বঢ়মপুৰঃ নগাঁও জিলাৰ চামগুৰিৰ কঠালগুৰিত শনিবাৰে পুৱাই বন বিভাগে অভিযান চলাই এখন কাঠ ভৰ্তি ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয়৷

নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত চোৰাং কাঠ সৰবৰাহ বৈ অহা বুলি অভিযোগ উত্থাপন হৈ অহাৰ সময়তে শনিবাৰে পুৱা উদমাৰি খণ্ড বন বিষয়াৰ কাৰ্যালয়ৰ এটি দলে তীব্ৰ অভিযান চলাই ট্ৰাক খন জব্দ কৰিবলৈ সক্ষম হয়৷

অভিযানকালত চামগুৰিৰ কঠালগুৰিত জব্দ কৰা মিনি ট্ৰাক খনত কাঠখিনি চোৰাং ব্যৱসায়ীৰ বুলি সন্দেহ কৰা হৈছে৷ কাঠখিনিৰ মূল্য প্ৰায় ৫০ হাজাৰ টকা হ’ব বুলি জানিব পৰা গৈছে৷ গাড়ীখনেৰে কাঠখিনি পাৰ্কুপ পাহাৰৰ পৰা নগাঁৱৰ কোনো অজ্ঞাত স্থানলৈ নি আছিল৷