Printer-friendly version

নিউয়ৰ্কঃ কৰ’না ভাইৰাছক লৈ আতংকিত হৈ পৰিছে সমগ্ৰ বিশ্ব। ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ অধিকাংশ দেশেই লকডাউনকে একমাত্ৰ অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছে। এই লকডাউন কেতিয়া সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ কৰিব পৰা যাব আৰু সকলো স্বাভাৱিক হৈ উঠিব সেয়া কোনোৱেই সঠিককৈ ক’ব নোৱাৰে। ইয়াৰ মাজতে ৰাষ্ট্ৰসংঘৰ পপুলেশ্যন ফাণ্ড (UNFPA) আৰু ইয়াৰ সহযোগী সংস্থাসমূহৰ সমীক্ষাত পোহৰলৈ আহিছে এক উদ্বেগজনক খবৰ।

সংস্থাটোৰ দাবী কৰিছে যে লকডাউনৰ সময়ছোৱাত বজাৰৰ পৰা হঠাৎ অন্তৰ্ধান হৈছে অত্যাধুনিক মানৰ গৰ্ভনিৰোধক (কণ্ট্ৰাছেপ্টিভ পিল) আৰু কনডম। ইয়াৰ ফলত উন্নয়নশীল আৰু অনুন্নত দেশসমূহত অন্তত ৪ কোটি ৭০ লাখ মহিলাই এইধৰণৰ অত্যাধুনিক গৰ্ভনিৰোধক ব্যৱহাৰৰ পৰা বঞ্চিত হৈছে। ফলত অনাগত কেইমাহমানৰ ভিতৰত এনে দেশসমূহত অতি কমেও ৭০ লাখ মহিলাই অনিচ্ছাকৃত মাতৃত্বৰ চিকাৰ হ’ব পাৰে বুলি শংকা ব্যক্ত কৰিছে ৰাষ্ট্ৰসংঘৰ উক্ত সংস্থাটোৱে।

অনহাতে এনে কম আৰু মধ্যম আয়ৰ দেশসমূহৰ মহিলাসকলে পৰিয়াল কল্যাণ কাৰ্যসূচীত লকডাউনৰ ফলত ভাগ ল’ব নোৱৰাত অনিচ্ছাকৃত মাতৃত্বৰ চিকাৰ হ’বলৈ আগবঢ়াৰ লগতে পূৰ্বতকৈ অধিক হাৰত গাৰ্হস্থ্য হিংসাৰো বলি হ’বলগীয়া হৈছে। সমীক্ষাত কোৱা হৈছে যে, লকডাউনৰ পূৰ্বে বিশ্বৰ কম আৰু মজলীয়া আয়ৰ ১১৪ খন দেশৰ প্ৰায় ৪৫ কোটি মহিলাই নিয়মিতভাৱে গৰ্ভনিৰোধক ব্যৱহাৰ কৰিছিল। 

এই সমীক্ষা সম্পন্ন কৰাত UNFPAক সহযোগিতা আগবঢ়াইছে আমেৰিকাৰ জন্স হপকিন্স বিশ্ববিদ্যালয়, এভেনিৰ হেলথ আৰু অষ্ট্ৰেলিয়াৰ ভিক্ট’ৰিয়া বিশ্ববিদ্যালয়ে। সমীক্ষা সম্পন্ন কৰা বিশেষজ্ঞসকলৰ মতে, সমগ্ৰ বিশ্বতে অব্যাহত থকা কৰ’না ভাইৰাছৰ সংক্ৰমণৰ ধ্বংসাত্মক প্ৰভাৱ অধিক স্পষ্ট হৈ পৰিছে মহিলা আৰু কিশোৰীসকলৰ ওপৰত। 

লকডাউনৰ সময়ছোৱাত দেশে দেশে লিংগ বৈষম্য আৰুি বৃদ্ধি পাইছে বুলিও সমীক্ষাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে। এই সময়ছোৱাত মহিলাসকলে নিজৰ লগতে পৰিয়ালক সুৰক্ষিত ৰখাৰ ক্ষেত্ৰতো যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে। যদিহে লকডাউনৰ সময় ৬ মাহ হয় তেন্তে সমগ্ৰ বিশ্বতে আৰু ৩ কোটি ১০ লাখ গাৰ্হস্থ্য হিংসা বৃদ্ধি পাব বুলিও আংশকা প্ৰকাশ কৰিছে UNFPA-এ।  

উল্লেখ্য যে এই সময়ছোৱাত সমগ্ৰ বিশ্বতে অনলাইনযোগেও বৃদ্ধি পাইছে শিশুৰ ওপৰত যৌন নিৰ্যাতন। ভাৰততো পৰ্ণ ৱেবছাইটযোগে চাইল্ড পৰ্ণগ্ৰাফী ডাউনলোডৰ হাৰ লকডাউনৰ সময়ত ৯৫ শতাংশলৈ বৃদ্ধি পোৱাৰ বাতৰি প্ৰকাশ পাইছে। এই সন্দৰ্ভত দেওবাৰে NNO প্ৰকাশ পাইছিল এখন বিশেষ প্ৰতিবেদন। আগ্ৰহীসকলে সবিশেষ জানিবলৈ ওপৰত 'অনলাইন ধৰ্ষণ' বুলি লিখা থকা  ফটোখনত ক্লিক কৰি সেয়া পঢ়িব পাৰে।