নতুন দিল্লীঃ কেন্দ্ৰৰ মোডী চৰকাৰৰ লগত সংঘাত লাগি থকা কেন্দ্ৰীয় বেংক বিজাৰ্ভ বেংক অব ইণ্ডিয়া (আৰ বি আই)ৰ গবৰ্ণৰ উৰজিৎ পেটেলে পদত্যাগ কৰে। 

কেন্দ্ৰীয় বেংকটোত জমা থকা ধন চৰকাৰক খৰচ কৰিবলৈ দিয়া-নিদিয়াক লৈ কেইবামাহৰপৰা চৰকাৰ আৰু পেটেলৰ মাজত সংঘাত চলি আছিল। এই ক্ষেত্ৰত গবৰ্ণৰগৰাকীক সৈমান কৰাব নোৱাৰি চৰকাৰে কেন্দ্ৰীয় বেংকটোৰ সকলো ক্ষমতা কৰ্তন কৰিব পৰা আইন জাৰি কৰিব বুলিও ভাবুকি প্ৰদান কৰিছিল।

এনে এক পৰিস্থিতিৰ মাজতে সোমবাৰে পেটেলে ব্যাক্তিগত কাৰণ দৰ্শাই পদত্যাগ কৰা বুলি ঘোষণা কৰে।

মন কৰিবলগীয়া যে আৰ বি আইৰ পূৰ্বৰ গবৰ্ণৰ ৰঘুৰাম ৰাজনৰো মোডী চৰকাৰৰ লগত নীতিগতভাৱে সংঘাতৰ সৃষ্টি হৈছিল। চৰকাৰৰ কেতবোৰ সিদ্ধান্তক তেওঁ মুকলিকৈ সমালোচনা কৰি কাৰ্যতঃ চৰকাৰৰ ৰোষত পৰিছিল।

ৰাজনক বলে নোৱাৰি মোডী চৰকাৰে তেওঁৰ কাৰ্যকাৰ শেষ হোৱাৰ পাছতেই দেশত বিমুদ্ৰাকৰণৰ সিদ্ধান্ত লৈছিল। পাছত চৰকাৰৰ এই সিদ্ধান্তক ৰাজনে বিদ্যায়তনিকভাৱে কঠোৰ সমালোচনা কৰি আহিছে।

উৰজিৎ পেটেলৰ পদত্যাগৰ পাছত চৰকাৰে নিজৰ সিদ্ধান্ত কাৰ্যকৰী কৰিবলৈ সুবিধা হ'ব যদিও দেশৰ অৰ্থনীতিয়ে কোন দিশে গতি কৰে সেয়া সময়তহে জানিব পৰা হ'ব।