ডিজিটেল ডেস্কঃ চুবুৰীয়া দেশ শ্ৰীলংকাৰ এটি খবৰে কপাইছে বিশ্বক৷ ১৯৮৩ চনৰ পৰা ২০০৯ চনলৈ শ্ৰীলংকাত চলা গৃহ যুদ্ধৰ এই ভয়াবহ খবৰটোৱে বিশ্বৰ সংবাদ মাধ্যমৰ লগতে মানৱ অধিকাৰ সংস্থাই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে এই ঘটনাৰ বিৰুদ্ধে সক্ৰিয় হৈ পৰে৷ ১৯৮৩ চনৰ পৰা ২০০৯ চনলৈ চলা গৃহ যুদ্ধত বন্দী সকলক অমানুষিক অত্যাচাৰ কৰাৰ খবৰ ৰাষ্ট্ৰ হোৱাত বিশ্বত চাঞ্চল্যৰ সৃষ্টি কৰে৷

ঘটনাৰ গভীৰতালৈ সোমাবলৈ বাধ্য হৈছে আন্তর্জাতিক সংবাদমাধ্যম তথা মানৱধিকাৰ সংগঠন৷ ইতিমধ্যে এই ঘটনাৰ তদন্ত কৰাৰ বাবে মানৱ অধিকাৰ সংগঠন আগবাঢ়ি আহিব বুলি জানিব পৰা গৈছে৷ শ্রীলংকাৰ গৃহযুদ্ধৰ পিছত দেশৰ নিৰাপত্তা বাহিনীৰ হাতত বন্দী হোৱ শ-শ লোকে চৰম নির্যাতনৰ সন্মুখীন হোৱাৰ ভয়াবহ স্মৃতি ৰোমন্থন কৰাৰ পিছতে হৈ-চৈৰ সৃষ্টি হৈছে বিশ্বত৷ ইতিমধ্যে এই ঘটনাৰ স্বীকাৰ হোৱা ২০ জন লোকে মুখ খুলিছে।

২০ জন লোকে মুখ খোলাৰ লগে লগে ভয়াবহ তথ্য পোহৰলৈ আহে। ১৯৮৩ চনৰ পৰা ২০০৯ পর্যন্ত দুই দশকত গৃহযুদ্ধ সম্পর্কে চাঞ্চল্যকৰ তথ্য প্ৰকাশ হোৱাৰ পিছতে আন্তর্জাতিক মানৱ অধিকাৰ সংগঠন ক্ষোভিত হয়। আন্তর্জাতিক সংবাদমাধ্যমৰ এই খবৰ বিস্তাৰিত ভাবে প্রকাশ পায়৷ নাম প্রকাশত অনিচ্ছুক একাংশ তামিল বন্দীয়ে শিহৰণকাৰী তথ্য প্ৰকাশ কৰে। তামিল পুৰুষ ওপৰত কৰা বর্বৰ অত্যাচাৰৰ চলাইছিল শ্রীলংকাৰ সেনাই। বন্দীসকলৰ সাক্ষাৎকাৰ গ্ৰহণ কৰিছে আন্তর্জাতিক সংবাদ সংস্থা এপিয়ে।

শ্ৰীলংকাৰ প্রশাসনৰ বিৰুদ্ধে ধর্ষণ আৰু যৌন অত্যাচাৰৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে তামিল পুৰুষে। শৰীৰৰ বিভিন্ন অংশেৰ ফটো প্ৰকাশ কৰি তেওঁলোকে দেখুৱাইছে নিৰ্মম ভাবে প্ৰহাৰ কৰাৰ এখন ভয়াবহ ছবি৷ বন্দীসকলৰ অধিকাংশই বর্তমান ব্রিটেইনৰ বাসিন্দা যদিও আন্তর্জাতিক সংবাদমাধ্যমত দিয়া সাক্ষাৎকাৰত এই কথা প্ৰকাশ কৰে৷ অন্ধকাৰ ঘৰত বন্দী কৰি ৰখা হৈছিল তেওলোকক। ‘২১ দিন সৰু এটা অন্ধকাৰ ঘৰত বন্দী আছিলো।

সেই সময়তেই ১২ বাৰ ধর্ষণ কৰা হৈছিল। যৌনাংগত জ্বলন্ত চিগাৰেট আৰি লোহাৰ ৰডেৰে প্ৰহাৰ কৰিছিল’৷ পুৰুষৰ লগতে মহিলা আৰু শিশুকো অত্যাচাৰ কৰিছিল সেনাই। কেতিয়াবা আৰক্ষী উপস্থিত হৈ মাৰ-ধৰ কৰিছিল৷ দক্ষিণ আফ্রিকাৰ মানৱ অধিকাৰ কর্মী পিয়াৰ্চ পিগৌৱে যি ধৰণৰ যৌন নির্যাতন কৰা হৈছে, তাতে শ্রীলংকাৰ কৰ্তপক্ষই এয়া বিকৃত মস্তিষ্ক বুলি ধৰা হৈছে বুলি কয়। আক্রান্তসকলক মানসিক আৰু শাৰীৰিক সাহায্য দিছে এই মানৱঅধিকাৰ কর্মীয়ে। সকলো অভিযোগ অস্বীকাৰ কৰিলেও তদন্তৰ বাবে মান্তি হৈছে শ্রীলংকা প্রশাসন। ইয়াৰ লগতে আন একাংশই দাবী কৰিছে, উন্নত দেশবিলাকৰ আশ্রয় পাবৰ বাবেই বহ সময়ত এনে ধৰণৰ প্ৰচাৰ কৰে বন্দীসকলে।