ওদালগুৰিঃ সদৌ অসম ছাত্ৰ সন্থাৰ ওদালগুৰি মহকুমা সমিতি আৰু ওদালগুৰি আঞ্চলিক সমিতিৰ উদ্যোগত সদৌ অসম ভিত্তিত দিবা-নৈশ পাতল টেনিচ ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিত হ’ব৷

অহা ৯-১১ ফেব্ৰুৱাৰীলৈকে তিনিদিনীয়া কাৰ্যসূচীৰে ওদালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ ৪০,০০০ টকা আৰু ৰানাৰ্ছআপ দলক ২০,০০০ টকা প্ৰদান কৰা হ’ব।

প্ৰতিযোগিতাত অংশগ্ৰহণৰ মাচুল ২,৫০০ টকা। ক্ৰিকেট দল সমূহে ৯৮৫৪৪০২২৮৮, ৮৬৩৮৬৫২৯৪৬, ৯৬১৩৩০৮৭৫৮ আৰু ৯৭০৬৮৫৮৪৪০ নম্বৰত যোগাযোগৰ কৰিব পাৰিব৷