♦ পুৱা সপত্নীক লৈ ভোটাধিকাৰ সাব্যস্ত মন্ত্ৰী ৰিহন দৈমাৰীৰ
♦ ভোটদান কৰি বিপুল ভোটত জয়ী হোৱাৰ দাবী ইউপিপিএল প্ৰাৰ্থী প্ৰদীপ কুমাৰ দৈমাৰীৰ

ওদালগুৰিঃ বৃহস্পতিবাৰে ৰাজ্যৰে পাঁচটা লোকসভা সমষ্টি ক্ৰমে কৰিমগঞ্জ, শিলচৰ, স্বায়ত্বশাসিত জিলা, মংগলদৈ আৰু নগাঁওত অনুষ্ঠিত হয় দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচন। এই পাঁচোটা সমষ্টিত মুঠ ৫০ গৰাকী প্ৰাৰ্থীয়ে ভোট যুদ্ধত অৱতীৰ্ণ হৈছে।

ইয়াৰ ভিতৰত মংগলদৈ লোকসভা সমষ্টিত আছে মুঠ ১১ গৰাকী প্ৰাৰ্থী। এইসকলৰ ভিতৰত ভাৰতীয় জনতা পাৰ্টীৰ দিলীপ শইকীয়া, ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ ভুবনেশ্বৰ কলিতা, সৰ্ব ভাৰতীয় তৃণমূল কংগ্ৰেছৰ শুধেন্দু মোহন তালুকদাৰ, অসম জন মৰ্চাৰ আইনুল হক, ভোটাৰ্চ পাৰ্টী ইণ্টাৰনেশ্বনেলৰ গন্ধেশ্বৰ মোচাহাৰী, ভাৰতীয় গণ পৰিষদৰ বিৰেণ বাছাক, হিন্দুস্থান নিৰ্মাণ দলৰ মণিৰাম বসুমতাৰী, ছচিয়েলিষ্ট ইউনিটী চেণ্টাৰ অব্ ইণ্ডিয়া (কমিউনিষ্ট) দলৰ স্বৰ্ণলতা চলিহা, ইউপিপিএলৰ প্ৰদীপ কুমাৰ দৈমাৰীৰ লগতে আন দুগৰাকী নিৰ্দলীয় প্ৰাৰ্থী ক্ৰমে কাজি নেকিব আহমেদ আৰু জয়ন্ত কুমাৰ কলিতাই এইবেলি ৮নং মংগলদৈ লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। 

আজি অনুষ্ঠিত নিৰ্বাচনত মংগলদৈ লোকসভা সমষ্টিৰ তেইছশতকৈ অধিক ভোটকেন্দ্ৰত ১৭,৯৫,৫২৯ গৰাকী ভোটাৰৰ নাম ভোটাৰ তালিকাত সন্নিৱিষ্ট আছে। ইয়াৰে ভিতৰত জিলাখনৰ তিনিটা বিধানসভা সমষ্টি ক্ৰমে ৬৪নং পানেৰী, ৬৯নং ওদালগুৰি আৰু ৭০নং মাজবাট বিধানসভা সমষ্টিৰ মুঠ ভোটদাতাৰ সংখ্যা হ'ল ৪,৩৬,১৩৭ গৰাকী। ইয়াৰে ভিতৰত ৬৪নং পানেৰী বিধানসভা সমষ্টিৰ ২০১ টা ভোটকেন্দ্ৰত ৭৩,৭১০ গৰাকী পুৰুষ আৰু ৭০,৮৪৭ গৰাকী মহিলাসহ মুঠ ১,৪৪,৫৫৭ গৰাকী ভোটাৰ, ৬৯নং ওদালগুৰি বিধানসভা সমষ্টিৰ ১৯৩ টা ভোটকেন্দ্ৰত ৭৩,৮২৮ জন পুৰুষ আৰু ৭১,৯৯৯ গৰাকী মহিলাসহ মুঠ ১,৪৫,৮২৭ গৰাকী ভোটাৰৰ লগতে ৭০ নং মাজবাট লোকসভা সমষ্টিৰ ১৮৭ টা ভোটকেন্দ্ৰত ৭৫,১৯৩ গৰাকী পুৰুষ আৰু ৭০,৫৬০ গৰাকী মহিলাসহ মুঠ ১,৪৫,৭৫৩ গৰাকী ভোটাৰৰ নাম ভোটৰ তালিকাত সন্নিৱিষ্ট আছে। 

ইয়াৰে ভিতৰত ওদালগুৰি জিলাখনৰ জিলাখনৰ ৫৮১ টা ভোটগ্ৰহণ কেন্দ্ৰত আজি অনুষ্ঠিত হৈ যায় ভোটগ্ৰহণ। ইফালে পুৱা ৭:৪০ বজাত অসমৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী ৰিহন দৈমাৰীয়ে সপত্নীসহ গৈ ৫৩৮ নং কাঁহিবাৰী প্ৰাথমিক বিদ্যাযলয়ৰ ভোটকেন্দ্ৰত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে। 

ইয়াৰ পাছত সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত মন্ত্ৰীগৰাকীয়ে সকলো জনসাধাৰণক নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনায়। লগতে মন্ত্ৰীগৰাকীয়ে মিত্ৰজোঁটৰ প্ৰাৰ্থী দিলীপ শইকীয়াৰ জয় নিশ্চিত বুলি দাবী কৰি দেশৰ প্ৰদানমন্ত্ৰী কোন হব সেয়া জনসাধাৰণে বিচাৰ কৰিব বুলি উল্লেখ কৰে।

ইফালে পুৱা প্ৰায় ৮:১৫ বজাত ওদালগুৰিৰ কঠালগুৰিস্থিত নলবাৰী প্ৰাথমিক বিদ্যালয়ত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে মংগলদৈ লোকসভা সমষ্টিৰ ইউপিপিএলৰ প্ৰাৰ্থী প্ৰদীপ কুমাৰ দৈমাৰীয়ে। তেওঁ ভোটাধিকাৰ সাব্যস্ত কৰি সাংবাদিকৰ আগত মত ব্যক্ত কৰি বিপুল ভোটত জয়ী হোৱাৰ দাবী উত্থাপন কৰে। ইফালে বিভিন্ন স্থানত ইভিএম বিকল হোৱা সন্দৰ্ভত মন্তব্য কৰি কয় যে ইভিএমসমূহ ভালদৰে পৰীক্ষা নকৰাৰ ফলতহে এনে ধৰণৰ বিসংগতি পোহৰলৈ আহিছে।

জিলাখনৰ তিনিটা বিধান সভা সমষ্টি ক্ৰমে ৬৪নং পানেৰী, ৬৯নং ওদালগুৰি আৰু ৭০নং মাজবাট বিধানসভা সমষ্টিত পুৱা সাত বজাৰপৰা আৰম্ভ হোৱা ভোটগ্ৰহণত প্ৰথমাৱস্থাত ভোটাৰৰ উপস্থিতি সেৰেঙা আছিল। সময় পাৰ হোৱাৰ লগে লগে বৃদ্ধি পায় ভোটদানৰ হাৰ। 

সেই অনুসৰি দিনৰ ১১ বজালৈ জিলাখনৰ তিনিটা বিধানসভা সমষ্টি ক্ৰমে ৬৪নং পানেৰীত ৩৫%, ৬৯নং ওদালগুৰিত ৩২% আৰু ৭০নং মাজবাটত ৩১% আছিল ভোটদানৰ হাৰ। কিন্তু পৰৱৰ্তী সময়ত আবেলি পাঁচ বজাত ভোটগ্ৰহণৰ অন্তত এই ভোটদানৰ হাৰ ৬৪নং পানেৰীত ৭৫ শতাংশ, ৬৯নং ওদালগুৰিত ৭৪ শতাংশ আৰু ৭০নং মাজবাটত ৭৩ শতাংশলৈ বৃদ্ধি পায় যদিও ভোটাৰৰ উপস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন ভোটগ্ৰহণ কেন্দ্ৰত ভোটগ্ৰহণ প্ৰক্ৰিয়া দেৰিলৈকে হয় বুলি জানিব পৰা গৈছে।