উত্তৰ প্ৰদেশঃ বাৰানসীকে ধৰি উত্তৰ প্ৰদেশৰ বিধানসভাৰ ৪০ খন আসনৰ বাবে আজি পুৱাৰেপৰা আৰম্ভ হ’ব ভোটদান। অন্তিম পৰ্যায়ৰ এই ভোটদানত মূঠ ৫৩৫ জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ’ব। প্ৰায় ডেৰ কোটি ভোটাৰে ১৪ হাজাৰৰো অধিক কেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত কৰিব। বাৰানসী, গাজীপুৰ, ছন্দৌলি, মীৰ্জাপুৰ, ভদোহী আৰু সোণভদ্ৰৰ ৪০ খন আসনৰ বাবে নাগৰিকে ভোট দিব যদিও সকলোৰে চকু থমকি ৰৈছে হাই-প্ৰফাইল নেতাৰ প্ৰচাৰৰ কেন্দ্ৰবিন্দু হৈ পৰা বাৰানসীত। উল্লেখ্য যে ৪০ খনৰ ৩২ খনতে বিজেপি দলৰ প্ৰাৰ্থী থিয় দিছে। শাসকীয় অখিলেশ যাদৱৰ সমাজবাদী পাৰ্টিয়ে ৩১ খন আৰু কংগ্ৰেছ দলে ৯ খন আসনৰ বাবে যুঁজ দিব।

ইফালে নক্সাল অধ্যুষিত সোণভদ্ৰ, মীৰ্জাপুৰ আৰু ছন্দৌলিত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে যাতে কোনোধৰণৰ অঘটন নঘটে। আন ঠাইত আৱেলি ৫ বজালৈকে ভোটদান চলিব যদিও উক্ত তিনিটা এলেকাত সন্ধিয়া ৪ বজাতে ভোটদান কাৰ্যসূচী সামৰা হ’ব।

ইফালে দেশৰ প্ৰধানমন্ত্ৰী সহিতে তিনিজনকৈ কেন্দ্ৰীয় মন্ত্ৰী মনোজ সিনহা, অনুপ্ৰিয়া পেটেল আৰু মহেন্দ্ৰ নাথ পাণ্ডেৰ বিধানসভা সমষ্টিৰ ভোটদান এই পৰ্যায়ত পৰিছে। আকৌ গৃহমন্ত্ৰী ৰাজনাথ সিঙৰ গৃহ চহৰ চন্দৌলিতো এই পৰ্যায়তে ভোটদান হ’ব। সেয়ে উত্তৰ প্ৰদেশৰ ভোটদানৰ এই পৰ্যায়টোত শাসকীয় দলটোৰ বাবে সন্মানৰ কথাও আহি পৰিছে।