গোৰেশ্বৰঃ কিমান দুৰ্বিসহ হ'ব পাৰে বাৰু অঘৰী জীৱন? নিঃসংগতা, সমাজৰ বঞ্চনা আৰু দাৰিদ্ৰতাত পিষ্ট হৈ এতিয়াও মুকলি আকাশৰ তলত জীৱন যাপন কৰি আহি আহিছে বহু লোকে! ৰাজ্যত দৰিদ্রতা নাই বুলি চৰকাৰে দাবী কৰিব খোজে যদিও আজিও বহু লোকৰ নাই এখন চালি, এমুঠি অন্ন কিম্বা এখন বস্ত্ৰ।

মৌলিক অভাৱ পূৰ কৰিব নোৱাৰা বাগসা জিলাৰ গোৰেশ্বৰ চহৰৰ মুকলি আকাশৰ তলত জীৱন অতিবাহিত কৰা দুজন পুৰুষ-মহিলাই গোৰেশ্বৰবাসীৰ দৃষ্টি আকৰ্ষণ কৰিছে। চৰকাৰৰ কোনো কল্যাণমূলক আঁচনিয়ে ঢুকি নোপোৱা এনে এজন ব্যক্তি হৈছে গোৰেশ্বৰস্থিত আদৰ্শ জাতীয় বিদ্যালয়ৰ সমীপৰ সোণজুৰি দলংখনৰ তলতে নিতৌ নিজে ভাত বনাই খোৱা সঞ্জয় দাস৷

গোৰেশ্বৰ পুৰাণ বজাৰ এলেকাৰ বাসিন্দা প্ৰায় ৪৫ বছৰীয়া সঞ্জয় দাসৰ এতিয়া সকলো থাকিও একো নাই। পত্নী আৰু ২ কন্যা সন্তানেৰে এখন ঘৰ মানুহজনৰ আছিল যদিও এতিয়া অঘৰী জীৱন যাপন কৰিছে লোকজনে। তেওঁক সুধিলে উত্তৰ পোৱা যায় তেওঁক হেনো ঘৰৰ লগতে গাঁৱৰ কোনেও ভাল নাপায়।

মানসিক ভাৰসাম্য হেৰুৱাই পেলোৱা নাই যদিও নিঃসংগ মানুহজনে প্ৰায়ে কথা পাতে নিজৰ লগত। সুধিলে কয় নিজৰ ছোৱালী দুজনীৰ লগত কথা পাতিছো। আজি সিহঁতে ভাত খোৱা নাই। তেওঁ খুজি-মাগি অনা সামগ্ৰীৰে দৈনিক এটা নিৰ্দিষ্ট সময়ত নিজে ভাত বনায় আৰু প্ৰস্তুত কৰা খাদ্যখিনিৰ চাৰিটা ভাগ সাজি এটা ভাগহে গ্ৰহণ কৰে। এয়ানো কি কথা সুধিলে তেওঁ স্পষ্টকৈ কয় যে তেওঁৰ পত্নী আৰু দুগৰাকী কন্যাৰ বাবে সেই ভাগ এৰিছে। সেইখিনি সিহঁতে খাব।কিন্তু তেওঁৰ পৰিয়াল বৰ্তমান ক'ত কেনেদৰে আছে বা কি কাৰণত অঘৰী জীৱন যাপন কৰিব লগা হ’ল সেয়া জনা নাযায়।

আন এগৰাকী মহিলা যিয়ে দীৰ্ঘসময় ধৰি গোৰেশ্বৰত অঘৰী জীৱন যাপন কৰিছে তেওঁ হ'ল "পেহী"। মুখে মুখে মাতোতে নাম পালে পেহী।মহিলাগৰাকীৰ প্ৰকৃত পৰিচয় কোনোৱে নাজানে যদিও গোৰেশ্বৰ বাছ আস্থানত এটা গেৰেজৰ সন্মুখতে অতিবাহিত কৰিছে জীৱন। কোনো কোনোৰ মতে মহিলাগৰাকীৰ ঘৰ বৰপেটা জিলাৰ টিহুত।

গোৰেশ্বৰত প্ৰায় ৪ বছৰ ধৰি মুকলি আকাশৰ তলতে জীৱন নিয়াইছে। এইগৰাকী মহিলায়ো কেতিয়াও কাকো একো অসুবিধা দিয়া নাই। চহৰখনৰ হোটেল আদিৰ পৰা যি পায় তাকে গ্ৰহণ কৰে।অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ অধীনত এনে পুৰুষ-মহিলাক উদ্ধাৰ কৰি চিকিৎসা প্ৰদানৰ লগতে থকা-খোৱাৰ সুব্যৱস্থা কৰাৰ বহু আঁচনি আছে।

অসমত বহু স্বেচ্ছাসেৱী সংগঠনে  চৰকাৰৰ এই কামসমূহ চোৱা-চিতা কৰে। কিন্তু গোৰেশ্বৰত থকা এনে অঘৰী ব্যক্তিক কোনো এন জি অ'ৱে সহায় কৰিবলৈ আগবাঢ়ি অহা নাই। আনকি এই মহিলাগৰাকীৰ বিষয়ে গোৰেশ্বৰ থানাত সচেতন ব্যক্তিয়ে লিখিতভাৱে জনোৱাৰ পিছতো লোৱা নাই কোনো ব্যৱস্থা।

এইসকল লোক এনেদৰে মুকলি আকাশৰ তলত থকাটো এখন চৰকাৰৰ বাবে নহয় আমাৰ সমাজৰ বাবেও লাজৰ বিষয়। তেওঁলোকক অলপ আশ্ৰয়, এমুঠি অন্ন, এডোখৰ কাপোৰ আৰু অলপ চিকিৎসাৰ প্ৰয়োজন। হয়তো এইখিনি পালে পুনৰ এটা নতুন জীৱন ঘূৰাই পাব সমাজৰ পৰা অষ্পৃশ্য এইসকল লোকে।