গুৱাহাটীঃ আজি বিয়লি গুৱাহাটী প্ৰেছ ক্লাবত আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে উন্মোচন কৰে ‘এই মাটিতে’ নামৰ কথাছবি খনৰ টিভি ট্রেইলাৰ৷

গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজিত উন্মোচনী অনুষ্ঠানখনত লুৰিণজ্যোতি গগৈৰ লগতে 'এই মাটিতে'ৰ পৰিচালক ড০ সীতানাথ লহকৰ আৰু প্ৰখ্যাত লোকগীতৰ গায়িকা জিনা ৰাজকুমাৰীও উপস্থিত থাকে। ডাইনী হত্যাৰ ওপৰত নিৰ্মিত বোলছবিখনৰ আজি তৃতীয়টো টিভি ট্রেইলাৰ উন্মোচিত কৰা হয়।

অসমৰ প্ৰথমখন ডাইনী হত্যাৰ ওপৰত নিৰ্মিত পূৰ্ণ দৈৰ্ঘ্যৰ 'এই মাটিতে' বোলছবি খন ৬ অক্টোবৰত অসমৰ লগতে উত্তৰ পূৱৰ কিছুমান গুৰুত্বপূৰ্ন ঠাইত শুভ মুক্তি লাভ কৰিব।

অসমত এচাম লোকৰ নিজৰ স্বাৰ্থত কেনেদৰে ডাইনী হত্যা সমস্যাটো বৰ্তি আছে, মূলতঃ সেয়াই বোলছবি খনৰ মাধ্যমেৰে উপস্থাপন কৰিব বিছৰা হৈছে বুলি পৰিচালক ড০ সীতানাথ লহকৰে জানিবলৈ দিয়ে৷