ডিজিটেল ডেস্কঃ বিগত বৰ্ষত দেশৰ টেলিকম জগতখনক এক বিশেষ মাত্ৰা প্ৰদান কৰিলে জিঅ’য়ে৷ কিন্তু সমগ্ৰ দেশৰ ভিতৰতে জিঅ’ৰ সৰ্বাধিক উপভোক্তা থকা ৰাজ্যকেইখনৰ বিষয়ে আপুনি অৱগত নে?

এই তিনি ৰাজ্য হৈছে অন্ধ্ৰ প্ৰদেশ, তামিলনাডু আৰু গুজৰাট৷ অন্ধ্ৰ প্ৰদেশত জিঅ’ৰ গ্ৰাহকৰ সংখ্যা হৈছে ৯.৪ মিলিয়ন৷ আনহাতে ৮.১ মিলিয়ন গ্ৰাহকে জিঅ’ ব্যৱহাৰ কৰে তামিলনাডু আৰু গুজৰাটত৷  

৩১ মাৰ্চলৈ কৰা সমীক্ষাত প্ৰকাশ পাইছে এই তথ্য৷ আপুনি আচৰিত হ’লেও উক্ত তথ্য অনুযায়ী জিঅ আটাইতকৈ কম ব্যৱহাৰ কৰা অঞ্চলটো হৈছে উত্তৰ-পূৰ্বাঞ্চল৷

কেৱল ০.৯ মিলিয়ন গ্ৰাহকেহে জিঅ’ ব্যৱহাৰ কৰে উত্তৰ-পূৰ্বাঞ্চলত৷ আনহাতে, মহাৰাষ্ট্ৰ আৰু দিল্লীত ৭.৭ মিলিয়ন গ্ৰাহক থকাৰ বিপৰীতে মুম্বাইত কেৱল ৫ মিলিয়ন লোকেহে জিঅ’ ব্যৱহাৰ কৰে৷