণ হৈ উঠিছে বুলি জনাইছে কাৰ্যবাহী সম্পাদক ধনন্তৰিয়ে।

News Next One-ৰ প্ৰতিষ্ঠা কালৰ আন এজন সক্ৰিয় সাংবাদিক তথা বাৰ্তা সম্পাদক ওৱাহেদৰ ৰহমানেও পুনৰ অনুষ্ঠানটোলৈ ঘূৰি আহি লাভবিহীন মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতাৰ আন্দোলনত ভাগ লৈছে। 'অসমৰ ৰাইজে এতিয়াও এটা প্ৰকৃত বিকল্প সংবাদ প্ৰতিষ্ঠানৰ অপেক্ষাত ৰৈ আছে। আমি বিকল্প সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰেই জন্ম দিছিলো News Next One-ৰ। বিভিন্ন কাৰণত সেই লক্ষ্য পূৰণত কিছু জটিলতাই দেখা দিছিল। সি যি নহওক অসমৰ ৰাইজৰ আশা-আকাংক্ষাক সন্মান জনাই আমি পুনৰ কাম আৰম্ভ কৰিবলৈ ওলাইছো।’-এইদৰে কয় পুনৰ News Next One-ৰ বাৰ্তা সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰা সাংবাদিক ৰহমানে।

News Next Oneৰ এই নতুন যাত্ৰাক লৈ সমানেই আশাবাদী কাৰ্যবাহী সম্পাদক ধনন্তৰি। তেওঁ কয় যে সমগ্ৰ বিশ্বতে আৰম্ভ হোৱা মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতাৰ আন্দোলনত ভাগ লৈ News Next One-এ অসমৰ সংবাদ ক্ষেত্ৰখনক ক্ষুদ্ৰকৈ হ’লেও এক নতুন গতি দিবলৈ কাম কৰি যাব। 

'বৰ্তমান অধিকাংশ লোকেই কয় যে মিডিয়া বিক্ৰী হৈ গৈছে। সাংবাদিকৰো ভোক আছে, ঘৰ-সংসাৰ আছে। ৰাইজৰ হৈ প্ৰকৃত সত্য বাতৰি পৰিৱেশন কৰাৰ পিছতো যেতিয়া সাংবাদিকে ভোকত থাকিবলগীয়া হয় তেতিয়াই বিবেক বিক্ৰী কৰা আৰু বন্ধকত থোৱাৰ পৰিৱেশ আহি পৰে। আমি আশা কৰিছো যে ৰাইজে আমাক কেতিয়াও কোনো কাৰণতে বিবেক আৰু কলম বন্ধকত থবলৈ নিদিব। সেই আশাৰ বাবেই আমি ভোক আৰু ঘৰ-সংসাৰকো আওকাণ কৰি বিবেকক মুক্ত আৰু কলমক স্বতন্ত্ৰ কৰি ৰখাৰ পণ ল’বলৈ সাহস কৰিছো।’- ৰাইজে নখ জোকাৰিলে নৈ বয় বুলি উল্লেখ কৰি সকলোকে এই যাত্ৰাত সহায়-সহযোগিতা কৰিবলৈ আহ্বান জনাই এইদৰে কয় সাংবাদিক ধনন্তৰিয়ে।

উল্লেখ্য যে যথেষ্ট সংখ্যক লোকে তৃতীয় বৰ্ষপূৰ্তি উপলক্ষে News Next One-এ আৰম্ভ কৰা এই কণ্টকময় যাত্ৰাত সহায়-সহযোগিতাৰ বাবে আগবাঢ়ি আহিছে। আনহাতে অসমৰ ভিন্ন প্ৰান্তৰ সততা আৰু মূল্যবোধত বিশ্বাসী ৫০ জনৰো অধিক স্বতন্ত্ৰ মনৰ সাংবাদিকে News Next One-ৰ এই নতুন পদক্ষেপৰ প্ৰতি সঁহাৰি জনাই স্থানীয় স্বেচ্ছাসেৱক প্ৰতিনিধি হিচাপে বাতৰি পৰিৱেশন কৰিবলৈ নিজকে সাজু কৰি তুলিছে। এনেদৰে সকলোৰে সহায়-সহযোগিতাত কণ্টকময় হ’লেও কেবাজনো যুৱ সাংবাদিকৰ একত্ৰিত প্ৰচেষ্টাত নতুন উদ্যমেৰে News Next One-এ আৰম্ভ কৰিছে এই নতুন যাত্ৰা।