ডিজিটেল ডেস্কঃ কোনো দেশৰ মুৰব্বীয়ে প্ৰথমবাৰলৈ এছিয়া মহাদেশত একেৰাহে ১৩ দিনীয়া ভ্ৰমন কাৰ্যসূচী লৈ আহিছিল৷ সেয়া আন দেশ নহয় চুপাৰ পাৱাৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প৷ চীন আৰু উত্তৰ কোৰিয়াক মুৰৰ কামোৰণি কৰি জাপানৰ সৈতে বন্ধুত্বৰ ইতিহাত ৰচনা কৰি ৬ নৱেম্বৰত ট্ৰাম্পে জাপানত থকা আমেৰিকাৰ সেনাৰ সন্মুখত থিয় দি জোৱানৰ সকলে দেশৰ বাবে দিয়া বলিদানৰ কথা উল্লেখ কৰিছিল৷

আমেৰিকা আৰু উত্তৰ কোৰিয়াৰ মাজত বাক যুদ্ধ অব্যাহত থকাৰ সময়তে ট্ৰাম্পে এছিয়া মহাদেশত ১৩ দি অতিবাহিত কৰিবলগীয়া ঘটনাক বিশ্বৰ সংবাদ মহলে বিশেষ গুৰুত্ব প্ৰদান কৰিছে৷ উত্তৰ কোৰিয়াৰ সৈতে সামৰিক উত্তেজনা বৃদ্ধি পাই থকাৰ সময়তে ডোনাল্ড ট্ৰাম্পে প্ৰথমবাৰলৈ ১৩ দিনীয়া এছিয়া ভ্ৰমণ কাৰ্যসূচিৰে আৰম্ভণি কৰে জাপানৰ পৰা।

ৰাজধানী টকিঅ’স্থিত য়’কটোত ট্ৰাম্পৰ বিমান অৱতৰণ কৰিছিল ৬ নৱেম্বৰ দেওবাৰে। তাৰ পিছত চীন, দক্ষিণ কোৰিয়া  আদি ভ্ৰমণ কৰি বৰ্তমানে উপস্থিত হৈছে ভিয়েটনামৰ হান’ইত৷ এঘন্টা পূৰ্বে ট্ৰাম্পৰ বিমানে হান’ইত অৱতৰণ কৰে৷

ইতিমধ্যে উত্তৰ কোৰিয়াই জাপানৰ আকাশেৰে মিছাইল নিক্ষেপ কৰাত উত্তেজনাৰ সৃষ্টি হৈছিল, লগতে চাৰি দিন ধৰি ঘন কুঁৱলী থকাৰ পিছত বুধবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প তাত উপস্থিত হোৱাৰ আগে আগে অদ্ভুদ কৌশল প্ৰয়োগ কৰি ফৰকাল কৰি পেলাইছিল আকাশ৷

উল্লেখ্য যে ট্ৰাম্পৰ এয়াই প্ৰথম দীঘলীয়া ভ্ৰমন সূচী। জাপানৰ পিছত যাব দক্ষিণ কোৰিয়া, চীন, ভিয়েটনাম আৰু অন্তিম দেশ ফিলিপাইনছৰ ৰাজধানী মেনিলাত এই ভ্ৰমণৰ অন্ত পৰিব। আনহাতে এই ভ্ৰমণে বিশেষ তাৎপৰ্য বহন কৰিছে৷ যিকোনো মুহূৰ্তত যুদ্ধ হ’ব পাৰে এয়া একপ্ৰকাৰ খতাং হৈ পৰিছে৷