গুৱাহাটীঃ দিল্লীৰ নিজামুদ্দিন অঞ্চলৰ তবলীগ জমাতৰ পৰা ঘুৰি আহি আত্মগোপন কৰা লোকসকলৰ বিৰুদ্ধে কঠোৰ হ’বলৈ প্ৰশাসন আৰু সমাজক আহ্বান জনাইছে প্ৰাক্তন আছু নেতা তথা সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ বৰ্তমানৰ কাৰ্যকৰী সভাপতি নুৰুল হকে। তেওঁ কয় যে যি সময়ত সমগ্ৰ বিশ্বতে কৰ’নাই ভয়াৱহ ৰূপ ধাৰণ কৰিছে সেই সময়ত সকলোৱে নিম্ন মানসিকতা, গোড়ামী আৰু অন্ধবিশ্বাস পৰিহাৰ কৰি চৰকাৰ-প্ৰশাসনক সহোযগিতা আগবঢ়োৱা উচিত।

প্ৰশাসনৰ নিৰ্দেশ পালন কৰি অসমৰ প্ৰায় ভাগ জামাত বা মছজিদ সমিতিয়ে মছজিদত সমাৱেশ বন্ধ কৰাৰ পিছতো বহিঃৰাজ্যৰ পৰা অসমলৈ আহি যিসকল লোকে এতিয়াও আত্মগোপন কৰি আছে সেইসকল লোকক সমাজৰ বাবে বিপদজনক আখ্যাও দিয়ে সংগঠনটোৰ কাৰ্যকৰী সভাপতিগৰাকীয়ে। এনে লোকসকল ক্ষমাৰ অযোগ্য বুলিও মন্তব্য কৰে হকে।

তেওঁ কয়, 'নিজামুদ্দিন মৰ্কজত অংশ লৈ অসমলৈ আহি আত্মগোপন কৰি থকাসকলে অসমীয়া জাতিক বিপদলৈ ঠেলি দিছে৷ অসমত কৰ’না ভাইৰাছ বিয়পোৱাত মুখ্য ভূমিকা গ্ৰহণ কৰাৰ সন্দেহ থকা এইসকল লোকক দায়িত্ব এৰি পলায়ন কৰা জাতীয় শত্ৰু ৰূপে অভিহিত কৰিলেও ভুল কোৱা নহয়৷ এনে লোকসকলক উপযুক্ত শাস্তি প্ৰদান কৰিবলৈ আমি চৰকাৰ-প্ৰশাসনক আহ্বান জনাইছো।’-হকে কয়।

মানৱ জাতিৰ বিপদৰ সময়ত জাতিৰ সৈতে খেলা কৰা এইসকল লোকৰ বিৰুদ্ধে ওচৰ-চুবুৰীয়াসকলকো কঠোৰ হ’বলৈ আহ্বান জনাই সংগঠনটোৰ কাৰ্যকৰী সভাপতিগৰাকীয়ে। 'অসমৰ সমূহ ইছলামধৰ্মী গাঁও, চুবুৰী তথা সমাজক মই আহ্বান জনাই কও যে আপোনালোকে জাতিৰ সন্ধিক্ষণত জাতিৰ সৈতে থিয় দিয়ক৷ নিজৰ জীৱনৰ লগতে প্ৰতিগৰাকী অসমীয়াৰ জীৱন সুৰক্ষিত কৰিবলৈ যিসকল লোকে তবলীগ পাৰ্টী আৰু বহিঃৰাজ্যৰ পৰা আহি আত্মগোপন কৰিছে সেইসকলক প্ৰথমে চিনাক্ত কৰক তাৰ পিছত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি প্ৰশাসনৰ হাতত গতাই দি পৰীক্ষা কৰাৰ লগতে কোৱাৰাইণ্টাইন কৰাৰ ব্যৱস্থা কৰক৷ অন্যথাই মহামাৰীৰ প্ৰকোপৰ পৰা কোনেও বাচি থাকিব নোৱাৰিম৷’-হকৰ আহ্বান।

অসাৱধনতাই হাজাৰ হাজাৰ মানুহৰ মৃত্যুৰ কাৰণ হ’ব পাৰে বুলিও সকীয়াই দিয়ে হকে৷ 'ব্যাধিক লুকুৱাই ৰখা কাণ্ড সভ্যসমাজৰ বাবে লজ্জাৰ বিষয় হোৱাৰ লগতে ঘাতক হৈ পৰিব৷ সেয়েহে সকলোকে এই ক্ষেত্ৰত নজৰ দিবলৈ আহ্বান জনাইছো৷ সকলো প্ৰকাৰৰ লোকক লকডাউন মানি চলাৰ লগতে সমাজিক দূৰত্ব বৰ্তাই চলিবলৈকো অনুৰোধ জনাইছো।’-আত্মগোপন কৰা লোকৰ খবৰ পালেই ওচৰ-চুবুৰীয়াসকলক প্ৰশাসনক সেই বিষয়ে তৎক্ষণাত অৱগত কৰিবলৈ আহ্বান জনাই এইদৰে কয় সংগঠনটোৰ কাৰ্যকৰী সভাপতি তথা একালৰ প্ৰাক্তন আছু নেতাগৰাকীয়ে।