গুৱাহাটীঃ তিনিচুকীয়াত পূৰ্ণ গতিত চলিছে ডায়েৰীয়া নিয়ন্ত্ৰণ পষেক উদযাপনৰ প্ৰস্তুতি ৷ এই অনুযায়ী বুধবাৰে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ তিনিচুকীয়া গোটৰ উদ্যোগত জিলাখনৰ জি এন এম প্ৰশিক্ষণ কেন্দ্ৰত ডায়েৰীয়া নিয়ন্ত্ৰণ পষেক উদযাপনৰ প্ৰতি লক্ষ্য ৰাখি জিলাখনৰ বহু সংখ্যক স্বাস্থ্য কৰ্মীক জিলা পৰ্যায়ত প্ৰশিক্ষণ প্ৰদান কাৰ্যসূচী অনুষ্ঠিত হয় ৷

স্বাস্থ্য বিভাগৰ অতিৰিক্ত উপায়ুক্ত পাৰ্থ প্ৰতীম বৈৰাগীৰ উপস্থিতিত জ্যেষ্ঠ চিকিৎসক ডা: পাৰ্থ গগৈয়ে  ডায়েৰীয়া নিয়ন্ত্ৰণ পষেক সন্দৰ্ভত  প্ৰশিক্ষণ প্ৰদান কৰে৷  উল্লেখ্য যে অহা ১২-২৪জুনলৈ জিলাখনত অনুষ্ঠিত হ'বলগীয়া এই পষেকত সমূহ আশা কৰ্মীয়ে ৫বছৰ বয়সৰ অনুৰ্দ্ধৰ সকলো শিশুক অ' আৰ এছ আৰু জিংক টেবলেট বিনামূলীয়াকৈ বিতৰণৰ লগতে ডায়েৰীয়া প্ৰতিহত কৰিবৰ বাবে সজাগতাৰ সৃষ্টি কৰিব৷

ইয়াৰে অংশ হিচাপে আজিৰ প্ৰশিক্ষণ কাৰ্যসূচীত  বিভিন্ন পৰিকল্পনাৰ লগতে কেতবোৰ কাৰ্যপন্থা গ্ৰহণ কৰা হয় ৷ জিলাখনত এই ডায়েৰীয়া নিয়ন্ত্ৰণ পষেক সাফল্যমণ্ডিত কৰি তুলিবলৈ সমাজ কল্যাণ, শিক্ষা, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ লগতে আটাইৰে সহযোগিতা কামনা কৰিছে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ তিনিচুকীয়া গোটৰ সমূহ
কৰ্মচাৰীয়ে৷