তুলসীবাৰীঃ শনিবাৰে নিশা স্ফূৰ্তিৰে এসাজ লগে ভাগে খালে ৰাজ্য খনৰ বিভিন্ন প্ৰান্তৰ লোকে৷ তাৰ পিছতে দেওবাৰে কাহিলী পুৱাই মেজিৰ উম লৈ অপায়-অমংগল দূৰ হোৱাৰ কামনা কৰি কনিষ্ঠই ললে জ্যেষ্ঠজনৰ সেৱা৷ ঘৰে ঘৰে গৈ ইজনে-সিজনক যাচিলে ভোগালী বিহুৰ শুভেচ্ছা। ৰাইজে উলাহ-মালহেৰে ওলাই আহি জ্বলালে মেজি৷ সময়ৰ মাপকাঠিৰে অসমীয়া জনজীৱনৰ বহু হেঁপাহৰ মাঘ বিহু উৎসাহ-উদ্দীপনাৰে সৰ্বত্ৰে পালন কৰা দেখা গ’ল৷

কৃষিজীৱি প্ৰতিগৰাকী চহা কপালৰ ঘাম-মাটিত পেলাই কৃষি তথা গ্ৰাম্য জীৱন পৰিক্ৰমাৰ সৈতে নিবিড় সম্পৰ্ক জড়িত হৈ থকা লোকসকলে মাদকতা ললে ভৰপূৰ৷ এই উৎসৱে প্ৰতিজন অসমীয়াৰ মন-প্ৰাণ ৰঙীয়াল কৰি তুলিলে৷ ৰাজ্য খনৰ লাখ লাখ লোকে স্ফূৰ্তিৰে পালন কৰা দেখা যায় ৰাজ্যবাসীক৷ কিন্তু ৰাজ্য খনৰ এখন ঠাইৰ শ-শ লোকে যোৱা ২০ বছৰে মাঘ বিহু পালন কৰা নাই৷ যোৱা ২০ বছৰে উৰুকাৰ নিশা ভোজ-ভাত খোৱা নাই অঞ্চলটোৰ লোকে৷ কিয়নো আজিৰ পৰা ২০ বছৰ পূৰ্বে উৰুকাৰ নিশা ১৭গৰাকী লোকক হত্যা কৰিছিল দুৰ্বৃত্তই৷

ৰঙিয়া চহৰৰ সমীপৰ কেকেৰীকুছিত সংঘটিত হৈছিল এই ঘটনা৷ ৰঙিয়াৰ সমীপৰ বাক্সা জিলাৰ অন্তৰ্গত কেকেৰীকুছি গাঁৱৰ ৰাইজৰ সুদীৰ্ঘ বিশ বছৰে উৰুকা আহিলে কপি উঠে বুকু৷ ঢেকীৰ শব্দৰ পৰিবৰ্তে শুনিবলৈ পোৱা যায় কান্দোনৰ ৰোল৷ ১৯৯৮ চনত উৰুকাৰ নিশা গাঁওবাসীয়ে ভোগৰ উত্সৱত ব্যস্ত হৈ থকাৰ সময়তে অচিনাক্ত ঘাতকৰ নিৰ্বিচাৰ গুলীত প্ৰাণ হেৰুৱাইছিল ১৭গৰাকী থলুৱা লোকে৷ জয়মতী কলিতা, গীতাঞ্জলি কলিতা, লিপিকা কলিতা, গীতাৰাণী কলিতা, শংকৰ কলিতা, গুণাৰাম কলিতা, কূঞ্জবালা কলিতা, গীতাৰাণী কলিতা, কবিতা কলিতা, প্ৰমোদ কলিতা, ফেলেনী ভূঞা, গজেন ভূঞা, বিনা ভূঞা আৰু বলেন ভূঞাই প্ৰাণ হেৰুৱাইছিল৷

কেইবাখনো চৰকাৰ গঠন হ’ল যদিও কোনো চৰকাৰে ন্যায় দিব নোৱাৰিলে কেকেৰীকুছিবাসীক৷ যাৰ বাবে পালন নকৰে উৰুকা ৰাইজে৷ তেজেৰে ফাকু খেলা সেই নিশাৰ ইতিহাস আজিলৈ পাহৰিব পৰা নাই৷ কেকেৰীকুছি কাণ্ডই সম্পূৰ্ণ কৰিলে বিশটা বছৰ৷ কেকেৰীকুছিত মাঘ বিহু আহিলে সকলোৱে চকুলো টুকে৷ ঘাতকৰ বন্দুকৰ নিৰ্বিচাৰ গুলীত প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়ালৰ বিননি শুনিবলৈ আজি কোনো নাই৷ ইখনৰ পিছত সিখন চৰকাৰ কিন্তু এই ঘটনাৰ উচিত তদন্ত নহ’ল৷ দেওবাৰে গাঁও খনৰ ৰাইজে ভোগৰ পৰিবৰ্তে পালন কৰে শোক দিৱস৷

হত্যাকাৰীক নিপাত যোৱাৰ শাওঁ দিয়াৰ বাহিৰে যেন তেওঁলোকৰ আন পথ নাই৷ সমাধিস্থলীত সমবেত হৈ গাঁওবাসীয়ে ১৭গৰাকী লোকক স্মৰণ কৰে৷ কাৰ্যসূচীত কলিতা জনগোষ্ঠী সন্মিলনৰ যুৱ মঞ্চৰ সম্পাদক চিন্ময় পাঠককে প্ৰমুখ্যে কৰি কেইবাগৰাকী লোক উপস্থিত থাকি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ আনহাতে জাতি, মাটি ভেটিৰ কথা কৈ চৰকাৰ গঠন কৰা বিজেপি, অগপক এই ঘটনাৰ পুণৰ তদন্ত কৰি ঘাতকক চিনাক্ত কৰাৰ দাবী উত্থাপন কৰে স্থানীয় ৰাইজে৷