ওদালগুৰিঃ ওদালগুৰি ক্ৰিকেট সন্থাৰ উদ্যোগত ওদালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত চলি থকা অসম প্ৰিমিয়াৰ ক্লাব ক্ৰিকেট প্ৰতিযোগিতাত বুধবাৰে মিনাৰ্ভা গিল্ড ক্ৰিকেট ক্লাবক হৰুৱাই ওদালগুৰি টাউন স্পৰ্টচ ক্লাবে। 

টচত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি মিনাৰ্ভা গিল্ড ক্ৰিকেট ক্লাবে আটাইকেইটা উইকেট হেৰুৱাই ৩৯.১ অভাৰত ১৪৬ ৰান সংগ্ৰহ কৰে। 

টাউন স্পৰ্টচৰ ৰত্নে ইচলাৰীয়ে সৰ্বোচ্চ তিনিটা উইকেট দখল কৰে। ইয়াৰ প্ৰত্যুত্তৰত ওদালগুৰি টাউন স্পৰ্টচ ক্লাবে ২৯.৪ অভাৰত ৬ টা উইকেট হেৰুৱাই ১৪৭ ৰান সংগ্ৰহ কৰে। টাউন স্পৰ্টৰ হৈ হেমন্ত বড়োৱে সৰ্বোচ্চ ৪২ ৰান সংগ্ৰহ কৰে।
 
মিনাৰ্ভা গিল্ড ক্লাবৰ হৈ ৰিপজ্যোতি দাস আৰু হেমাঙ্গ দাসে দুটাকৈ উইকেট দখল কৰে। এই জয়ৰে প্ৰতিযোগিতাখনত ক্ৰমাগত দুখন খেলত জয়ী হ’বলৈ সক্ষম হৈছে ওদালগুৰি টাউন স্পৰ্টচ ক্লাব।