Printer-friendly version

গ্ৰহাণু এটা পৃথিৱীৰ কাষেৰে পাৰ হৈ গ’ল। এই গ্ৰহাণুটোৰ খুন্দাত পৃথিৱী ধ্বংস হৈ যাব পাৰে বুলিও কোনো কোনে লোকে ছিৰিয়াছলি কথা-বতৰা পতাও দেখা গৈছিল। কেবাটাও ইউটিউব চেনেলত কোৱা হৈছিল যে গ্ৰহাণুটোৱে আহি পৃথিৱীত খুন্দা মাৰিব আৰু পৃথিৱী ২৯ এপ্ৰিলৰ দিনটোত ধ্বংস হৈ যাব। অৱশ্যে তেনেকৈ পৃথিৱী ধ্বংস হ’ব বুলি কৈ থকা জনেও শেষত তেনেধৰণৰ আৰু অধিক ভিডিঅ’ পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈকো ক’বলৈ পাহৰা নাছিল। 

কেৱল ইমানেইনে? গ্ৰহাণু পৃথিৱীৰ কাষ পোৱা দিনটোত নিশালৈ টিভি চেনেলত বাতৰি ওলাল যে উজান বজাৰৰ পৰা কোনো এজন লোকে তাৰ ভিডিঅ’ কেমেৰাৰে আৱদ্ধ কৰি ৰাখিছে। সেয়ে সম্প্ৰচাৰ হোৱা মাত্ৰকে সকলোৰে চকু থৰ হৈ ৰ’ল। পিছে উজান বজাৰৰ পৰা গ্ৰহাণু এটাৰ ভিডিঅ’ সাধাৰণ কেমেৰাৰে ধৰি ৰখাতো সম্ভৱনে? সবিশেষ লিখিছে বিজ্ঞান লেখক তথা গণিত চ’ৰা ডট কমৰ কো-ফাউণ্ডাৰ পংকজ জ্যোতি মহন্তই।


♦ অসমৰ মেপখনলৈ চালে এনে লাগে যেন অসমখনৰ আকৃতিটো Y আকৃতি। সেইদৰে গোটেই উত্তৰ-পূৰ্বাঞ্চলখনো Y আকৃতিৰ বুলি অলপ মিলাই ল’ব পাৰি। আমি সকলোৱে জানোঁ যে দেখাত ঠাল এখনৰ দৰে লগা চন্দ্ৰটো গোলাকাৰ। চন্দ্ৰটোক এটা আপেল বুলি ধৰি লৈ আমি সমানে দুফাল কৰি ল’ব পাৰোঁ। তাৰে এফাল আপেল টেবুল এখনত লৈ ঠিয় ঠিয়কৈ কাটি সমানে ৩৬০ টুকুৰা কৰি ৩৬০ জন মানুহক ভগাই দিব পাৰো। তাৰে তিনিটা টুকুৰা যদি আমি অসমখনৰ Y আকৃতিটোৰ তিনিডাল দণ্ডত এটুকুৰাকৈ বহুৱাই দিওঁ, তেন্তে গোটেই অসমখন ঢাক খাই যাব। 

কিন্তু ধৰক, আমি আপেলফাল ৩৬০ জন মানুহক ভগাই দিব বিচৰা নাই। একেদৰেই ঠিয় ঠিয়কৈ সমানে কাটি কেৱল ১০৭ জন মানুহকহে আপেলফাল ভগাই দিব বিচাৰিছোঁ। তেতিয়া, যদি তাৰে তিনিটা টুকুৰা লৈ উত্তৰ-পূৰ্বাঞ্চলখনৰ Y আকৃতিটোৰ তিনিডাল দণ্ডত এটুকুৰাকৈ বহুৱাই দিওঁ, তেন্তে গোটেই উত্তৰ-পূৰ্বঞ্চলখন ঢাক খাই যাব।

পৃথিৱীৰ আটাইতকৈ ওখ অংশটো হৈছে এভাৰেষ্ট শৃংগ। চন্দ্ৰৰ আটাইতকৈ ওখ অংশটো তাতকৈ প্ৰায় দুই কিলোমিটাৰ ওখ। সেইটো বাৰু বাদ। পৃথিৱীৰ পৰা চন্দ্ৰৰ কেৱল এফালহে সদায় দেখা যায়। এফাল মানে বিভিন্ন সময় আৰু বিভিন্ন দিশ মিলাই চন্দ্ৰ-পৃষ্ঠৰ মুঠ ৫৯ শতাংশ পৃথিৱীৰ পৰা পোনে পোনে দেখা যায়। চন্দ্ৰৰ এই গোটেই অংশটোত থকা আটাইতকৈ ডাঙৰ পৰ্বতটোৰ ফটোও মোবাইলেৰে তুলিব নোৱাৰি। 

বিবাহ-বাহৰত ফটোগ্ৰাফী কৰা কেমেৰাৰে কোনো কোনো মুকলি দিনত এভাৰেষ্ট শৃংগটোৰ ফটো তেজপুৰৰ পৰা অতি স্পষ্টকৈ তুলিব পাৰি। কিন্তু চন্দ্ৰৰ কোনো বৃহৎ পৰ্বতৰ তেনেধৰণৰ ফটো আজিলৈকে কোনোবাই দেখা পাইছেনে? কিন্তু পৃথিৱীৰ নিচেই কাষতে থকা আটাইতকৈ ডাঙৰ বস্তুটোৱেই হৈছে চন্দ্ৰ।

মহাকাশখন ইমান বিশাল যে মহাকাশৰ সম্পৰ্কে পাতি থকা অৱস্থাত “নিচেই কাষ” বুলি কোৱা কথাটোৱে কিমান বিশাল দূৰত্ব এটা বুজায় সেয়া সাধাৰণতে কল্পনা কৰা নাযায়। “পৃথিৱীৰ নিচেই কাষেৰে গ্ৰহাণু এটা পাৰ হৈ যাব” বুলি কওঁতে এনে নালাগেনে বাৰু যে আপোনাৰ ঘৰৰ ভাটি পিনে থকা ডেইলি-বজাৰখনেদি বস্তুটো পাৰহৈ যাব বা ঘৰচিৰিকা এটাৰ দৰে ঘৰৰ মুধেদি পাৰ যাব। নতুবা ঈগল এটাৰ দৰে বা প্লে’ন এখনৰ দৰে গুচি যাব, আৰু জোৰেৰে মাৰি দিয়া টেনিচ বল এটাই গাত চেলচেলনি খাই যোৱাৰ দৰে গ্ৰহাণুটোৱে আমাৰ পাহাৰ এটাত চেলচেলনি খাই পাৰ হৈ গুচি যাব। 

কিন্তু “পৃথিৱীৰ নিচেই কাষেৰে পাৰ হৈ যোৱা গ্ৰহাণুটো” যিখিনি অংশৰে পাৰ হৈ গ’ল, সেইখিনিলৈ পৃথিৱীৰ পৰা দূৰত্বটো পৃথিৱীৰ পৰা চন্দ্ৰৰ দূৰত্বৰ ১৬ গুণ। আৰু সেই গ্ৰহাণুটোৰ আকৃতি চন্দ্ৰৰ পৰ্বত এটাতকৈয়ো বহু সৰু। তেন্তে ফাঁচীবজাৰৰ পৰা মোবাইলেৰে তাৰ ফটো তোলা বুলি ক’লে কল্পনা কৰি ল’ব পাৰি যে বন্ধ খুলিলে ফাঁচিবজাৰলৈ গ’লে নিজকে নাছা বা ইছৰ’ৰ কেম্পাছত বিচৰণ কৰি থকা যেন অনুভৱ কৰিব পৰা যাব। উজান বজাৰ-ফাঁচীবজাৰৰ ছাৰ্ট-পেণ্টবোৰ হ’ব স্পেচ-চ্যুট। হাতে হাতে থকা মোবাইলবোৰ একো একোটা দূৰৱীণ। আৰু সিফালে কাণত হে’ডফোন লগাই চেনেলৰ বিভাগীয় সম্পাদকজন পোনে পোনে মহাকাশৰ আন্তঃৰাষ্ট্ৰীয় স্পে’চ ষ্টেচনৰ পৰা কথা কৈ থকা এজন বিজ্ঞানী। 

এয়া ব্যংগ যেন লাগিলেও এয়াও আমি সঁচা বুলি ধৰি ল’ব পাৰোঁ। মাথোঁ চল্লিছ বছৰৰ পাছত এয়া সঁচা হৈ যাবও পাৰে। এতিয়া কিন্তু সমূলি নহয়, এতিয়া সেইটো প্ৰচাৰ কৰাটো অশান্তিদায়কহে। আজিৰ পৰা চল্লিছ বছৰ অতীতত কেমেৰামেন এজন পোৱাটোৱেই যেনেকৈ জটিল সমস্যা আছিল, তেনেকৈ আজিৰ পৰা চল্লিছ বছৰ ভৱিষ্যতত ফাঁচীবজাৰৰ বেপাৰী বা যিকোনো এজন মানুহে হাতৰ কেমেৰাৰে ইমান দূৰৰ গ্ৰহাণুৰ ফটো লোৱাটোও সম্ভৱ হ’বগৈ পাৰে।

NNOৰ সংযোজন

উজান বজাৰৰ জনৈক ৰঞ্জীৱলাল বৰুৱা নামৰ লোক এজনে বুধবাৰে নিশা প্ৰায় ৮.৩০ বজাত গ্ৰহাণুৰ ভিডিঅ’ ধৰি ৰাখিবলৈ সমৰ্থ হোৱা বুলি উল্লেখ কৰি কেবাটাও নিউজ চেনেলে সেয়া সম্প্ৰচাৰ কৰাত অতি কম সময়ৰ ভিতৰতে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল ভিডিঅ’টো। কিন্তু উক্ত ভিডিঅ’টো গ্ৰহাণুৰ ভিডিঅ’ হ’বই নোৱাৰে বুলি স্পষ্ট কৰি দিছিল জ্যোৰ্তি বিজ্ঞানৰ সৈতে জড়িত ব্যক্তিসকলে।

অৱশেষত সচেতন মহলে কৰা দাবীয়েই সত্য প্ৰমাণিত হ’ল। বৃহস্পতিবাৰে জানিব পৰা যায় যে লোকজনে যিটো ভিডিঅ’ গ্ৰহাণুৰ বুলি সংগ্ৰহ কৰিছিল সেয়া আছিল এটি ড্ৰ’নহে। এই সন্দৰ্ভত ডি ৱাই-৩৬৫ নামৰ ছেটেলাইট চেনেলটোত জ্যেষ্ঠ সাংবাদিক লেনিন সৌৰভে যুগুত কৰা বাতৰিত কোৱা হৈছে যে ৰঞ্জীৱ নামৰ লোকজনে মোবাইল কেমেৰাৰে ধৰি ৰখা ভিডিঅ’টো প্ৰকৃততে উজান বজাৰৰ এজন লোকে আৰক্ষীৰ চকুত ধূলি দি নিশাৰ আকাশত উৰুওৱা এটা ড্ৰ’ন কেমেৰাহে।