নতুন দিল্লীঃ দেশত কৰ’নাৰ সংক্ৰমণক বাধা দিবলৈ একাধিক উপায়েৰে নিজাববীয়াকৈ অথবা সামূহিক স্তৰত প্ৰচেষ্টা অব্যাহত আছে। ইয়াৰ মাজতে উত্তৰ প্ৰদেশৰ বৰেলি জিলা প্ৰশাসনে কৰ’নাৰ সংক্ৰমণ ৰোধ কৰিবলৈ যি পন্থা গ্ৰহণ কৰিছে সেয়া দেখিলে সকলোৰে চকু কপালত উঠাতো নিশ্চিত।

এটা ভিডিঅ’ত স্পষ্টকৈ দেখা গৈছে যে কেমিকেল ব্যৱহাৰ কৰি যিদৰে বাছ, ট্ৰাক আদি বাহন তথা দেৱাল ছেনিটাইজ কৰা হয় ঠিক তেনেকৈ বৰেলি জিলা প্ৰশাসনে বাহিৰৰ পৰা অহা লোকসকলকো পাইপেৰে পানী ছটিয়াই ছেনিটাইজ কৰিছে। প্ৰকাশিত বাতৰি অনুযায়ী দেওবাৰে জিলাখনৰ ছেটেলাই বাছ আস্থানত নগৰ নিগম আৰু ফায়াৰ ব্ৰিগেডৰ কৰ্মচাৰীসকলে আন ঠাইৰ পৰা অহা পুৰুষ-মহিলা আনকি শিশুসকলকো একেলগে বহুৱাই লৈ ফায়াৰ ব্ৰিগেডৰ পাইপেৰে ছেনিটাইজৰ চেষ্টা চলাইছে।

আশ্চৰ্যজনকভাৱে ফায়াৰ ব্ৰিগেডৰ পাইপেৰে ছটিওৱা এই পানীত পোৱা গৈছে ঘৰ চাফা কৰোতে ব্যৱহাৰ কৰা ছ’ডিয়াম হাইপ’ক্লৰাইড জাতীয় কেমিকেল। এই কেমিকেল মানৱ শৰীৰৰ বাবে ক্ষতিকাৰক হোৱালৈ চাই এতিয়া প্ৰশ্নৰ সন্মুখীন হ’বলগীয়াত পৰিছে জিলা প্ৰশাসন। 

কাৰ নিৰ্দেশত এনেদৰে নগুৰ-নাকতিৰ সন্মুখীন হ'ল এইসকল লোক?

ভিডিঅ’টোত একাংশ কৰ্মচাৰীয়ে লোকসকলক বহি লৈ চকু আৰু মুখ জপাবলৈ কোৱা শুনা গৈছে। অৱশ্যে ইয়াৰ মাজতে কেবাজনো লোকক ঠিক সমুখৰ পৰাই পানী ছটিয়াই দিয়া দেখা গৈছে।

ঘটনা সন্দৰ্ভত বৰেলি জিলাৰ অগ্নি নিৰ্বাপক বাহিনীৰ এগৰাকী শীৰ্ষ বিষয়া চন্দ্ৰমোহন শৰ্মাই সংবাদ মাধ্যমৰ আগত কয়, 'ভিডিঅ’টো আমি দেখিছো। ইয়াত যি কেমিকেল ব্যৱহাৰ কৰা হয় সেয়া চকু আৰু চালৰ বাবে যথেষ্ট ক্ষতিকাৰক। যিসকল লোক ইয়াৰ সৈতে জড়িত আছে তেওঁলোকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব।’

আন এগৰাকী চৰকাৰী বিষয়া মতে দেওবাৰে বৰেলিত এগৰাকী লোকৰ দেহত কৰ’না পজিটিভ ধৰা পৰাৰ পিছত নগৰ নিগমৰ স্বাস্থ্য বিভাগ আৰু ফায়াৰ ব্ৰিগেডৰ এটা দলে চহৰখনৰ প্ৰধান ঠাইসমূহত ছেনিটাইজেশ্যন আৰম্ভ কৰে। এই ছেনিটাইজেশ্যনৰ অংশ হিচাপে বৰেলিৰ মুখ্য বাছ আস্থানটোত বাহিৰৰ পৰা আহি উপস্থিত হোৱা লোকসকলকো দলটোৱে এনেদৰে ছেনিটাইজ কৰাৰ অপচেষ্টা চলায়।

এই সন্দৰ্ভত বিবিচিৰ সৈতে হোৱা এক কথোপকথনত এগৰাকী স্থানীয় সাংবাদিকে কয়, 'বহুত লোকে এনেদৰে পাইপেৰে গা ধুৱাই দিয়াক লৈ আপত্তি দৰ্শাইছিল। কিন্তু কৰ্মচাৰীসকলে নিয়মৰ কথা কৈ লোকসকলক বলপূৰ্বক তাত একেলগে বহিবলৈ কৈছিল আৰু পিছত কেমিকেল মিহলি পানীৰে এনেকৈ ছেনিটাইজ কৰিবলৈ লয়। এনে কৰাৰ ফলত মানুহবোৰ কেৱল তিতি যোৱাই নহয়, তেওঁলোকৰ সা-সামগ্ৰীবোৰো নষ্ট হৈ পৰিছিল। এয়া সম্পূৰ্ণৰূপে অমানৱীয় আৰু জঘন্য।’

দোষীসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ

ভিডিঅ’টো পোহৰলৈ অহাৰ পিছতে সংশ্লিষ্ট কৰ্মচাৰীসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ প্ৰদান কৰিছে জিলা উপায়ুক্তই। এক টুইটৰ জৰিয়তে জিলা উপায়ুক্তই জনাইছে, 'এই ভিডিঅ’টোৰ সবিশেষ আমি জানিব পাৰিছো। প্ৰভাৱিত লোকসকলক মুখ্যমন্ত্ৰীৰ নিৰ্দেশমতে স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছে। বৰেলি নগৰ নিগম আৰু ফায়াৰ ব্ৰিগেডৰ দলক বাছসমূহক ছেনিটাইজ কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল। কিন্তু তেওঁলোকে বেছি সচেতন দেখুৱাবলৈ গৈ এই কাণ্ড সংঘটিত কৰিলে। সেইসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হৈছে।’

জিলা উপায়ুক্তই টুইটৰ জৰিয়তে ভুক্তভোগী লোকসকলৰ স্বাস্থ্য পৰীক্ষাৰ কথা কৈছে যদিও সেয়া কিমান ফলপ্ৰসূ হ’ব তাক লৈ সন্দেহ ব্যক্ত কৰিছে স্থানীয় লোকসকলে। স্থানীয় কেবাটাও স্বেচ্ছাসেৱী সংস্থাৰ কৰ্মকৰ্তাই জনাইছে যে উপায়ুক্তই তেনে নিৰ্দেশ দিয়াৰ কথা কৈছে যদিও সেয়া সম্ভৱ নহয়, কিয়নো ইতিমধ্যে মানুহবোৰে ঘৰাঘৰি গুচি গৈছে।

'যিবোৰ মানুহৰ ওপৰত গৰু-ছাগলীৰ দৰে ব্যৱহাৰ কৰা হ’ল সেইবোৰৰ মাজত শিশুও আছিল। তেওঁলোকৰ চকুৰ ক্ষতি হোৱাৰো সম্ভাৱনা নুই কৰিব নোৱাৰি। তেওঁলোকে তেনেকৈয়ে ঘৰাঘৰি হ’ল। এতিয়া চৰকাৰ-প্ৰশাসনে তেওঁলোকক বিচাৰি বিচাৰি স্বাস্থ্য পৰীক্ষা যে কৰিব সেয়া আমি কোনোপধ্যেই বিশ্বাস কৰিব নোৱাৰো। তেওঁলোকে এনেকৈয়ে জীয়াই থাকিবলৈ বাধ্য।’-এইদৰে কয় এটা স্বেচ্ছাসেৱী সংস্থাৰ কৰ্মকৰ্তাই।

উল্লেখ্য যে, কৰ’নাৰ বিৰুদ্ধে হঠাৎ ২১ দিনৰ বাবে লকডাউন ঘোষণা কৰাত স্বাভাৱিকতেই মূৰত সৰগ ভাগি পৰিছিল দিল্লীকে আদি কৰি আগশাৰীৰ মহানগৰসমূহত কৰ্মৰত লাখ লাখ বহিঃৰাজ্যৰ দিনহাজিৰা কৰা শ্ৰমিকৰ ওপৰত। অন্ন, বস্ত্ৰ, বাসস্থানৰ অভাৱত জুৰুলা এইসকল লোকৰ বহুতেই পদযাত্ৰা কৰি ঘৰমুৱা হ’বলৈ চেষ্টা চলাইছে যদিও আৰক্ষীৰ লাঠিৰ কোবৰ লগতে বৰেলিৰ ঘটনাৰ দৰেকৈ অনেক নগুৰ-নাকতিৰ সন্মুখীন হ’বলৈ বাধ্য হৈ পৰিছে।