ডিজিটেল ডেস্কঃ ২০১৯ৰ লোকসভাৰ নিৰ্বাচনৰ দিন যিমানেই ওচৰ চাপি আহিছে সিমানেই ধৰ্মক ৰাজনীতিৰ হাথিয়াৰ হিচাপে ব্যৱহাৰ কৰিবলৈ তৎপৰ হৈ উঠিছে বিভিন্ন ৰাজনৈতিক দলৰ নেতাসকল৷ শেহতীয়াকৈ দেখা গৈছে যে ৰামায়নৰ এক অতি উল্লেখযোগ্য চৰিত্ৰ তথা হিন্দুসকলৰ এগৰাকী পৰম আৰাধ্য দেৱতা হনুমানৰ জাতি আৰু ধৰ্মক লৈ ৰাজনৈতিক নেতাসকলে সৰ্বসাধাৰনৰ মনত বিভ্ৰান্তিৰ সৃষ্টি কৰিবলৈ উঠি-পৰি লাগিছে৷ 

এজন নেতাই কৈছে হনুমান হিন্দু আছিল, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে কৈছে হনুমান দলিত আছিল, ভূপালৰ জৈন মন্দিৰৰ পুৰোহিত আচাৰ্য সাগৰ মহাৰাজে কৈছে হনুমান জৈন আছিল, ভাৰতীয় অনুসূচীত জাতি আয়োগৰ অধ্যক্ষ ৰামশংকৰ কাঠেৰিয়াই কৈছে হনুমান ট্ৰাইবেল আছিল৷ এই সকলোবোৰ সূত্ৰকেই মিছা বুলি দাবী কৰি উত্তৰ প্ৰদেশৰ শাসকীয় দল বি জে পিৰ বিধায়ক বুক্কাল নৱাব ডাঙৰীয়াই দাৱী কৰিছে যে প্ৰকৃততে হনুমান এজন নৈষ্টিক মুছলমান আছিল৷ 

এইবাৰ শেহতীয়াকৈ উত্তৰ প্ৰদেশৰেই ক্ৰীড়া মন্ত্ৰী চেতন চৌহানে দাবী কৰিছে যে বীৰ হনুমান প্ৰকৃততে এগৰাকী ক্ৰীড়াবিদহে আছিল৷ ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন খেলুৱৈ তথা বৰ্তমানৰ উত্তৰ প্ৰদেশৰ ক্ৰীড়া মন্ত্ৰী চেতন চৌহানে কয় যে, ‘‘হনুমান এগৰাকী ক্ৰীড়াবিদ তথা মল্লযুজাৰু আছিল৷ তেখেতে মল্লযুদ্ধ কৰিছিল৷ 

সেইকাৰণেই ভাৰতৰ সকলো পালোৱানে হনুমানৰ পূজা কৰে৷ মন্ত্ৰী চৌহানৰ মতে হনুমানৰ জাত-পাত বা ধৰ্মৰ লগত কোনো সম্পৰ্ক নাই, হনুমান কেৱল এগৰাকী খেলুৱৈহে আছিল৷ হনুমান ভক্তসকলে চৌহানৰ এই মন্তব্য সহজে মানি লোৱা নাই৷ 

ৰাজনৈতিক নেতাসকলে হনুমানক লৈ টনা-আজোৰা কৰা এই কাৰ্যই সচেতন মহলক চিন্তিত কৰাৰ লগতে হাঁহিৰ খোৰাকো যোগাইছে৷