♦ ১৯৯৪ গৰাকীক সাক্ষাৎকাৰলৈ বাছনি 

 

গুৱাহাটীঃ যোৱা ছেপ্টেম্বৰ-অক্টোবৰত অনুষ্ঠিত ইউনিয়ন পাব্লিক ছাৰ্ভিচ কমিছন (ইউ পি এছ চি)ৰ মূল পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছে৷ মুঠ পৰীক্ষাৰ্থীৰ ভিতৰত ১,৯৯৪ গৰাকী প্ৰাৰ্থী মৌখিক পৰীক্ষাৰ বাবে বাছনি কৰা হৈছে৷ 

অহা ফ্ৰেৱ্ৰুৱাৰীত মৌখিক পৰীক্ষাসমূহ অনুষ্ঠিত কৰা হ’ব৷ ইউ পি এছ চিৰ পৰ্টেলত জানুৱাৰী মাহত এই মৌখিক পৰীক্ষাৰ এডমিট কাৰ্ডসমূহ জাৰি কৰা হ’ব বুলি ইউ পি এছ চিয়ে জানিবলৈ দিছে৷

মৌখিক পৰীক্ষা নতুন দিল্লীৰ ছাহ জাহান পথত থকা  ইউ পি এছ চিৰ কাৰ্যালয়ত অনুষ্ঠিত কৰা হ’ব৷ তলৰ লিংকটোত ফলাফলসমূহ চাব পাৰে, http://www.upsc.gov.in/sites/default/files/WR_CSM18_Name_Eng.pdf