ছিপাঝাৰাঃ ১৫ বছৰীয়া শাসন কালত শিক্ষা বিভাগৰ উন্নয়ন হোৱা বুলি কংগ্ৰেছ চৰকাৰে সংবাদ মাধ্যমৰ জড়িয়তে প্ৰশংসা বুটলিবলৈ চেষ্টা অব্যাহত ৰাখিছিল৷ টেট শিক্ষকক নিযুক্তি দিবলৈ ৰাজধানীত বৰ বৰ সভা অনুষ্ঠিত কৰি বৰ বৰ ভাষণ দিছিল কংগ্ৰেছৰ মন্ত্ৰীয়ে৷ যোৱা ২০ মাহ পূৰ্বে শাসনৰ গাদী দখল কৰা বিজেপি চৰকাৰেও চমক সৃষ্টিৰ বাবে কাম কৰি যোৱা পৰিলক্ষিত হৈছে৷ গুণোৎসৱ, টেট শিক্ষকক নিযুক্তি দি চমক সৃষ্টি কৰিছে বিজেপি চৰকাৰখনে৷

ৰাজ্যখনৰ সৰ্ব দিশৰ উন্নয়নৰ প্ৰতিশ্ৰুতি দি মিত্ৰজোঁটৰ চৰকাৰে ৰাজ্যৰ জনসাধৰণৰ পৰা ভোট লৈ শাসন ভাৰ দখল কৰিছিল অগপ, বিজেপি আৰু বিপিএপে৷ ৰাজ্যৰ বাট-পথ, বিশুদ্ধ খোৱাপানী, শিক্ষা, স্বাস্থ্য, সীমান্ত সুৰক্ষাৰ দোহাই দি গাদী দখল কৰা চৰকাৰখনৰ ২ বছৰ পাৰ হ’ল যদিও আজিলে উন্নয়নত গুৰুত্ব আৰোপ কৰা পৰিলক্ষিত নহ’ল৷ বিশেষকৈ ৰাজ্যৰ চৰকাৰী বিদ্যালয়ৰ দুখ লগা ছবিখনে সচেতন নাগৰিকক চিন্তিত কৰি তোলে৷

শিক্ষা খণ্ডক সংস্কাৰৰ বাবে ৰাজ্য চৰকাৰে সময়ে সময়ে বিভিন্ন কাৰ্যসূচী লৈ আহিছে৷ গুণোৎসৱ অনুষ্ঠিত কৰি ব্যাপক চমক সৃষ্টি কৰিছে চৰকাৰ তথা শিক্ষা বিভাগে৷ প্ৰকৃততে এনেবোৰ আঁচনিয়ে কণ কণ ছাত্ৰ-ছাত্ৰী তথা দৰিদ্ৰ-শ্ৰমিকৰ সন্তানক উপকৃত কৰিব পাৰিছে নে নাই সেয়া ৰাইজে বিচাৰ কৰাৰ সময় আহি পৰিছে৷ কিন্তু এনেবোৰ আঁচনিৰ জৰিয়তে লাখ লাখ টকা খৰছ কৰাৰ সময়তে ৰাজ্যত আজিও বহু বিদ্যালয় আছে যিবোৰ বিদ্যালয় দেখিলে স্বাধীন দেশৰ স্কুল যেন নালাগে৷

গ্ৰাম্য অঞ্চলৰ দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰা বহু বিদ্যালয়ত আজিও নাই উপয়ুক্ত শ্ৰেণীকোঠা, ডেস্ক, বেঞ্চ আদি৷ আজিও বহু বিদ্যালয়ত ব্লেক বৰ্ড এখনৰ অভাৱত শিক্ষকে পাঠদান কৰিব লগা হয়৷ এজাক বৰষুণতে বহু বিদ্যালয়ৰ চৌহদ পানীৰে ভৰি পৰে৷ গুণোৎসৱৰ দৰে কাৰ্যসূচী লোৱাৰ পূৰ্বে চৰকাৰে গ্ৰাম্য অঞ্চলৰ শিক্ষানুষ্ঠান সমূহৰ আন্তঃগাঠনি উন্নত কৰাৰ আহ্বান জনাইছিল একাংশ লোকে৷ আন্তঃগাঠনি তথা গুৰিৰ পৰা সংস্কাৰ কৰাৰ দাবী জনাইছিল৷

কিন্তু চৰকাৰে এনে লোকৰ পৰামৰ্শ গ্ৰহণ নকৰি ব্যাপক ধামখুমীয়াত গুণোৎসৱ অনুষ্ঠিত কৰে৷ এই গুণোৎসৱে স্কুল সমূহৰ সৰু সৰু সমস্যা সমূহ সমাধান কৰিব নোৱাৰিলে বুলি অভিযোগ উত্থাপন হৈছে৷ শিক্ষকক কেমেৰাৰ সন্মুখত খতিয়ান লৈ ঠাট্টা, মস্কৰা কৰা শিক্ষা মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শিক্ষা বিভাগৰ পৰিৰ্ৱতনৰ শ্ল’গান দিয়া যদিও প্ৰকৃততে শ্ল’গান সচা বুলি প্ৰমাণ নহয়। চৰকাৰী বিদ্যালয়সমূহত আজিও দেখা যায় একাধিক কেৰোণ।

তেনেই এখন বিদ্যালয় আছে দৰং জিলাৰ ছিপাঝাৰত। বিদ্যালয়খনৰ নাম হৈছে কৃষক সমবায় প্ৰাথমিক বিদ্যালয়। দেওমৰনৈ অঞ্চলৰ প্ৰাথমিক বিদ্যালয়খনত জৰাজীৰ্ণ অৱস্থাত ৬ টাকৈ শ্ৰেণী পাঠ দান কৰিব লগীয়া হৈছে দুগৰাকী শিক্ষকে। ৪৫ গৰাকী ছাত্ৰ-ছাত্ৰী থকা এই বিদ্যালয়খনত বাৰিষা আহিলেই বৰষুণ আৰু ধুমুহাৰ বাবে ছাত্ৰ-ছাত্ৰীসকল তথা শিক্ষক দুগৰাকী আতংকিত হৈ পৰে। আন্তঃগাঁঠনি উন্নয়নৰ ক্ষেত্ৰত বিয়াগোম শিক্ষা বিভাগে লোৱা নাই কোনো পদক্ষেপ।

এটি বাঁহৰ জেওৰাৰ কোঠালিতে পাঠ গ্ৰহণ কৰিবলগীয়া হৈছে ছাত্ৰ-ছাত্ৰীসকলে। বতাহ-ধুমুহা আহিলে ছাত্ৰ-ছাত্ৰীসকলে জৰাজীৰ্ণ গৃহটোক লৈ ভগৱানক কাকুতি মিনতি কৰিহে পাঠগ্ৰহণ কৰিবলগীয়া হয়। ছিপাঝাৰ শিক্ষা খণ্ডৰ এই চৰকাৰী প্ৰাথমিক বিদ্যালয়খন এনেদৰেই চলিব লগীয়া হোৱাত অভিভাৱক সকলো চিন্তিত হৈ পৰিছে।

এতিয়া এনেদেৰই চলিছে চমক সৃষ্টি কৰা মন্ত্ৰী হিমন্তৰ প্ৰাথমিক বিদ্যালয়। ব্যক্তিগত বিদ্যালয় দুৰ্বলতা থকা চৰকাৰে চৰকাৰী বিদ্যালয়ক লৈ গুৰুত্ব প্ৰদান কৰিব নে? আনহাতে পৰিৱৰ্তনৰ স্বাৰ্থত নিশাৰ ভিতৰতে দল বাগৰি পুনৰ ছিপাঝাৰৰ বিধায়ক হোৱা বিনন্দ শইকীয়াই দিছপুৰত খাই-শুই দিন পাৰ কৰিছে৷ দৰিদ্ৰ-খাটিখোৱা সন্তানৰ ছাত্ৰী-ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰা এই বিদ্যালয়খনত কেতিয়ালৈ সুদিন আহিব বুলি প্ৰশ্ন উত্থাপন কৰিছে অভিভাৱকসকলে৷