অঞ্জনজ্যোতি শৰ্মা, ওদালগুৰিঃ বিগত ৩ মে'ত ওৰিশাৰ বিভিন্ন প্ৰান্তত ফনি নামৰ ধুমুহাই চলোৱা তাণ্ডৱৰ ফলত ৰাজ্যখনৰ বিভিন্ন প্ৰান্ত ক্ষতিগ্ৰস্ত হৈছিল। লগতে ক্ষতিগ্ৰস্থ হৈছিল অসম চৰকাৰ, ওৰিশা চৰকাৰ আৰু স্থানীয় ৰাইজৰ সহযোগত নিৰ্মাণ হোৱা সাংস্কৃতিক সমাজ পুৰী প্ৰকল্প।

প্ৰকল্পটোৰ বিভিন্ন অংশ কাল ধুমুহাজাকে বিধ্বস্ত কৰিছিল। প্ৰকল্পটোৰ নামঘৰ, পুথিভঁৰাল, মঞ্চ আৰু অতিথিশালাৰ টিনপাত উৰুৱাই নিয়াৰ উপৰি অতিথিশালাৰ ওপৰভাগ বেয়াকৈ ক্ষতিগ্ৰস্ত কৰিলে।

কেৱল এয়াই নহয় প্ৰকল্পটোৰ বিজুলি সংযোগ, পানী যোগান আঁচনি আৰু বাটচ'ৰাৰো যথেষ্ট ক্ষতিসাধন কৰাত প্ৰকল্পটো একপ্ৰকাৰ বিধ্বস্ত ৰূপ লয়। 

বিগত ১৯৫৮ চনত কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ প্ৰচেষ্টাত এই অনুষ্ঠানটো গঢ়ি উঠিছিল। কাল ধুমুহাজাকৰ ফলত বিধ্বস্তপ্ৰায় অৱস্থালৈ গতি কৰা অনুষ্ঠানটোৰ বাবে অসমবাসী একপ্ৰকাৰ শোকস্তব্ধ হৈ পৰিছে।

সেয়েহে বিগত ১৪ মে'ত অনুষ্ঠানটোৰ ভাৰপ্ৰাপ্ত সভাপতি নৰেশ্বৰ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত এক সভাই এক প্ৰস্তাৱ গ্ৰহণ কৰি অসমবাসী ৰাইজক এই ক্ষেত্ৰত তৎপৰ হ’বলৈ আহ্বান জনায়। 

প্ৰায় ২০-২৫ লক্ষাধিক টকাৰ সম্পত্তি বিনষ্ট হোৱাত এই বিষয়ে তদন্ত কৰি অসম আৰু ওৰিশা চৰকাৰক এক প্ৰতিবেদন দাখিলৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। অসমৰপৰা প্ৰায় ২০০০ কিল'মিটাৰ দূৰৈত গঢ় লৈ উঠা প্ৰকল্পটো পুনৰ নিৰ্মাণৰ বাবে উভয় চৰকাৰ তথা ৰাইজৰ সহযোগিতা কামনা কৰিছে প্ৰকল্পটোৰ ভাৰপ্ৰাপ্ত সভাপতি নৰেশ্বৰ ডেকা আৰু সাধাৰণ সম্পাদক বিৰেণ পাঠকে।