গুৱাহাটীঃ বিজেপিৰ সাংসদ মিনাক্ষী লেখিয়ে টুইট যোগে কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীক ইতিকিং কৰে৷ কংগ্ৰেছৰ নেতা-কৰ্মী তথা ৰাহুল গান্ধীয়ে পঞ্জাৱ নেচ’নেল বেংকৰ ১২,০০০ কোটি টকীয়া কেলেংকাৰী সন্দৰ্ভত শাসকীয় বিজেপি দলক তীব্ৰ আক্ৰমণৰ লক্ষ্য কৰি লৈছিল৷ 

যাৰৱ বাবে বিজেপি দল চৰকাৰক তীব্ৰ ছাপত পৰিছিল৷ কিন্তু ছবিখন হঠাৎ সলনি হ’ল৷ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা পি চিদাম্বৰমৰ পুত্ৰ কাৰ্তি চিদাম্বৰমকক চিবিআইয়ে দুৰ্নীতিৰ গোচৰত আটক কৰাৰ পিছতেই এইবাৰ আক্ৰমণাত্মক হৈ পৰে বিজেপি৷

দুদিন পূৰ্বলৈকে কংগ্ৰেছীয়ে বিজেপিৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰিছিল যদিও এইবাৰ বিজেপিৰ আক্ৰমণৰ লক্ষ্য হৈ পৰিছে কংগ্ৰেছ৷ তাৰ মাজতে ৰাহুল গান্ধীয়ে মোমাৰ ফালৰ আইতাক খবৰ লবলৈ যাব ইটালীলৈ৷ সময়ৰ সুৱৰ্ণ সুযোগ লৈ সাংসদ মিনাক্ষী লেখিয়ে ‘‘ৰাহুল কৌ নানী য়াদ আ গেয়ী’’ বুলি আক্ৰমণ কৰি ইতিকিং কৰে ৰাহুল গান্ধীক৷ লেখীয়ে কয় কাৰ্তিৰ গ্ৰেপ্তাৰে আইতাকৰ কথা মনত পেলাই দিলে ৰাহুল গান্ধীক৷

ৰোগীয়া আইতাকৰ খবৰ লবলৈ যোৱাৰ কথা কৈ টুইট কৰাৰ পিছতেই লেখীয়ে টুইট আক্ৰমণ কৰে ৰাহুল গান্ধীক৷ ৰাহুল গান্ধীয়ে, টুইট কৰি এনেদৰে কৈছিল ‘‘মোৰ আইত ৯৩ বছৰীয়া৷ তেওঁ বৰ ভাল মানুহ৷ হোলীৰ এনে সময়ত মই তেওৰ ওচৰত থিয় হৈ তেওঁক ছাৰপ্ৰাইজ দিব বিচাৰো৷ মই তেওঁক সাৱটি ধৰিব বিছাৰো৷ মই আৰু ধৈৰ্য্য ধৰিব নোৱাৰো৷ আপোনালোকক হোলীৰ শুভেচ্ছা৷ আনন্দৰে হোলী পালন কৰক৷’’

চিবিআইয়ে গ্ৰেপ্তাৰ কৰা প্ৰাক্তন মন্ত্ৰী পি চিদাম্বৰমৰ পুত্ৰ কাৰ্তি চিদাম্বৰমক বৃহস্পতিবাৰে দিল্লীৰ পাটিয়ালা হাউচ আদালতত হাজিৰ কৰে চিবিআইয়ে৷ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীৰ পুত্ৰ গ্ৰেপ্তাৰ পুত্ৰগৰাকীক বুধবাৰে পুৱাই লণ্ডনৰ পৰা উভটি অহাৰ পাছতেই চেন্নাই বিমানবন্দৰৰ পৰা চিবিআইয়ে গ্ৰেপ্তাৰ কৰিছিল৷

আইএনএক্স মিডিয়া গোচৰৰ তদন্ত চলি থকাৰ পিছতেই প্ৰাক্তন বিত্তমন্ত্ৰী পি চিদাম্বৰমৰ পুত্ৰ কাৰ্তি চিদাম্বৰমক গ্ৰেপ্তাৰ কৰে৷ আদালতে ৬ মাৰ্চলৈকে কাৰ্তিক চিবিআইৰ জিম্মাত দিয়ে৷ পাটিয়ালা হাউচ আদালতত হাজিৰ কৰাৰ সময়ত পিতৃ জ্যেষ্ঠ কংগ্ৰেছ নেতা পি চিদাম্বৰম আৰু মাতৃ আদালত চৌহদত উপস্থিত থাকে৷

জানিব পৰা মতে, কাৰ্তি চিদাম্বৰমৰ বিৰুদ্ধে চিবিআইয়ে দাখিল কৰা এজাহাৰৰ ভিত্তিত তদন্ত প্ৰক্ৰিয়া চলি থকাৰ সময়তে গ্ৰেপ্তাৰ হয়৷ আইএনএক্স মিডিয়া গোচৰৰ বাবে কাৰ্তি চিদাম্বৰমে ঘোচ দিয়াৰ উপৰি বিচাৰ তথ্য বিভ্ৰাত কৰাৰ অভিযোগ উত্থাপন হৈছে৷

আইএনএক্স মিডিয়া গোচৰটোত বিদেশী বিনিয়োগ প্ৰমোচন বৰ্ডৰ নিয়ম উলংঘা কৰাৰ বাবে কাৰ্তি চিদাম্বৰমক চিবিআইয়ে সোধপোচ কৰি আছিল বুলিও জানিব পৰা গৈছে৷ ইয়াৰোপৰি পি চিদাম্বৰম বিত্ত মন্ত্ৰী হৈ থকাৰ সময়ত মৰিছাছত বিদেশৰ লগত বিনিয়োগ কৰাৰ বাবে এফআইপিবিয়ে দিয়া মঞ্জুৰীৰ বিষয়টোৰ ওপৰতো আইএনএক্স মিডিয়া কৰ্তৃপক্ষক চিবিআইয়ে সোধা-পোচা অব্যাহত ৰাখিছে৷

প্ৰৱৰ্তন নিৰ্দেশালয়ে আৰোপ কৰা অনুসৰি আইএনএক্স মিডিয়াই জানিবুজিয়ে কিছু চৰ্তৰ ওপৰত ভিত্তি কৰি এফআইপিবিৰ সন্মতি অবিহনে আইএনএক্স নিউজ প্ৰাইভেট লিমিটেডৰ ওচৰত ২৬শতাংশ টকা বিনিয়োগ কৰিছিল৷ 

য’ত বিদেশী বিনিয়োগকাৰীও জড়িত হৈ আছিল৷ বিদেশী বিনিয়োগৰ বাবে এফআইপিবিয়ে অনুমতি প্ৰদান কৰা ৪.৬২ কোটি টকাৰ বিপৰীতে আইএনএক্স নিউজ প্ৰাইভেট লিমিটেডে ৩০৫ কোটি টকা বিনিয়োগ কৰিছিল৷ শুনানী কালত কংগ্ৰেছৰ নেতা দেশৰ জ্যেষ্ঠ অধিবক্তা অভিষেক মনু সিঙভিয়ে আদালতত যুক্তি প্ৰদৰ্শন কৰে।