ডিজিটেল ডেস্কঃ কোনো এলা-পেচা দেশ নহয়, আমেৰিকাৰ দৰে চুপাৰ পাৱাৰ দেশৰ ৰাষ্ট্ৰপতিৰ কন্যা ইভানকা ট্ৰাম্প। ভাৰত ভ্ৰমণলৈ অহা ইভনকাৰ পিছে পিছে দৌৰিছে শ-শ নিৰাপত্তাৰক্ষীৰ লোক। তেওঁৰ নিৰাপত্তাৰ বাবে গঢ়ি তোলা হৈছে বিশেষ ব্যৱস্থা।

দেশখনৰ প্ৰথম নাগৰিক ট্ৰাম্পৰ দুহিতা বৰ্তমানে উপস্থিত আছে ভাৰতবৰ্ষত। হায়দৰাবাদত অনুষ্ঠিত হোৱা বিশ্ব উদ্যমিতা সন্মিলন২০১৭ত অংশগ্ৰহণৰ বাবে আমেৰিকাৰ প্ৰতিনিধি হৈ আহিছে এইগৰাকী সুন্দৰী ট্ৰাম্প কন্যাই।

বৰ্তমানে সমগ্ৰ বিশ্বতে পিতৃৰ পৰিচয়েৰে চৰ্চিত যদিও সুন্দৰী ইভানকা ট্ৰাম্প প্ৰথমতে এগৰাকী মডেল হিচপে চৰ্চিত আছিল। নিজৰ সুন্দৰ চেহেৰা আৰু আকৰ্ষনীয় শৰীৰেৰে কেইবাখনো আগশাৰীৰ আলোচনীৰ বেটুপাতত স্থান লাভ কৰিছিল।

২০০৭ বৰ্ষত হাৰ্পৰ বাজাৰ আলোচনী, ২০০৮ত টাউন এণ্ড কান্ট্ৰী আলোচনী আদিৰ বেটুপাতত আকৰ্ষনীয় ৰূপত ফটো প্ৰকাশ পাইছিল ইভানকাৰ ফটো।

৩৫ বছৰীয়া ইভানকা বৰ্তমানে তিনিটা সন্তানৰ মাতৃ। মডেলিঙৰ জগতৰ পৰা আতৰি অহা ট্ৰাম্প কন্যাই নিজকে উদ্যমিতা তথা নাৰী অধিকাৰৰ বাবে যুজ দিয়া এগৰাকী অধিবক্তা হিচাপে জনা যায়। মঙলবাৰে ইভনকা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এখন বিশেষ সন্মিলনত হায়দৰাবাদত একেলগে উপস্থিত থকাৰ লগতে সন্মিলন খন সম্বোধন কৰিব।

টুইটাৰট ইভানকাই নিজৰ পৰিচয় 'পত্নী, মা, ভনী, কন্যা, উদ্যোমী মহিলা তথা নাৰীৰ স্বাধীনতাৰ হকে কাম কৰা অধিবক্তা’ হিচাপে লিখিছে। ১৯৮১ চনত জন্ম গ্ৰহন কৰা ইভানকা ট্ৰাম্পৰ প্ৰথমা পত্নীৰ ফালৰ কন্যা।