বেইজিংঃ সমগ্ৰ বিশ্বকে প্ৰদূষণে চিন্তাত পেলাইছে। ৱৰ্ল্ড ইক’নমিক ফ’ৰামৰ শেহতীয়া সমীক্ষা অনুসৰি নাইজেৰিয়া বিশ্বৰ আটাইতকৈ প্ৰদুষিত চহৰ৷ ভাৰতৰ ৰাজধানী চহৰ দিল্লীত বায়ু প্ৰদূষণ সকলোতকৈ বেছি৷

কিন্তু শেহতীয়াকৈ সমগ্ৰ বিশ্বতে চৰ্চালৈ আহিছে প্ৰদূষণ ৰোধ কৰিবলৈ চীনা চৰকাৰে গ্ৰহণ কৰা এক অভিনৱ পন্থাই। নানজিং চহৰত চীনা চৰকাৰে এনে দুটা বৃহত অট্টালিকা স্থাপন কৰাৰ পৰিকল্পনা কৰিছে য’ত থাকিব ১১০০ জোপা সৰু-বৰ গছ। এই গছবোৰ থাকিব অট্টালিকাৰ গাত উলম্বভাৱে। 

ভাৰ্টিকেল বনাঞ্চলৰ ধাৰণাটো সৃষ্টি কৰিছিল ইটালিৰ স্থপতিবিদ ষ্টেফেনো বয়ৰিয়ে৷ ২০১৪ ত আৰম্ভ হোৱা এই পৰীক্ষাত মিলানৰ সুউচ্চ অট্টালিকাসমুহত বিশেষ পদ্ধতিৰে ৰোপন কৰা হৈছিল গছবোৰ। প্ৰদুষণ নিয়ন্ত্ৰণৰ বাবে একবিংশ শতিকাত ই এক অতি সময়োপযোগী পদ্ধতি৷ চীনৰ নাঞ্জিং, গুইঝও, লিউঝওকে ধৰি ৫ খন চহৰত পৰিকল্পনা কৰা হৈছে ভাৰ্টিকেল বনাঞ্চল।

ভাৰতৰ এনে এখন উন্নয়নশীল দেশ য’ত প্ৰত্যেক মিনিটত দুজনকৈ ব্যক্তি প্ৰদূষণৰ ফলত মৃত্যুমুখত পৰে। এনে এখন দেশৰ ঘন জনবসতিপুৰ্ণ চহৰবোৰত ভাৰ্টিকেল বনাঞ্চলৰ ব্যৱস্থা গ্ৰহণৰ পৰিস্থিতি অহাৰ আগেয়েই মুকলি ঠাইসমুহত বনানীকৰণৰ কাম আৰম্ভ কৰাটো সময়ৰ আহ্বান হৈ পৰিছে।