নগৰবেৰাঃ উজনি-নামনি-বৰাক উপত্যকাৰ বনজ সম্পদ ৰক্ষাৰ প্ৰতিশ্ৰুতি দি ৰাইজৰ পৰা ভোট ভিক্ষা কৰি শাসনৰ গাদী দখল কৰা ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰে বনজ সম্পদ ৰক্ষা কৰিব পাৰিছেনে৷ আজিও কাজিৰঙাৰ গঁড় আৰু ৰাজ্যৰ বিভিন্ন ঠাইত হাতীৰ মৃত্যু হৈ আছে৷ ৰাজ্যৰ বিভিন্ন ঠাইত হাতী-গঁড় হত্যা হৈ থকাৰ লগতে সেউজীয়া পাহাৰ, নৈৰ বালি কাটি আজিও ব্যৱসায় চলাই গৈছে একাংশ লোকে৷

ৰাজ্যৰ অগপ, বিজেপি আৰু বিপিএফৰ মিত্ৰ জোটৰ চৰকাৰে অবৈধ বালিৰ ব্যৱসায় তথা তথা বনজ সম্পদ ধ্বংস কৰিবলৈ হে ককালত টঙালি বান্ধিছে৷ কামৰূপ জিলাৰ বকো সমষ্টিৰ অন্তৰ্গত নগৰবেৰা মৌজাৰ নগৰবেৰাত নৈৰ বুকু খান্দি উদং কৰাৰ ঘটনাই ইয়াকে প্ৰমাণ কৰে৷ দীৰ্ঘ দিন ধৰি একাংশ লোকে দৌৰাত্ম্য অব্যাহত ৰাখিছে। নগৰবেৰৰ জলজলী নৈৰ বুকুত অবৈধ ভাৱে মুকলিকৈ বালি-ভূমি খনন কৰি ব্যৱসায় চলাই থকা দেখা গৈছে৷

বন বিভাগ লোকে সকলো দেখিওঁ নেদেখাৰ ভাও ধৰাত পুৱাৰে পৰা নিশালৈ ট্ৰেক্টৰেৰে মাটি কঢ়িয়াই নি থকা দেখা যায়৷ স্থানীয় প্ৰশাসন, আৰক্ষী, বন বিভাগ সকলোৰে চকুৰ সন্মুখেৰে নিতৌ মাটিৰ ট্ৰক্টৰ সমূহ পাৰ হয় যদিও ব্যৱস্থা গ্ৰহণ কৰা দেখা নাযায়৷ স্থানীয় ৰাইজে ৰাজহ চক্ৰ বিষয়াক ব্যৱস্থা গ্ৰহণৰ দাবী জনাই আহিছে যদিও গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন হয়৷ জলজলী নৈৰ গৰাখহনীয়াই প্ৰতিবছৰে বহু লোকক জীয়াতু ভোগাই আহিছে যদিও প্ৰশাসনে খনন ৰোধ কৰাৰ সাহস গোটাব পৰা নাই৷ নৈৰ বুকুৰ মাটি খান্দি বিক্ৰী কৰি আহিছে একাংশ লোকে৷

নিতৌ ট্ৰেক্টৰেৰে মাটি নিয়াৰ ফলত বাৰিষা স্থানীয় ৰাইজে বিপদত পৰাৰ আশংকা কৰিছে৷ খননৰ ফলত খহনীয়াৰ তাণ্ডৱ বৃদ্ধি হোৱাৰ আশংকা কৰিছে ৰাইজে৷ দুষ্ট চক্ৰই চৰকাৰী নীতি নিয়মক বুঢ়া আঙুলী দেখুৱাই যতে ততে মাটি কাটি তাণ্ডৱ অব্যাহত ৰাখিছে৷ নৈৰ পাৰৰ পলস পৰা ঠাই সমূহত মুকলিকৈ ডাম্পাৰ, ট্ৰেক্টৰ, জেচিবিৰে খনন কাৰ্য নিনে নিশাই অব্যাহত ৰাখিছে৷ স্থানীয় একাধিক ছাত্ৰ সংগঠনে নগৰবেৰা ৰাজহ চক্ৰ বিষয়াক শীঘ্ৰে নগৰবেৰা মৌজাত অবৈধ মাটি খনন বন্ধ কৰাৰ দাবী জনায়