একে ঠাইত একেলগে তেৰগৰাকী স্বাধীনতা সংগ্ৰামীয়ে প্ৰাণ বিসৰ্জন দিয়া ঘটনা। এই ঘটনা সংঘটিত হৈছিল অসমৰ শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিত। কাইলৈ ঐতিহাসিক ঘটনাটোৰ ৭৮ বছৰ সম্পূৰ্ণ হ’ব যদিও শ্বহীদসকলে আজিও নাপালে ৰাষ্ট্ৰীয় স্বীকৃতি। সমগ্ৰ বিষয়টোক সামৰি সাংবাদিক নাৰায়ণ ফয়েলৰ এক প্ৰতিবেদন।


♦ ১৯৪২ চনৰ ২০ ছেপ্টেম্বৰৰ দিনা কেইবা শতাধিক লোকে সমদল কৰি গৈ ঢেকীয়াজুলি থানাৰ সমুখত উপস্থিত হৈছিল। পুলিচৰ বাধা নেওচি তেওঁলোক থানা চৌহদত প্ৰৱেশ কৰে আৰু বৃটিছৰ ইউনিয়ন জেক নমাই ত্ৰিৰংগ পতাকা উৰুৱাবলৈ অগ্ৰসৰ হয়। থানা চৌহদত প্ৰৱেশ কৰিয়েই সংগ্ৰামী মনবৰ নাথে বৃটিছৰ ইউনিয়ন জেক নমাই  ত্ৰিৰংগ পতাকা আঁৰি দিয়াৰ চেষ্টা কৰে কিন্তু বৃটিছ পুলিচ ববাহিনীয়ে প্ৰতিবাদী জনতাৰ ওপৰত  গুলীচালনা কৰে।  নিহত হয় মনবৰ নাথ। তাৰপিছতে ইজনৰ পিছত সিজনকৈ বহুলোক গুলীবিদ্ধ হয়।  

এই ঘটনাত মুঠ তেৰগৰাকী বীৰ-বীৰংগনাই মৃত্যুক সাবটি লয় আৰু দেশৰ বাবে শ্বহীদ হয়। ভাৰতৰ স্বাধীনতা আন্দোলনত ১৯৪২ চনৰ ২০ ছেপ্তেম্বৰত অবিভক্ত দৰং জিলাৰ ঢেকীয়াজুলি থানাত বৃটিছ পুলিচৰ গুলীচালনাত মনবৰ নাথ, কুমলী দেৱী, খহুলী দেৱী, মহীৰাম কোচ, তিলেশ্বৰী বৰুৱা, ৰতন কচাৰী, মনিৰাম কচাৰী, লেৰেলা কচাৰী, মংগল কুৰ্কু, সৰুনাথ চুতিয়া, দয়াল পানিকা, এজন অচিনাক্ত সাধু আৰু এজন অচিনাক্ত ভিক্ষাৰীসহ তেৰজন সংগ্ৰামীৰ মৃত্যু হৈছিল। এই ঘটনাৰ ৭৮ বছৰ সম্পূৰ্ণ হ’ল যদিও শ্বহীদসকলে ৰাষ্ট্ৰীয় স্বীকৃতি নাপালে।

উপেক্ষিত শ্বহীদ নগৰী ঢেকীয়াজুলি

সমগ্ৰ দেশৰ জনসাধাৰণে ইংৰাজৰ উপনিৱেশবাদ আৰু অপ-শাসনৰ বিৰোধিতা কৰি দেশৰ স্বাধীনতাৰ হকে ভিন্ন প্ৰান্তত প্ৰতিবাদৰ জোৱাৰ তুলিছিল৷ অবিভক্ত দৰং জিলাৰ বিভিন্ন অঞ্চলৰ জনগণেও ইংৰাজৰ উপনিৱেশবাদৰ বিৰোধিতা কৰি  মুক্ত মনেৰে ৰাজপথলৈ ওলাই আহিছিল। সংগ্ৰামী নেতা সকলৰ পিছে পিছে ডেকা-গাভৰু, পুৰুষ-মহিলা তথা অবাল-বৃদ্ধ বনিতাই দেশৰ স্বাধীনতা আন্দোলনত জড়িত হৈ ইংৰাজক ভাৰতৰ ভূমিৰ পৰা উৎখাত কৰিবলৈ আগবাঢ়ি আহিছিল৷  অবিভক্ত দৰঙৰ পথৰুঘাট, গহপুৰ, চতিয়াৰ দৰে এই ঘটনাৰ বাবে ঢেকীয়াজুলিও চিৰদিনৰ কাৰণে উজলিল স্বাধীনতা সংগ্ৰামৰ ইতিহাসত। ইতিহাসত সোণালী অধ্যায়ৰ সৃষ্টি কৰিলে৷

কিন্তু ইয়াৰ পিছতো ঢেকীয়াজুলি উপেক্ষিত হৈ থাকিল৷ ৪২'ৰ আন্দোলনৰ ঢেকীয়াজুলিৰ শ্বহীদসকলে আজিলৈকে ৰাষ্ট্ৰীয় স্বীকৃতি নাপালে৷  ঢেকীয়াজুলিবাসী ৰাইজ আৰু দল-সংগঠনৰ  উমৈহতীয়া দাবী ঢেকীয়াজুলি মহকুমা আজিলৈকে কাৰ্যকৰী নহ’ল। একে ঠাইত একেলগে তেৰগৰাকী স্বাধীনতা সংগ্ৰামীয়ে প্ৰাণ বিসৰ্জন দিয়া ঘটনা স্বাধীনতা আন্দোলনৰ ইতিহাসৰ এক বিৰল ঘটনা হিচাপে বিবেচিত হৈছে। এই ঘটনাৰ কাৰণে ঢেকীয়াজুলিক শ্বহীদ নগৰী বুলি কোৱা হৈছে। সকলোৱে মুখে মুখে শ্বহীদ নগৰী বুলি কৈ আহিছে। 

ঢেকীয়াজুলি নগৰখন কিমান আগবঢ়া?

অতীতৰ দৰং আৰু বৰ্তমানৰ শোণিতপুৰ জিলাৰ  ঢেকীয়াজুলি বিধান সভা সমষ্টি আৰু বৰছলা বিধান সভা সমষ্টিৰ প্ৰাণকেন্দ্ৰ হৈছে ঢেকীয়াজুলি নগৰ। ঢেকীয়াজুলি নগৰৰ মাজমজিয়াত ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় আৰু উপ-পঞ্জীয়কৰ কাৰ্যালয় আছে। ইয়াৰোপৰি মহকুমা স্বাস্থ্য আৰু চিকিৎসা বিষয়াৰ কাৰ্যালয়, বিদ্যুৎ বিভাগৰ সংমণ্ডল কাৰ্যালয়, কৃষি বিপনন বিভাগৰ জিলা কাৰ্যালয়,  জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সংমণ্ডল কাৰ্যালয়, পৌৰসভা কাৰ্যালয়, খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়,  শ্ৰম পৰিদৰ্শকৰ কাৰ্যালয়, আবকাৰী বিভাগৰ কাৰ্যালয়, আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়, উপ-ডাকঘৰ, কৰ বিভাগৰ কাৰ্যালয় আছে। 

বিত্তীয় প্ৰতিষ্ঠানসমূহৰ ভিতৰত ঢেকীয়াজুলিত  ৬টা ৰাষ্ট্ৰীয়কৃত বেংক আৰু দুটা ৰাজ্যিক পৰ্যায়ৰ বেংক, তিনিটা  ব্যক্তিগত খণ্ডৰ বেংক আছে। ভাৰতীয় জীৱন বীমা নিগমৰ শাখা কাৰ্যালয়ৰ লগতে  বীমা খণ্ডৰ একাধিক কোম্পানীৰ কাৰ্যালয় আছে। ঢেকীয়াজুলি নগৰত বহুবছৰ পূৰ্বে দহটা ৱাৰ্ড বিশিষ্ট পৌৰসভা গঠন হৈছে। নগৰখনৰ সোমাজেৰে ১৫নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ গৈছে। নগৰখন মাজমজিয়াত শ্বহীদ ময়দান আৰু শ্বহীদ উদ্যান আছে। ঢেকীয়াজুলি পৌৰসভাই শ্বহীদ ময়দান আৰু শ্বহীদ উদ্যানখন আটকধুনীয়াকৈ নিৰ্মাণ কৰিছে। ছহিদ মনবৰ নাথ সামুহিক চিকিৎসালয় আৰু খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰই এই অঞ্চলৰ ৰাইজক চিকিৎসা সেৱা আগবঢ়াই আহিছে। সভা-সমিতি আৰু সাংস্কৃতিক অনুষ্ঠান ৰূপায়ণৰ বাবে নগৰখনৰ হস্পিতাল ৰোডত পৌৰসভাই ত্ৰিমূৰ্তি প্ৰেক্ষাগৃহ নামেৰে বৃহৎ আকাৰৰ প্ৰেক্ষাগৃহ নিৰ্মাণ কৰি ৰাইজৰ সুবিধাৰ্থে মুকলি কৰিছে। এনে পৰিপ্ৰেক্ষিতত ঢেকীয়াজুলি নগৰ অতি ব্যস্ততাপূৰ্ণ তথা গুৰুত্বপূৰ্ণ নগৰত পৰিণত হৈছে। 

ঢেকীয়াজুলি অঞ্চলৰ ঐতিহ্যমণ্ডিত উচ্চ শিক্ষানুষ্ঠান হৈছে লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়। প্ৰথমে ঢেকীয়াজুলি মহাবিদ্যালয় নামেৰে স্থাপিত মহাবিদ্যালয়খন স্বাধীনতা সংগ্ৰামৰ অগ্ৰণী নেতা লোকনায়ক অমিয় কুমাৰ দাসৰ নামেৰে নামকৰণ কৰা হয়। অমিয় কুমাৰ দাসৰ মৃত্যুৰ পিছত মহাবিদ্যালয়খন তেওঁৰ নামেৰে নামকৰণ কৰা হৈছে। লোকনায়ক অমিয় কুমাৰ দাসদেৱৰ স্মৃতিত ধিৰাই মাজুলী গাঁৱত মধ্য ইংৰাজী বিদ্যালয়, জুলিয়া চাহ বাগিচাত উচ্চ ইংৰাজী বিদ্যালয় স্থাপন কৰা হৈছে। 

শ্বহীদ মনবৰ নাথৰ স্মৃতি যুগমীয়া কৰাৰ মানসেৰে ঢেকীয়াজুলিৰ ৩০খন বিচনাযুক্ত সামূহিক চিকিৎসালয়ৰ নাম মনৱৰ নাথ সামূহিক চিকিৎসালয় নামকৰণ কৰা হৈছে। শ্বহীদ কুমলী দেৱীৰ নামত চিকিৎসালয় স্থাপন কৰা হৈছে। শ্বহীদ মংগল কুৰ্কুৰ নামেৰে চিকিৎসালয় স্থাপন কৰা হৈছে। বৰগাঁও অঞ্চলত স্বাধীনতা সংগ্ৰামী প্ৰজাপতি  ৰিজালৰ স্মৃতিত প্ৰজাপতি উচ্চতৰ মাধ্যমিক বিদ্যালয় স্থাপিত হয়৷ চাহ বাগিচা অঞ্চলৰ পৰা আহি স্বাধীনতা সংগ্ৰামত যোগ দিয়া অৰ্জুন ঘাটোৱাৰৰ স্মৃতিত ঢেকীয়াজুলিৰ নাৰায়ণপুৰ অঞ্চল অৰ্জুন ঘাটোৱাৰ স্মৃতি মধ্য ইংৰাজী বিদ্যালয় নামেৰে এখন শিক্ষানুষ্ঠান প্ৰতিষ্ঠা লাভ কৰে। ইয়াৰ বিভিন্ন অঞ্চলত ৪২' আন্দোলনৰ শ্বহীদসকলৰ নামেৰে একাধিক চিকিৎসালয় আৰু প্ৰাথমিক বিদ্যালয় প্ৰতিষ্ঠা লাভ কৰিছে।

৪২' ৰ গণ আন্দোলনৰ ঢেকীয়াজুলিৰ ঘটনাৱলীৰ ওপৰত বহুকেইখন গ্ৰন্থ প্ৰকাশ পাইছে। ১৯৪২ৰ ঢেকীয়াজুলিৰ ঘটনাৱলীক লৈ শিক্ষাবিদ তথা প্ৰবীণ সাংবাদিক ৰমেশ চন্দ্ৰ বৰাই গ্ৰন্থ ৰচনা কৰিছে ৷ কবি-সাহিত্যিক ললিত বৰুৱা, মুক্তিযোদ্ধা ধনীৰাম নাথ, মহেশ্বৰ নাথ আৰু প্ৰয়াত লেখক-সাহিত্যিক ডিমচাদ বৰদলৈয়ে ৪২’ আন্দোলনৰ ঢেকীয়াজুলিৰ ঘটনাৰ আধাৰত  কেইবাখন গ্ৰন্থ ৰচনা কৰিছে। সেইদৰে প্ৰাক্তন বিধায়ক হিৰণ্য বৰাই ঢেকীয়াজুলিৰ ঘটনাৰ ওপৰত একাধিক প্ৰবন্ধ লিখিছে আৰু তেওঁ লিখা প্ৰবন্ধ আদি সংবাদ মাধ্যমত প্ৰকাশ পাইছে। 

প্ৰবীণ সাংবাদিক ৰমেশ চন্দ্ৰ বৰাই ৪২'ৰ আন্দোলনৰ ঢেকীয়াজুলিৰ ঘটনাকলৈ নিয়মীয়াভাৱে প্ৰবন্ধ লিখি এই ঘটনাৰ বহুল প্ৰচাৰৰ বাবে কাম কৰি আহিছে। অৱসৰপ্ৰাপ্ত অধ্যাপিকা ড: স্বাধীনতা মহন্ত, লেখক প্ৰসন্ন কুমাৰ দাস, অধ্যাপক ড: হৰিপ্ৰসাদ বৰুৱা আদিয়ে ৪২'ৰ গণ আন্দোলনৰ ঢেকীয়াজুলিৰ ঘটনাৰ ওপৰত লিখা-মেলা কৰি আহিছে। ঢেকীয়াজুলিৰ উদীয়মান নাট্যকাৰ ভাস্কৰ ডেকাৰ লগতে স্থানীয় এদল কলা-কুশলীয়ে ৪২'ৰ ঢেকীয়াজুলিৰ ঘটনাৰ আধাৰত নাট প্ৰদৰ্শন কৰি নৱ-প্ৰজন্মক এই বিৰল ঘটনাৰ বিষয়ে অৱগত কৰাৰ চেষ্টা কৰিছে। সকলোৱে এতিয়া ইয়াকে আশা কৰিছে যে ইমান বছৰে উপেক্ষিত হৈ ৰোৱা ঐতিহাসিক ঢেকীয়াজুলিয়ে এইবাৰ ৰজাঘৰীয়াৰ পৰা পাবলগীয়া মৰ্যাদা আৰু স্বীকৃতি লাভ কৰিবলৈ সমৰ্থ হ'ব। লগতে একে ঠাইত একেলগে তেৰগৰাকী স্বাধীনতা সংগ্ৰামীয়ে প্ৰাণ বিসৰ্জন দিয়া ঐতিহাসিক ঘটনাটোৱেও শীঘ্ৰেই ৰাষ্ট্ৰীয় স্বীকৃতি পাব বুলি আশা ব্যক্ত কৰিছে ঢেকীয়াজুলিবাসীয়ে।