কাকপথাৰঃ নাগৰিকত্ব আইন সংশোধনী বিধেয়ক ২০১৬ৰ বিৰুদ্ধে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলতে তোলপাৰ লাগি থকা মাজতে আজি তিনিচুকীয়াৰ তিনিকোণীয়া পুখুৰীৰ সমীপৰ গোলাপ চন্দ্র আৰু ৰাজীৱ চন্দ্ৰ নাট্যমন্দিৰত আৰ এছ এছে এখন নাগৰিক সভা  আহ্বান কৰিছিল । 

বিভিন্ন দল সংগঠনে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত সমগ্ৰ অসমতে বিভিন্ন স্থানলৈ যোৱা বিজেপি নেতা  কর্মীসকলক কলা পতাকা প্ৰদৰ্শন, আদিকে ধৰি বিভিন্ন ধৰণৰ বাধাৰ সন্মুখীন হব লগা হৈ আহিছে বিজেপিৰ নেতা কৰ্মীসকল ।  আজি আৰ এছ এছৰ  নাগৰিক সভালৈ যোৱা সকলো নেতা কৰ্মীসকলক ASSU, AJYCP, KMSS, ATASU আদি বিভিন্ন সংগঠনৰ কৰ্মীসকলে বাধা প্ৰদান কৰে। 

প্ৰতিবাদকাৰীসকলে কলা পতাকা, টায়াৰ জ্বলাই প্ৰতিবাদ কৰে । ইয়াৰ মাজতে উত্তেজিত জনতাই আৰ এছ এছৰ নাগৰিক সভালৈ অহা কৰ্মীক ইটা, শিলগুটি আদি দলিয়াই খেদি পঠিওৱা পৰিলক্ষিত হয়। ইয়াৰ ফলত  আহত হয় বিজেপি তিনিচুকীয়া জিলা সমিতিৰ সভাপতি লক্ষেশ্বৰ মৰাণ । তেখেত বৰ্তমান তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে । উল্লেখযোগ্য যে, উক্ত ঘটনাটো নিয়ন্ত্রণ কৰিবলৈ যোৱা আৰক্ষীৰ লগত উত্তেজিত জনতাৰ  হতাহাতি হোৱাত এজন আৰক্ষী জোৱানো আহত হ’বলগীয়া হয় ।