মুম্বাইঃ কৰ’না ভাইৰাছৰ ফলত উদ্ভৱ হোৱা অৰ্থনৈতিক মন্দাৱস্থাৰ প্ৰভাৱ স্পষ্ট হৈ পৰিছে এপবেছড টেক্সি সংস্থাসমূহৰ ওপৰত। প্ৰায় দুমাহ ধৰি চলা লকডাউনৰ পৰিপ্ৰেক্ষিতত এপবেছড টেক্সিৰ চলাচল বন্ধ হৈ পৰাত এতিয়া মূৰে-কপালে হাত দিবলৈ বাধ্য হৈ পৰিছে ইয়াৰ সৈতে জড়িতসকল।

এইবোৰৰ মাজতে এপবেছড টেক্সিসেৱাক ভাৰতত জনপ্ৰিয় কৰি তোলা আগশাৰীৰ কোম্পানী উবেৰৰ ৬০০ পূৰ্ণকালীন কৰ্মচাৰীয়ে হেৰুৱাবলগীয়া হৈছে সংস্থাপন। প্ৰকাশিত বাতৰি অনুযায়ী উবেৰে ইতিমধ্যে এইসকল কৰ্মচাৰীক চাকৰিৰ পৰা উলিয়াই দিয়াৰ সকলো প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিছে।

কোম্পানীৰ তৰফৰ পৰা কোৱা হৈছে যে যিসকল কৰ্মচাৰীয়ে চাকৰি হেৰুৱাইছে সেইসকলৰ অধিকাংশই ড্ৰাইভাৰ আৰু ৰাইডাৰৰ মাজত সমন্বয় স্থাপনৰ সৈতে জড়িত কৰ্মচাৰী। আন ক্ষেত্ৰৰ সৈতে জড়িত দুই-এগৰাকী কৰ্মচাৰীকো চাকৰিৰ পৰা যাবলৈ ক’বলৈ প্ৰতিষ্ঠানটো বাধ্য হৈ পৰিছে বুলিও জনাইছে।

'সমগ্ৰ বিশ্বতে আমাৰ কোম্পানীয়ে জব কাট ঘোষণা কৰিছে। কৰ’না ভাইৰাছৰ ফলত হোৱা লোকচানৰ বাবে এয়া কৰিবলৈ কোম্পানী বাধ্য হৈ পৰিছে। এই গ্ল’বেল জব কাটৰ অংশ হিচাপে ভাৰততো ৬০০ কৰ্মচাৰীক আমি বাদ দিবলগীয়া হৈছে।’-এক বিবৃতিত এইদৰে কয় উবেৰ ইণ্ডিয়া আৰু ছাউথ এছিয়াৰ মূৰব্বী প্ৰদীপ পৰমেশ্বৰমে।

'কৰ’না ভাইৰাছৰ ফলত ইতিমধ্যে আমি বৃহৎ লোকচানৰ সন্মুখীন হৈছো। অনাগত দিনত সেই লোকচান পূৰণ কৰিব পৰা যাব নে নাই সেয়া এতিয়াই কোৱাতো অসম্ভৱ হৈ পৰিছে। গতিকে আমি কৰ্মচাৰীৰ সংখ্যা অনিচ্ছাকৃতভাৱে কম কৰিবলৈ বাধ্য হৈ পৰিছো।’-উবেৰ ইণ্ডিয়াৰ মূৰব্বীগৰাকী মন্তব্য।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে এপবেছড টেক্সি সেৱা প্ৰদানকাৰী আন এটা সংস্থা অলায়ো ১৪০০ কৰ্মচাৰীক চাকৰিৰৰ পৰা অব্যাহতি দিছিল। অৱশেষত উবেৰেও এই সিদ্ধান্ত গ্ৰহণ কৰাত এতিয়া জীৱন-জীৱিকাক লৈ শংকিত হৈ পৰিছে তথ্যপ্ৰযুক্তি খণ্ডৰ সৈতে জড়িত কৰ্মচাৰীসকল। জানিব পৰা মতে, উবেৰে ৬০০ কৰ্মচাৰীক একেলগে অব্যাহতি দিয়াৰ ফলত কোম্পানীটোৰ ভাৰতত থকা কৰ্মচাৰীৰ সংখ্যা এতিয়া এক তৃতীয়াংশ হ্ৰাস পাব।