গুৱাহাটীঃ সৃষ্টিশীলতাই নহয়, চিন্তাশক্তিয়ো যেন লোপ পাইছে ৰাজ্যৰ পৰ্যটন বিভাগৰ। পৰ্যটনৰ ক্ষেত্ৰখনক এক নতুন মাত্ৰা প্ৰদান কৰিবলৈ গৈ বিভাগটোৱে সমগ্ৰ বিশ্বৰ সমুখত অসমক হাঁহিয়াতৰ পাত্ৰহে কৰি তুলিলে।

বিগত কিছুদিন পূৰ্বে মানদণ্ডহীন লগ'ৰ জৰিয়তে বুদ্ধিদীপ্ততা, কলাত্মক দিশত মন্দবুদ্ধিৰ পৰিচয় দি সমগ্ৰ ৰাজ্যতে কটু সমালোচনাৰ সমুখীন হোৱাৰ পিছতো মূঢ়তাৰ পৰিচয় দিবলৈ এৰা নাই বিভাগটোৱে। এইবাৰ পুনৰাই মূঢ়তাৰ পৰিচয় দি সমগ্ৰ ৰাজ্যবাসীকে জংঘলী সজালে বিভাগটোৱে।

শেহতীয়াকৈ বিভাগটোৱে মুকলি কৰা এখন প’ষ্টাৰত প্ৰিয়ংকা চোপ্ৰাৰ ফটোৰ কাষত একা-বেকা আখৰেৰ লিখি দিয়া হ’ল 'নেচ্চাৰেলী ৱাইল্ড, কিউ কী য়ে আচাম হেই’। তাৰ সৈতে সন্নিবিষ্ট কৰা হ’ল তৃতীয় শ্ৰেণীৰ ডিজাইন। ফটোখনৰ সৈতে কোনোধৰণৰ খাপ নোখোৱাকৈ দিয়া হ’ল অসমৰ সম্পদ এশিঙীয়া গঁড়ৰ ফটো। তাৰ কাষতে নাটকীয় ভংগীত অসমীয়াৰ চিন-মোকাম নথকা সাজ-পাৰত প্ৰিয়ংকা চোপ্ৰা।

এই আচহুৱা সামঞ্জস্যহীন বিজ্ঞাপনটো সম্প্ৰতি ভাইৰেল হৈ পৰিছে ছ'চিয়েল মিডিয়াত। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰচাৰ কৰিবলৈ গৈ সকলোকে জংঘলী সজোৱাক লৈ বহুতে ছ'চিয়েল মিডিয়াযোগে ক্ষোভ উজাৰিছে।

সুপৰিকল্পিতভাবে পৰ্যটন ক্ষেত্ৰখনৰ আন্তঃগাঠনি শৃংখলিত আৰু দৃঢ় নকৰি কেৱল জাকজমকতাৰ নামত জধে-মধে ৰাজহুৱা পুঁজিৰ অপচয় কৰা বিভাগটোৰ সাধাৰণ জ্ঞানৰে অভাৱ ঘটা বুলিও সৰ্বত্ৰে চৰ্চা আৰম্ভ হৈছে।

উল্লেখ্য যে বাহিৰে ৰং চং, ভিতৰি কোৱাভাতুৰী হেন বিভাগটোয়ে ডেৰ কোটি টকা শৰাধ কৰি বলীউডৰ অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাক আদৰি পৰ্যটন ক্ষেত্ৰখনৰ ব্ৰেণ্ড এম্বেছাদৰ হিচাপে নিযুক্তি দিছিল।

তৃতীয় শ্ৰেণীৰ চিনেমাৰ প’ষ্টাৰ যেন লগা এই বিজ্ঞাপনে অসমৰ পৰ্যটন খণ্ডক আগুৱাই নিয়াটো দূৰৰে কথা, নতুনকৈ গেৰুৱা বসন পিন্ধা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাতত পৰ্যটন খণ্ডৰ বেলি মাৰ যোৱাৰ বাটহে সূচল হৈ পৰিছে বুলিও বিদ্বৎ মহলে আশংকা ব্যক্ত কৰিছে।