প্ৰতিকী ফটো,উৎস ইন্টাৰনেট,
প্ৰতিকী ফটো,উৎস ইন্টাৰনেট

ওদালগুৰিঃ সেনা, আৰক্ষী, অৰ্ধসামৰিক বাহিনীয়ে গিজ গিজাই থকা ওদালগুৰি জিলাত চোৰৰ তাণ্ডৱ অব্যাহত আছে৷ তাৰ মজতে বুধবাৰে নিশা ওদালগুৰি চহৰৰ মাজমজিয়াত সংঘটিত হৈছে আন এক চুৰিকাণ্ড। জানিব পৰা চহৰৰ মাজ মাজিয়াৰ পৰা চোৰে লুটি নিয়ে এলচিডি টিভি, নগদ ধনসহ কেইবা লক্ষাধিক টকাৰ সোণ। ওদালগুৰি আৰক্ষী থানাৰ অন্তৰ্গত নলবাৰী গাঁৱৰ বাসিন্দা তথা ওদালগুৰি শংকৰদেৱ মিচন হাইস্কুলৰ শিক্ষক নিতু ডেকাৰ ঘৰত বুধবাৰে নিশা প্ৰায় ৯ বজাত সংঘটিত হয় চুৰিকাণ্ডৰ ঘটনা।

নিশা প্ৰায় ৮.৩০ বজাত পৰিয়ালটোৱে চহৰখনৰ মাজমজিয়াৰ এখন বিয়া আৰু পূজা খাবলৈ ওলাই গৈছিল। বিয়া-পূজা খাই পৰিয়ালটোৱে ঘৰত উপস্থিত হৈ ঘৰৰ পিছপিনৰ দৰ্জাখন খুলি থকা প্ৰত্যক্ষ কৰে। লগে লগে পৰিয়ালৰ সদস্যকেইজনে ঘৰত প্ৰৱেশ কৰি দেখে যে ভিতৰৰ সকলো সামগ্ৰী চেদেলি ভেদেলি হৈ পৰি আছে। লগতে আলমিৰাৰ দৰ্জা খুলি থকা প্ৰত্যক্ষ কৰে। চোৰে গৃহটোৰ পৰা এটা এলচিডি টিভি, নগদ বিশ হেজাৰ টকা, প্ৰায় ৪লক্ষাধিক টকাৰ গহণা লৈ উধাও হয়।

ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে ওদালগুৰি আৰক্ষীক অৱগত কৰে। আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ স্নিফাৰ ডগেৰে চুৰিকাণ্ডৰ অনুসন্ধান চলাই যদিও দুৰ্বৃত্তৰ সন্ধান উলিওৱাত ব্যৰ্থ হয়। চুৰিকাণ্ড সংঘটিত কৰি চোৰৰ দলটোৱে ঘৰটোৰ ভিতৰত এৰি থৈ যায় এটা তাচ পাতৰ পেকেট।সন্দেহ কৰা মতে চুৰিকাণ্ডৰ ঘটনা জুৱাৰীৰ দলে সংঘটিত কৰিছে। ঘৰৰগৰাকী নিতু ডেকাই ওদালগুৰি আৰক্ষী অধীক্ষকক জনোৱা বুলিও সদৰী কৰে। আৰক্ষীয়ে ঘটনাত জৰিত দুৰ্বৃত্তক শীঘ্ৰে আটক কৰিব পৰা যাব বুলি কয়। দিনৰ পোহৰত আৰক্ষীয়ে গিজগিজাই থকা চহৰখনত নিশা হ'লেই নিৰাপত্তাৰক্ষীৰ অভাৱ হোৱা পৰিলক্ষিত হয়।