ডিজিটেল ডেস্কঃ কথা ভাল কওক বা বিতৰ্কিত। ছচিয়েল মিডিয়াত ট্ৰল কৰোতাৰ অভাৱ নাই। সেয়া লাগিলে উদ্দেশ্যপ্ৰণোদিত হওক, বা স্বতঃস্ফুৰ্তই হওক।

টুইটাৰত একেই অৱস্থা। আপোনাৰ যুক্তি ক’ৰবাতে পৰি থাকে, যেতিয়া ট্ৰ্লাৰে ট্ৰল টুইট কৰি আপোনাৰ মূল কথাৰ পৰা সকলোকে বিভ্ৰান্ত কৰি পেলায়। কিন্তু সেই সমস্যাকে গুৰুত্বসহকাৰে লোৱা টুইটাৰে ব্যৱস্থা কৰিছে এক নতুন ফিচ্চাৰৰ।   

এই ফিচ্চাৰৰ সৈতে আপুনি আপোনাক ফ’লো নকৰা টুইটাৰ একাউণ্টক কমেণ্ট কৰাৰ পৰা বিৰত ৰাখিব পাৰিব। তদুপৰি নতুন একাউণ্টকো কমেণ্ট কৰাৰ পৰা বিৰত ৰখাৰ বিকল্প থাকিব এই নতুন ফিচ্চাৰত।

তদুপৰি ভুৱা একাউণ্টৰ ওপৰতো নজৰ ৰাখিব টুইটাৰে। বিশেষকৈ ডিফল্ট প্ৰফাইল ফটো নথকা আৰু ইমেইল অথবা ফোন নম্বৰযোগে কনফাৰ্ম নকৰা ইউজাৰক ব্লক কৰাৰো সুবিধা আগবঢ়াব এই নতুন ফিচ্চাৰে।

তদুপৰি ভুৱা বাতৰি সংক্ৰান্তত ইউজাৰে অভিযোগ দাখিল কৰিব পৰাৰো এক বিকল্প ৰখাৰ গুণাগঁথা চলিছে টুইটাৰত। হকে-বিহকে ট্ৰল কৰা সকল এতিয়া সাৱধান।