খেৰণিঃ বৃহস্পতিবাৰে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ ৭নং কপিলী সমষ্টি আৰু ৯নং আমৰেং সমষ্টিত কেইবাটাও আঁচনিৰ আধাৰশিলা স্থাপন কৰে কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙে। কাৰ্বি পৰিষদৰ ২০১৭-১৮ বৃত্তীয় বৰ্ষৰ ২ কোটি ১৪ লাখ টকা ব্যয়ৰে ৮.৫ কিঃমিঃ দৈৰ্ঘৰ খেৰণি চাৰিআলি-মাইলু সংযোগী পথ, পৰিষদীয় স্পেচিয়েল পেকেজৰ অধিনত ৯ লাখ টকাৰে জিৰিবছা-ভেটাপৰা সংযোগী পেভাৰচমেণ্ট পথ, ৫০ লাখ টকা ব্যয়ৰে লাম্বা পথাৰত বিবাহ ভৱন, ২০ লাখ টকা ব্যয় অবন্টনেৰে হাজাগফাৰত সাংস্কৃতিক ভৱন, ৩০ লাখ টকাৰে নবাইবিলত মাল্টি-ইউটিলিটি বিল্ডিং নিৰ্মাণ আৰু খেৰণি কছাৰী বস্তিত ১০ লাখ টকাৰে কমিনিউটি গৃহ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে তুলিৰাম ৰংহাঙে।

মুখ্য কাৰ্যবাহী সদস্য ৰংহাঙৰ লগতে পৰিষদৰ অধ্যক্ষ হৰেনছিং বে, কাৰ্যবাহী সদস্য জগতছিং ইংতি, পৰিষদীয় সদস্য ক্ৰমে লুনছিং টেৰণ, দৰছিং ৰংহাং, ৰামছিং তিমুং, পৱন কুমাৰ, ৰীনা তেৰাংপি, লংকি তিমুঙৰ উপৰিও গড়কাপ্তানী বিভাগৰ বিষয়া পৱন টেৰাঙ উপস্থিত থাকে। কেইবাটাও আঁচনিৰ আধাৰশিলা স্থাপন কৰি কাৰ্বি পাহাৰৰ প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলৰ ভূমিত অৰ্থাৎ প্ৰপ'জ গ্ৰেজিং ৰিজাৰ্ভত কোনো উচ্ছেদ অভিযান চলোৱা নহয় বুলি কয় ৰংহাঙে৷ কেৱল চুবুৰীয়া ৰাজ্যৰ আগ্ৰাসনত বেদখল হোৱা ভূমিত অবৈধ বেদখলকাৰীৰ বিৰুদ্ধেহে উচ্ছেদ অভিযান চলিব বুলি কয় কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে।

পাহাৰীয়া জিলাখনৰ বিভিন্ন স্থানৰ পি জি আৰ ভূমিত দীৰ্ঘদিন ধৰি বসবাস কৰি অহা লোকসকলে উচ্ছেদ অভিযানৰ বিষয়টোক লৈ কোনো কাৰণতে শংকিত আৰু চিন্তিত হ'ব নালাগে বুলিও কয় ৰাইজক। কাৰ্বি আংলঙৰ পি জি আৰ ভূমিত উচ্ছেদ অভিযান চলাৰ বুলি প্ৰচাৰ হোৱা খবৰ অপপ্ৰচাৰহে বুলি প্ৰকাশ কৰে মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে। কাৰণ কাৰ্বি পৰিষদে কাৰ্বি আংলঙৰ পি জি আৰ ভূমিত উচ্ছেদ অভিযান কৰাৰ বাবে কোনো আলোচনা বা সিদ্ধান্ত লোৱা নাই। কেৱল চুবুৰীয়া ৰাজ্যৰ আগ্ৰাসনত বেদখল হোৱা ভূমিতহে অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ অভিযানৰ কঠোৰ সিদ্ধান্ত লৈছে বুলি কয় ৰংহাঙে।