ফটো, ibrahim
ফটো, ibrahim

গুৱাহাটীঃ গুৱাহাটী মহানগৰীত বিভিন্ন স্থানত বাঘ ওলোৱাটো ডাঙৰ কখা নহয়৷ কেতিয়াবা কুঁৱাত পৰি থকা অৱস্থাত কেতিয়াবা ঘৰৰ ভিতৰত নতুবা কেতিয়াবা ৰাজ পথত বাঘ প্ৰত্যক্ষ কৰে ৰাইজে৷ যোৱা কেইবাটাও বছৰ বছৰ ধৰি বাঘৰ ভয়ত আতংকৰ দিন পাৰ কৰিছে ৰাইজে৷ তাৰ মাজতে দেওবাৰে মহানগৰীত ৰাইজে এটি নাহৰফুটুকী এখন বিদ্যালয়ত আবদ্ধ কৰে৷

খাদ্যৰ সন্ধানত বন অঞ্চলৰ পৰা জনাঞ্চলত নাহৰফুটুকীটোৱে শনিবাৰে নিশাৰ ভাগতে মহানগৰীৰ ধীৰেনপাৰা অঞ্চলত প্ৰবেশ কৰা বুলি প্ৰচাৰ হৈছিল৷ তাৰ পিছতে শংকিত হৈ পৰিছিল লোকসকল৷ দেওবাৰে নাহৰফুটুকীটোৱে জনবসতি এলেকাত বিচৰণ কৰাৰ লগতে চাৰিগৰাকী লোকক আক্ৰমণ কৰে৷

তাৰ পিছতে অঞ্চলটোত হুৱাদুৱা লাগে৷ ততাতৈয়াকৈ একাংশ লোকে বাঘৰ আক্ৰমণত গুৰুতৰ ভাবে আহত লোকসকলক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰে৷ চাৰিগৰাকী লোকক আক্ৰমণ কৰাৰ পিছতে একাংশ লোকে হাতে হাতে টাঙোন লৈ বাঘটোক খেদি আহে৷

তাৰ পিছতে বাঘটোৱে ধীৰেণপাৰাৰ বিষ্ণুৰাভা পথত বিচৰণ কৰে৷ কিছু সময় পিছত বহু লোক সমবেত হয়৷ নাহৰফুটুকীটোৱে সুবিধা বুজি ধীৰেণপাৰাৰ বিষ্ণুৰাভা পথৰ দাতিৰ এখন বিদ্যালয়ত প্ৰবেশ কৰে বাঘটোৱে৷ বাঘটোৱে বিদ্যালয়ত প্ৰবেশ কৰাৰ পিছতে এগৰাকী লোকে মৰসাহ কৰি বাহিৰৰ পৰা দৰ্জা বন্ধ কৰি দিয়ে৷ ফলত এটি শ্ৰেণী কোঠাত নাহৰফুটুকীটো আবদ্ধ হৈ পৰে৷

মুহূৰ্ততে এই খবৰ বনজুইৰ দৰে বিয়পি পৰাৰ লগে লগে শ-শ লোকে নাহৰফুটুকীটো প্ৰত্যক্ষ কৰিবলৈ হেতা-ওপৰা লগায়৷ স্থানীয় সচতন লোকে বাঘটো আবদ্ধ হোৱাৰ পিছতে বন বিভাগক খবৰ দিছিল যদিও বন বিভাগৰ লোক প্ৰায় তিনি ঘন্টা পলমকৈ উপস্থিত হয় উক্ত স্থানত৷