মুম্বাইঃ কোনে বেছি দ্ৰুততৰ ইণ্টাৰনেট সেৱা আগবঢ়াব পাৰে-এই কথাক লৈয়ে বিতৰ্কত নামিছে দেশখনৰ আগশাৰীৰ টেলিকম কোম্পানী এয়াৰটেল আৰু ৰিলায়েঞ্চ জিঅ। কেৱল বিতৰ্কই নহয়, নিজকে দ্ৰুততম বুলি বিজ্ঞাপনত ঘোষণা কৰা এয়াৰটেলৰ বিৰুদ্ধে গোচৰ এডভাৰ্টাইজিং কাউঞ্চিলত অভিযোগো দাখিল কৰিছে জিঅ’ই৷ গ্ৰাহকক ভুৱা বিজ্ঞাপেনেৰে প্ৰবঞ্চনা কৰা বুলি এয়াৰটেলৰ বিৰুদ্ধ অভিযোগ উত্থাপন কৰিছে জিঅ’ই৷

শেহতীয়াকৈ এয়াৰটেলে প্ৰতিষ্ঠানটোৰ বিজ্ঞাপনত দেশৰ ভিতৰতে এয়াৰটেল আটাইতকৈ বেগী নেটৱৰ্ক বুলি প্ৰকাশ কৰিছিল ৷ কিহৰ ভিত্তিত এয়াৰটেলে এই বিজ্ঞাপন প্ৰকাশ কৰিছে বুলি জিঅ’ই এয়াৰটেলক প্ৰশ্ন উত্থাপন কৰিছে৷ এই সন্দৰ্ভত জিঅ’ই এডভাৰটাইছিং ষ্টেন্ডাৰ্ড কাউঞ্চিলৰ ওচৰত গোচৰ ৰুজু কৰিছে৷ 

উকালা নামৰ সংস্থাটোৱে এয়াৰটেলক ২০১৬ বৰ্ষৰ আটাইতকৈ দ্ৰুতবেগী নেটৱৰ্ক বুলি স্বীকৃতি দিছিল। কিন্তু এি কথা মানি লোৱা নাই জিঅ'ই। উকালাৰ পৰীক্ষাৰ ওপৰতে সন্দেহ ব্যক্ত কৰিছে ৰিলায়েন্স জিঅই। সেয়ে এয়াৰটেলৰ বিৰুদ্ধে এডভাৰ্টাইজিং ষ্টেণ্ডাৰ্ড কাউঞ্চিল অব ইণ্ডিয়াত অভিযোগ দাখিল কৰাৰ লগতে উকালালৈও নটিশ পঠিয়াইছে।