ওদালগুৰিঃ চাহ বাগিচাৰ মালিকৰ বৰ্বৰ আক্ৰমণৰ ঘটনাৰ চাঞ্চল্য আজিও অব্যাহত আছে ৰাজ্যত৷ চাহ শ্ৰমিকৰ শোষণ-বঞ্চনাৰ বিৰুদ্ধে ওদালগুৰি জিলাত শ্ৰমিকে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ শ্ৰমিকে ৰাজ্য চৰকাৰ তথা চাহ বাগিচাৰ মালিকৰ বিৰুদ্ধে শ্ল’গান দি উত্তাল কৰি তোলে ৰাজ পথ৷ বগীধলা চাহ বাগিচাৰ শ্ৰমিকক নিজৰ প্ৰাপ্য বিচাৰি যোৱাৰ সময়ত চাব বাগিচাৰ মালিকে ১২ জনকৈ শ্ৰমিকক গুলীয়াই অাহত কৰাৰ প্ৰতিবাদত শুকুৰবাৰে ওদালগুৰিত চাহ শ্ৰমিকে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

সদৌ অসম আদিবাসী ছাত্ৰ সন্থা চমুকৈ আছাৰ ওদালগুৰি জিলা সমিতিয়ে ধৰ্ণা কাৰ্যসূচী কাৰ্যসূচী ৰূপায়ণ কৰে। ওদালগুৰি জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত কেইবাশতাধিক প্ৰতিবাদকাৰীয়ে আদিবাসীসকলক জনজাতিকৰণকে ধৰি চাহ বাগিচাৰ শ্ৰমিকসকলৰ দৈনিক মজুৰি ৩৫০ টকালৈ বৃদ্ধি কৰা, আদিবাসী চাহ শ্ৰমিকক ভূমিপট্টা প্ৰদান কৰাৰ লগতে বগীধলা চাহ বাগিচাৰ শ্ৰমিক সকলক ন্যায় প্ৰদানৰ দাবী জনায় সংগঠনটোৱে।

কেন্দ্ৰীয় চৰকাৰ হায় হায়, নৰেন্দ্ৰ মোদী মুৰ্দাবাদ, জনজাতিকৰণ আমাৰ ন্যায্য দাবী, চাহ শ্ৰমিকৰ মজুৰি ৩৫০ টকালৈ বৃদ্ধি কৰক, চাহ শ্ৰমিকক ভূমিপট্টা প্ৰদান কৰক আদি শ্ল’গানেৰে প্ৰতিবাদস্থলি উত্তাল কৰি তোলে। এক বিবৃতি যোগে সংগঠনটোৱে কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে বাৰম্বাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি আহিছে যদিও আজিলৈ জনগোষ্ঠীটোক জনজাতিৰ মৰ্যদা নকৰা বুলি কয়। আদিবাসীসকলক শীঘ্ৰে জনজাতিকৰণৰ বাবে উভয় চৰকাৰক দাবী জনায়।

ইফালে অসমৰ মাটিত যাতে নাগাৰ আগ্ৰাসন শীঘ্ৰে বন্ধ হয় আৰু অসমৰ এক ইঞ্চি মাটিও যাতে নাগালেণ্ডৰ হাতলৈ নাযাই সেই বিষয়ে চৰকাৰক দৃষ্টি ৰখাৰ দাবী জনাই সংগঠনটোৱে। ইফালে চাহ-প্ৰাক্তন চাহ শ্ৰমিক কল্যান সঞ্চলকালয়ৰ আৰ্হিত অসম ৰাজ্যিক আদিবাসী কল্যান সঞ্চলকালয় গঠনৰ বাবে চৰকাৰক আহ্বান জনায়। কাৰ্যসূচীত উপস্থিত থাকি আছাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি প্ৰদীপ নাগে বগীধলা চাহ বাগিচাৰ ঘটনাত চৰকাৰ জড়িত থকাৰ বিস্ফোৰক অভিযোগ উত্থাপিত কৰি ঘটনাত জৰিত সকলক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনায়। আহত লোকসকলক ৫ লাখ টকাকৈ ক্ষতি পূৰণ দিয়াৰ বাবে দাবী উত্থাপন কৰে।