ডিব্ৰুগড় বিশ্ববিদ্যালয়ঃ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ঐতিহ্যমণ্ডিত মফিজুদ্দিন আহমদ হাজৰিকা ছাত্ৰ বাস আৰু আন্তঃবিভাগৰ উদ্যোগত অনুষ্ঠিত প্ৰাইজমানি মহিলা ভলীবল প্ৰতিযোগিতাত বিশ্ববিদ্যালয়ৰ ফিজিকেল এডুকেশ্বন বিভাগে চূড়ান্ত বিজয়ীৰ খিতাপ অৰ্জন কৰে৷ শনিবাৰৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত বিশ্ববিদ্যালয়ৰ ভলীবল খেলপথাৰত অনুষ্ঠিত প্ৰাইজমানি প্ৰতিযোগিতাত বিশ্ববিদ্যালয়ৰ ফার্মাচিউটিক্যাল ছাইন্স বিভাগৰ দলে ৰানাৰ্ছ-আপ খিতাপ অৰ্জন কৰে।

২৮টা দলে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাৰ ছেমি ফাইনেলত ফিজিকেল এডুকেশ্বনে ডিপাৰ্টমেন্টে এডুকেশ্বন বিভাগক আৰু ফার্মাচিউটিক্যাল ছাইন্স বিভাগে ফিল'চফী কেন্দ্ৰক হৰুৱাই ফাইনেলত প্ৰৱেশ কৰিছিল। তাৰ পিছতে কুসুম দিহিঙিয়াৰ নেতৃত্বৰ ফিজিকেল এডুকেশ্বন বিভাগ আৰু ময়ূৰী ফুকনৰ নেতৃত্বৰ ফার্মাচিউটিক্যাল ছাইন্স বিভাগৰ মাজত উত্তেজনামূলত চূড়ান্ত খেল অনুষ্ঠিত হৈছিল৷

ইয়াৰ পিছতে বটাঁ-বিতৰণী অনু্ষ্ঠান আৰম্ভ হয়। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপিকা ড০ পল্লৱী ডেকা বুজৰবৰুৱা, অধ্যাপক তথা মফিজুদ্দিন আহমদ হাজৰিকা ছাত্ৰ নিৱাসৰ ৱাৰডেন ড০ প্ৰাণজিৎ বৰা, ফিজিকেল এডুকেশ্বন কেন্দ্ৰৰ সহকাৰী অধ্যাপক বিমল চন্দ্ৰ গগৈ, ডিব্ৰুগড় বিশ্ববিদ্যালয় স্নাতকোত্তৰ মহলা ছাত্ৰ সন্থাৰ সভাপতি উত্তৰণ গোস্বামী আৰু সাধাৰণ সম্পাদক ডেভিদ হাজৰিকাই ৰানাৰ্ছ-আপ দলক ট্ৰফি, মানপত্ৰ, নগদ ধন আৰু মেডেল প্ৰদান কৰে। প্ৰতিযোগিতাত শ্ৰেষ্ঠ‌ ভলী খেলুৱৈ হিচাপে ময়ূৰী ফুকন নিৰ্বাচিত হয়।