Printer-friendly version

বিশেষ সংবাদঃ অৱশেষত বুধবাৰে পুৱাই খবৰটো আহিল। ড্ৰ’নে সম্ভেদ দিলে মঙলবাৰৰ পৰা বাঘজানৰ তৈলখাদৰ অগ্নিকাণ্ডত সন্ধানহীন হৈ থকা অইলৰ জৰুৰীকালীন বিভাগত কৰ্মৰত দুজনকৈ ফায়াৰ ফাইটাৰৰ মৃতদেহৰ। মৃতদেহ উদ্ধাৰ হোৱা এই কৰ্মচাৰী দুজন হৈছে দুলীয়াজনস্থিত অইল কলনীৰ বাসিন্দা তিষেশ্বৰ গোহাঁই আৰু দুৰ্লভ গগৈ। নিহত দুৰ্লভ গগৈ আছিল এজন সুদক্ষ ফুটবলাৰ আৰু অইলৰ ফুটবল দলটোৰ গলৰক্ষক।

দুজনকৈ কৰ্মচাৰী সন্ধানহীন হৈ থকাৰ কথা মঙলবাৰেই জানিব পাৰিছিল অইল কৰ্তৃপক্ষই। কিন্তু অইলৰ তৰফৰ পৰা এই কথা সম্পূৰ্ণ গোপন কৰি ৰখা হৈছিল। সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা প্ৰেছ বিবৃতিটোতো নাছিল এই ধৰণৰ কোনো কথা। প্ৰেছ বিবৃতিত কেৱল এজন কৰ্মচাৰী সামান্য পৰিমাণে আহত হোৱা বুলিহে উল্লেখ কৰিছিল অইলে।

তৈল প্ৰতিষ্ঠানটোৰ মুখপাত্ৰ ত্ৰিদিৱ হাজৰিকায়ো NNOৰ উজনি অসম ব্যুৰ’ৰ সৈতে হোৱা বাৰ্তালাপত অ’এনজিচিৰ এজন ফায়াৰ ফাইটাৰ অগ্নিকাণ্ডত আহত হোৱাৰ কথা সদৰী কৰাৰ লগতে লোকজন সংকটমুক্ত বুলি জনাইছিল। অইল আৰু অ’এনজিচিৰ কেবাজনো শীৰ্ষ বিষয়াৰ সৈতে যোগাযোগ কৰাৰ সময়তো তেওঁলোকে কোনো কৰ্মচাৰী সন্ধানহীন হৈ থকাৰ কথা জনাবলৈ অস্বীকাৰ কৰিছিল।

কিন্তু আজি পুৱাই কৰ্মচাৰী দুজনৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে অইল কৰ্তৃপক্ষই কালিৰে পৰা লোক দুজন সন্ধানহীন হৈ থকাৰ কথা গাপ দিবলৈ চেষ্টা চলোৱাতো জলজল পটপটকৈ ওলাই পৰে। এই সন্দৰ্ভত অইলৰ এজন বিষয়াৰ সৈতে যোগাযোগ কৰাত নাম প্ৰকাশ নকৰাৰ চৰ্তত কয় যে স্থানীয় লোকসকল যাতে অধিক উত্তেজিত হৈ নপৰে তাৰ বাবেই বিষয়টো সম্পৰ্কে অৱগত হ’লেও সেয়া সংবাদ মাধ্যমৰ আগত ৰাজহুৱা কৰা হোৱা নাছিল।

একাংশ স্থানীয় লোকে অগ্নিকাণ্ডত আৰু কেবাজনো লোক সন্ধানহীন হৈ থকা বুলি দাবী কৰিছে যদিও সংশ্লিষ্ট কৰ্তৃপক্ষই সেয়া অস্বীকাৰ কৰিছে। সংশ্লিষ্ট কৰ্তৃপক্ষই অস্বীকাৰ কৰিলেও স্থানীয় ৰাইজে মত প্ৰকাশ কৰি কৈছে যে জনৰোষত পৰাৰ ভয়তে অইলে পূৰ্বৰে পৰা বহু কথা এনেদৰে গোন কৰি ৰাখিবলৈ চেষ্টা চলাই আহিছে। 'তেওঁলোকে সকলো জানে। কিন্তু নকয়। নক’লে কি হ’ব? সত্যটো এদিন ওলাবই। তেওঁলোকৰ ভুলৰ বাবেই আজি আমাৰ এনে দশা।’-এজন স্থানীয় লোকৰ মন্তব্য।

জুইৰে যুঁজ দি হেৰাই গ’ল তিক্ষেশ্বৰ-দুৰ্লভ

মঙলবাৰে দুপৰীয়াৰ ভাগত বিস্ফোৰণৰ ঠিক পিছতেই দৈত্যকায় ৰূপ লৈ আকাশ ধিয়াই দাউদাউকৈ জ্বলি উঠিছিল জুই। পিছে পিছে খেদি আহিছিল লেনিহান শিখাই। লগে লগে খাদটোত দেখা দিয়া গেছ নিৰ্গমনৰ সমস্যা নাইকিয়া কৰিবলৈ চেষ্টা কৰি থকা অইল আৰু অ’এনজিচিৰ কৰ্মচাৰীৰ দলটোৱে জীৱন বচাবলৈ যিয়ে যেনেকৈ পাৰে তেনেকৈ ঘটনাস্থলী এৰিছিল।

ঘটনাটোৰ পৰা কথমপি প্ৰাণ বচাবলৈ সমৰ্থ হোৱা এজন কৰ্মচাৰীয়ে জনোৱা মতে, বাকীসকলৰ দৰে তিক্ষেশ্বৰ গোহাঁই আৰু দুৰ্লভ গগৈয়েও প্ৰাণপণে দৌৰিছিল। পিছে সন্মুখত বাট ভেটি ৰৈ আছিল দুখনকৈ গাড়ী, ৰাস্তাত পৰি আছিল তেল। ইফালে পিছে পিছে জুই। চকুৰ পচাৰতে গাড়ী দুখন জ্বলি একপ্ৰকাৰ ছাই হৈ পৰিল। উপায়হীন হৈ দুয়ো কাষতে থকা জলাশয় এটাৰ পানীত জাপ দিলে। কিন্তু পিন্ধি থকা সাজযোৰ আৰু গামবুটৰ বাবে সাঁতোৰাত অসুবিধা হ'ল। 

'মই দৌৰি দৌৰি কোনোমতে নিৰাপদ ঠাই পালো। ধোৱাবোৰৰ মাজে তেওঁলোক দুয়োজনক দেখিছিলো। দুয়ো পানীত জাপ দিলে ঠিকেই, কিন্তু এইবাৰ পানীৰ ওপৰৰেও জুই বগাই গ’ল। তাৰ পিছত আৰু একো নাজানো। জুইৰ যি শব্দ সেই শব্দত তেওঁলোকৰ মৰণকাতৰ চিঞৰ আমাৰ কাণত পৰাতো সম্ভৱ নাছিল। দুয়ো জীয়াই আছিল নে হেৰাই গ’ল সেয়াও জনাৰ উপায় নাছিল। উসঃ নোৱাৰি আৰু ভাৱিবলৈকো ভয় লাগে।’-সহকৰ্মীৰ মৃত্যু যাত্ৰা চকুৰ সমুখতে দেখা এজন কৰ্মচাৰীৰ মন্তব্য।

উল্লেখ্য যে, যোৱা ১৩-১৪ দিন ধৰি আনসকলৰ লগত দিনে নিশাই কৰ্তব্যত নিয়োজিত আছিল কালিৰ অগ্নিকাণ্ডত কৰুণ মৃত্যুক সাৱতি লোৱা তিক্ষেশ্বৰ গোহাঁই আৰু দুৰ্লভ গগৈ। সহকৰ্মী দুজন এনেদৰে হেৰাই যোৱাৰ দৃশ্য দেখিও মনৰ দুখ মনতে লৈ ভয়-শংকাৰ মাজতে ভিন্ন স্থানত চেদেলি-ভেদেলি হৈ পৰা অইলৰ জৰুৰীকালীন বিভাগৰ কৰ্মীসকল আকৌ কৰ্তব্যত নামি পৰে। 

'যিয়ে য'ত যেনেকৈ লগ হৈছে তেনেকৈ গোট বান্ধি কাম আৰম্ভ কৰিবলগীয়া হৈছে। যেনেকৈ নহওক জুই নিয়ন্ত্ৰণ কৰিব লাগে। কোনেও কাৰো খবৰ ল'ব নোৱাৰে। প্ৰকাণ্ড একুৰা দৈত্যকায় জুই, এই জুই যেনিয়েই তেনিয়ে আগুৱাই গৈছে। প্ৰচণ্ড তাপ, প্ৰচণ্ড শব্দ। নিজে থিয় দি থকা ইটো পাৰে কি হৈছে, কোন আছে একো নাজানো। যোগাযোগ কৰিবলৈকো একো সমল নাই, ফোন উলিওৱাৰ কথা ভাবিবকে নোৱাৰি। আমি কেৱল কৰি গৈছো।’-কৰ্মচাৰীজনে কয়।

'আমি সকলোৱে ভাৱি লৈছো সতীৰ্থ সকল কুশলে আছে। নেদেখাজনে চকু মেলি চাইছে। ইফালে উৰ্ধতন কৰ্তৃপক্ষই আমাক একো জনোৱা নাই। মাথো নিৰ্দেশ আহিছে, যেনেকৈ নহওক জুই নিয়ন্ত্ৰণ কৰিব লাগে, ধন-জন, জীৱন-সম্পত্তি ৰক্ষা কৰিব লাগে। আমি পৰাখিনি কৰি গৈছো। ভূতৰ ওপৰত দানহ পৰাদি জুই গাঁৱলৈ আগবাঢ়ি গ’ল।’-তিক্ষেশ্বৰ গোহাঁই আৰু দুৰ্লভ গগৈৰ সৈতে সেই সময়ত কাম কৰি থকা আন এজন কৰ্মচাৰীৰ মন্তব্য।

'আমি অসহায় হৈ পৰিছিলো। কেনেকৈ কোনফালে চাম? কি কৰিম? সকলো যতন, সকলো সাধন কম পৰিল। ইফালে মানুহবোৰ উত্তেজিত হৈ পৰিছিল। একাংশ লোকে আমাক প্ৰহাৰ কৰিবলৈ উদ্যত হ'ল। ধৰ ধৰ, মাৰ মাৰ চিঞৰ ভাহি আহিছিল। পিছত আৰক্ষী অহাত যেনিবা আমি কোনোমতে ৰক্ষা পৰিছিলো।’-এইদৰে ঘটনাস্থলীৰ বৰ্ণনা দি কঁপি উঠে কৰ্মচাৰী দুজন।