সন্ত্ৰাসবাদক দুৰতে বিদূৰ কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ ট্ৰাম্পৰ নতুন আদেশে আমেৰিকাত আশ্ৰয় লৈ থকা মুছলমান শৰণাৰ্থীৰ বাবে দুঃখবৰ হ’ব পাৰে৷ ইছলামিক সন্ত্ৰাসবাদ ৰোধ কৰাৰ উদ্দেশ্য আগত ৰাখি আজি ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে এখন চৰকাৰী আদেশত স্বাক্ষৰ কৰে৷ "Protection of The Nation From Foreign Terrorist Entry Into The United States" শীৰ্ষক এই আদেশৰ ফলত আমেৰিকালৈ হোৱা ইছলামিক প্ৰব্ৰজনৰ ওপৰত ৰখা হ’ব কঢ়া নজৰ। মুছলমান শৰণাৰ্থীৰ প্ৰব্ৰজন সীমিত কৰাৰ বাবে আৰু বৰ্ধিত ইছলামিক সন্ত্ৰাসবাদী কাৰ্য্যকলাপ ৰোধ কৰাৰ বাবে এই পদক্ষেপ লোৱা হৈছে বুলি ট্ৰাম্পে সদৰী কৰে৷ স্বাক্ষৰ কৰিয়ে ট্ৰাম্পে কয় যে চৰমপন্থী ইছলামিক উগ্ৰপন্থীক আমেৰিকাত দেখা পাবলৈ নিবিচাৰে বুলি মন্তব্য কৰে এসপ্তাহ পুৰ্বে ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত ট্ৰাম্পে। ৰাষ্ট্ৰপতি পদৰ শপতগ্ৰহণৰ পাছতে পেণ্টাগন যাত্ৰাৰ সময়ত এই পদক্ষেপ লয় ৰাষ্ট্ৰপতিগৰাকীয়ে৷ ‘‘আমাৰ সৈনিকে ইছলামিক সন্ত্ৰাসবাদীৰ বিৰুদ্ধে বিদেশত যুঁজ অব্যাহত ৰাখিছে৷ সেই সন্ত্ৰাসবাদক আমি আমেৰিকাত প্ৰৱেশ কৰিব নিদিও’’- এই মন্তব্য ট্ৰাম্পৰ৷ মাৰ্কিন নাগৰিকৰ সৈতে গভীৰ প্ৰেম থকাসকলকহে দেশখনলৈ আদৰণি জনোৱা হ’ব বুলি ট্ৰাম্পে ব্যক্ত কৰে৷ মাৰ্কিন সুৰক্ষা আম্তঃগাঁথনিৰ দিশত আমূল পৰিৱৰ্তন সাধনৰ বাবে স্বাক্ষৰিত এই আদেশত নতুন বিমান, নৌসেনাৰ বন্দৰ আৰু সেনাৰ লাগতিয়াল আহিলা-পাতি উন্নতকৰণ আদি সামৰি লোৱা হৈছে বুলি ট্ৰাম্পে ভাষণত উল্লেখ কৰে। ৯/১১ ৰ শ্বহীদসকলক সুঁৱৰি ট্ৰাম্পে কয় যে শ্বহীদৰ সেই ত্যাগ কেৱল কথাৰে সামৰা নহ’ব, কামেৰেহে তেওঁলোকক কৃতজ্ঞতা জ্ঞাপন কৰা হ’ব। পুৰ্বৰ চৰকাৰখনে ৯/১১ ৰ পাছত ৰাষ্ট্ৰখনত সন্ত্ৰাসবাদ দমন কৰাত বিশেষ সফলতা লাভ কৰা নাছিল বুলিও ট্ৰাম্পে উল্লেখ কৰে।