ডিব্ৰুগড়ঃ সততে ৰাজ্যৰ প্ৰতিটো সমস্যা তথা চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে অতন্দ্ৰ প্ৰহৰীৰ দৰে সংগ্ৰাম কৰি অহা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈক গ্ৰেপ্তাৰৰ প্ৰতিবাদত আজিও ৰাজ্য উত্তাল হৈ আছে৷ ডিব্ৰুগড় জিলা আৰক্ষীয়ে গোলাঘাটৰ নিজ গৃহৰ পৰা ১৪ দিন পুৰ্বে কৃষক নেতাগৰাকীক গ্ৰেপ্তাৰ কৰাৰ প্ৰতিবাদত প্ৰতিদিনে উত্তাল হৈ পৰে ৰাজ্য৷ ৰাজ্যৰ একাংশ দল-সংগঠনে ৰাজ পথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছে প্ৰতিদিনে৷

অখিলক মুক্তি দিয়াৰ দাবীত দল-সংগঠনে প্ৰতিবাদ জনাই অহাৰ সময়তে সোমবাৰে ডিব্ৰুগড়ৰ আদালতৰ ভিতৰতে গৃহ বিভাগে অখিল গগৈৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় নিৰাপত্তা আইন, ১৯৮০ জাপি দি পুনৰ আটক কৰে অখিলক৷ এই আইন জাপি দিয়াৰ পিছতে কৃষক মুক্তি-ছাত্ৰ মুক্তিৰ প্ৰতিবাদ অধিক তৎপৰ হৈ পৰিছে৷ ৰাজ্যৰ গৃহ বিভাগে কৃষক নেতা অখিল গগৈক ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত আটক কৰিয়ে ক্ষান্ত নাথাকি NSAত জাপি দিয়াত ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷ ৰাজ্যৰ কেবাটাও জাতীয়-জনগোষ্ঠীয় সংগঠনে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বিজেপি নেতৃত্বাধীন মিত্ৰ জোঁটৰ চৰকাৰৰ বিৰুদ্ধে৷

বিজেপি চৰকাৰৰ এনে সিন্দান্তৰ বিৰুদ্ধে গুজুৰি উঠে দল-সংগঠন৷ এজন নেতাক এনে ব্যৱহাৰ কৰাত ক্ষোভ ব্যক্ত কৰে জাতীয়-জনগোষ্ঠীয় সংগঠনে৷ উজনি অসমৰ জনগোষ্ঠীয় সংগঠন মটক যুৱ-ছাত্র পৰিষদৰ কেন্দ্ৰীয় সভাপতি যুগল বৰুৱাই অসমৰ জাতী-ভেটি-মাটিৰ কথা কৈ শাসনলৈ অহা সৰ্বানন্দ-হিমন্তৰ চৰকাৰ খনে অখিল গগৈক পুনৰ গ্ৰেপ্তাৰ কৰি নিজৰ ব্যৰ্থতা ঢাকিবলৈ চেষ্টা কৰা বুলি কয়। অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক উদয়ন কুমাৰ গগৈয়ে এয়া কেৱল অখিল গগৈক গ্ৰেপ্তাৰ নহয় অসমৰ প্ৰতিবাদী সত্বাক ধবংস কৰাৰ চক্ৰান্ত কৰা বুলি কয় সোণোৱাল চৰকাৰে৷

সৰ্বানন্দ সোণোৱালে এটা সময়ত অাছু সভাপতিৰ দায়িত্বত থাকি কোৱা কথা বিলাক মনত পৰা নাই নে বুলি প্ৰশ্ন কৰে উদয়নে৷ 'অাছে হেংদাং লোৱা নাই ল'লে হেংদাং ৰক্ষা নাই' শ্ল’গান দি আছু সভাপতি হৈ থকাৰ সময়ত সৰ্বানন্দই লোৱা হেংদাংখন মামৰে ধৰিছে বুলি ভাবিছে নেকি বুলি কটাক্ষ কৰে গগৈয়ে৷ অসমত এতিয়া ল'ৰা ৰজাৰ শাসন চলিছে৷ বিজেপি চৰকাৰখনে অখিল গগৈক পুনৰ গ্ৰেপ্তাৰ কৰি চৰকাৰখন পতনৰ পথ মুকলি কৰিলে বুলি কয় গগৈয়ে৷

সংগ্ৰামী যুৱ-ছাত্র পৰিষদৰ কেন্দ্ৰীয় সভাপতি দেৱজিৎ দওই অখিলক গ্ৰেপ্তাৰ কৰি বিজেপি চৰকাৰে অসহনশীলতাৰ পৰিচয় দিয়া বুলি কৈ চৰকাৰে জাতীয় স্বাৰ্থৰ বিপৰীতে লোৱা সিদ্ধান্ত সমূহৰ বিৰুদ্ধে থিয় দিয়া বলিষ্ঠ কণ্ঠ সমূহক ৰুদ্ধ কৰাৰ বাবে পৰিকল্পিত ষড়যন্ত্ৰ আখ্যা দিয়ে অখিলক আটক কৰা কাৰ্য৷ এটা সংগ্ৰামী সত্বাক নিঃশেষ কৰাৰ বাবে ৰচনা কৰা ষড়যন্ত্ৰক সংগ্ৰামী যুৱ-ছাত্ৰ পৰিষদে তীব্ৰ ভাষাৰে গৰিহণা দিয়ে৷

অসম প্ৰেমী যুৱ-ছাত্র সমাজ অসমৰ কেন্দ্ৰীয় সভাপতি মনোজ গগৈয়ে হিমন্ত বিশ্ব শৰ্মা বাহিনীয়ে এটা প্ৰতিবাদী কণ্ঠক নিঃশেষ কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰা বুলি কৈ এয়া অসমীয়া জাতীৰ স্বাভিমানত কুঠাৰঘাত বুলি কয় মনোজে৷ অখিল গগৈক গ্ৰেপ্তাৰৰ তীব্ৰ বিৰোধীতা কৰি অনাগত দিনত তীব্ৰ আন্দোলন গঢ়ি তোলাৰ ভাবুকি দিয়ে অসম প্ৰেমী যুৱ-ছাত্র সমাজে৷ অসম সুৰক্ষা সেনাৰ কেন্দ্ৰীয় উপ-সভাপতি পংকজ কুমাৰ শইকীয়াই অখিল গগৈৰ বিৰুদ্ধে NSA জাপি দিয়া কাৰ্যই অসমত গনতান্ত্ৰীক আন্দোলনক মূল্য দিবলৈ বিজেপি চৰকাৰে কোনো পধ্যেই ৰাজি নহয় বুলি প্ৰমাণ কৰে বুলি কয়৷

অখিল গগৈয়ে মৰাণত দিয়া ভাষণ সম্পূৰ্ণ বাস্তৱিকতাৰ ওপৰত প্ৰতিষ্ঠিত। অসমৰ জাতীয়তাবাদী সত্তাক হিমন্ত বিশ্ব শৰ্মা বাহিনীয়ে নিঃশেষ কৰিব বিছাৰিছে বুলি মন্তব্য কৰে সুৰক্ষা সেনাই৷ এজন ৰাজনৈতিক নেতাই ৰাজনৈতিক আৰু ব্যক্তিগত অভিসন্ধীৰ বাবে অখিল গগৈৰ বক্তব্যৰ বিৰুদ্ধে এই আইন প্ৰয়োগ কৰা বুলি কয় শইকীয়াই। এনেদৰে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰাজ্যৰ জাতীয়-জনগোষ্ঠীয় সংগঠন এতিয়া ৰাজ্য চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে৷

আনহাতে, সদৌ অসম জাতীয়তাবাদী যুৱ সন্মিলনৰ কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদক চন্দন দাসে অখিল গগৈক জেলত ভৰাই চৰকাৰে খনে হিন্দু বাংলাদেশীক অসমত অানিব বিচাৰিছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে৷

হিন্দু বাংলাদেশী কোনো কাৰণতে অসমত সংস্থাপন দিবলৈ দিয়া নহব বুলি সৰ্বানন্দ সোণোৱাল চৰকাৰক সকীয়াই দিয়ে চন্দন দাসে৷ এজন অখিলক আবদ্ধ কৰিল ৰাখিলে হাজাৰ হাজাৰ অখিল গগৈৰ ৰাজপথলৈ ওলাই অাহি বিদেশীৰ বিৰুদ্ধে যুজ দিব বুলি কয়৷ অসমৰ সকলো জাতীয়-জনগোষ্ঠীয় সংগঠন ঐকবদ্ধ হৈ সংগ্ৰাম কৰিব লাগিব বুলি কয় চন্দনে৷

ডিব্ৰুগড় জিলাৰ অামছুৰ সভাপতি ইমটিয়াজ অালীয়ে অসমত এতিয়া হিটলাৰি শাসন চলিছে বুলি কৈ উন্নয়ণৰ পৰিবৰ্তে প্ৰতিবাদী সত্বাক নিঃশেষ কৰাৰ পৰিকল্পানা ৰচনা কৰা বুলি ৰাজ্য চৰকাৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰে৷ লাফিকুল হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিব নোৱাৰা চৰকাৰে প্ৰতিবাদী কন্ঠ অখিল গগৈক পুনৰ NSAত আটক কৰা কাৰ্যত গৰিহণা দিয়ে৷

চৰকাৰ খনৰ ব্যৰ্থতা ঢাকিবলৈ অখিল গগৈক গ্ৰেপ্তাৰ কৰা বুলি কয় আমছু নেতাজনে৷ জাতীয়তাবাদী শিৱিৰৰ অৱস্থান গ্ৰহণ কৰি সক্ৰিয় হৈ থকা ৰজত গগৈয়ে যিয়ে চৰকাৰৰ বিৰুদ্ধে মাত মাতে তেনে ব্যক্তি চৰকাৰৰ ৰোষত পৰে বুলি কয়৷

তেনে ব্যক্তি নতুবা সংগঠনক চৰকাৰখনে ভয় কৰে অাৰু তেনে ব্যক্তিক জেইলত ভৰাই থব পাৰিলে চৰকাৰ খনে কিছু দিন শান্তিত থাকিব পাৰে বুলি ৰাজ্য চৰকাৰক কটাক্ষ কৰে গগৈয়ে৷ সংগ্ৰামী যুৱ-ছাত্র পৰিষদৰ নেতা ৰেকিব বৰাই প্ৰতিবাদৰ ভাষা বুজি নোপোৱা চৰকাৰে NSA জাপি দি কৃষক নেতা অখিলক গ্ৰেপ্তাৰ কৰা কাৰ্যক তীব্ৰ গৰিহণা দিয়াৰ লগতে খিলঞ্জীয়া বিৰোধী চৰকাৰ খনক পুনৰ এনে কাণ্ড নকৰিবলৈ সকীয়াই দিয়ে৷ সংগঠন সমূহে অখিল গগৈক মুক্তি নিদিলে অনাগত দিনত চৰকাৰক ভীষণ পৰিণাম ভোগ কৰিব লাগিব বুলি কয়৷