Printer-friendly version

কাবুলঃ কৰ’না ভাইৰাছক লৈ সমগ্ৰ বিশ্বতে সৃৃষ্টি হৈছে এক প্ৰকাৰৰ অভাৱনীয় পৰিস্থিতি। ইমানৰ পিছতো আক্ৰমণ অব্যাহত ৰাখিছে সন্ত্ৰাসবাদীসকলে। প্ৰাপ্ত খবৰ অনুযায়ী বুধবাৰে পুৱাই আফগানিস্তানৰ ৰাজধানী কাবুলত থকা শিখসকলৰ উপাসনাগৃহ গুৰুদ্বাৰত আক্ৰমণ সংঘটিত কৰে আত্মঘাতী বোমাৰুৱে। এই ঘটনাত নিহত হৈছে ১১জনকৈ লোক।

স্থানীয় সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুযায়ী কাবুলৰ শ্বোৰ বজাৰ এলেকা থকা গুৰুদ্বাৰ আৰু ধৰমশালাক লক্ষ্য কৰি আক্ৰমণ সংঘটিত কৰে সন্ত্ৰাসবাদীসকলে। এই অঞ্চলত মূলত বাস কৰে হিন্দু আৰু শিখ সম্প্ৰদায়ৰ লোকসকলে। আফগানিস্তানৰ স্থানীয় সময় অনুযায়ী বুধবাৰে ৭.৪৫ বজাত এই আক্ৰমণ সংঘটিত হয়। আত্মঘাতী বোমাৰুৰ এজনে গুৰুদ্বাৰৰ ভিতৰত আশ্ৰয়প্ৰাৰ্থীৰ বেশত প্ৰৱেশ কৰি বিস্ফোৰণ সংঘটিত কৰে। 

দেশখনৰ চৰকাৰী মুখপাত্ৰ তাৰিক আৰিয়ানে জনোৱা মতে কেবাজনো লোকক সন্ত্ৰাসবাদীৰ দলটোৱে পণবন্দীও কৰি ৰাখিছে। এইসকলৰ মাজত কেবাজনো লোকক উদ্ধাৰ কৰিব পৰা গ’লেও এতিয়াো কেবাজনো লোক ভিতৰতে আৱদ্ধ হৈ থকাৰ আশংকা কৰা হৈছে। বিস্ফোৰণৰ পিছতে নিৰাপত্তাৰক্ষীৰ সৈতে সন্ত্ৰাসবাদীসকলে গুলীয়াগুলি আৰম্ভ কৰে বুলিো জনাইছে মুখপাত্ৰগৰাকীয়ে।

উল্লেখ্য যে কিছুদিন পূৰ্বে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ সৈতে এক বৈঠকত মিলিত হৈছিল তালিবানৰ শীৰ্ষ নেতাসকল। এই বৈঠকত তালিবানে আমেৰিকাক আফগানিস্তানৰ পৰা সেনাবাহিনীক আতৰাই নিবলৈ দাবী জনাইছিল। ইতিমধ্যে আমেৰিকাই দেশখনৰ পৰা সেনাবাহিনী স্বদেশলৈ ওভতাই দেশখন তালিবানৰ হাতত পুনৰ গতাই দিয়াৰ প্ৰস্তুতি আৰম্ভ হৈছে বুলি জানিব পৰা গৈছে। এই পৰ্যন্ত আজিৰ ঘটনাৰ দায়িত্ব কোনো সংগঠনে স্বীকাৰ কৰা নাই যদিও তালিবান ইয়াৰ সৈতে জডিত নহয় বুলি স্পষ্ট কৰি দিছে।