ডিজিটেল ডেস্কঃ কোনো নিয়মেই যেন মানিব খোজা নাই ৰিলায়েন্স জিঅ’ই৷ জিঅ’ৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰাই নহয়, তিনিটাকৈ অকাট্য প্ৰশ্নৰে টেলিকম ৰেগুলেটেৰি অথ’ৰিটিলৈ এখন অভিযোগ পত্ৰও প্ৰেৰণ কৰিছে ভোডাফোনে৷

পত্ৰখনত প্ৰশ্ন উত্থাপন কৰে যে ৩০৩ টকাতেই তিনিমাহৰ বাবে ইণ্টাৰনেট বিনামূলীয়া কৰাৰ 'ছামাৰ ছাৰপ্ৰাইজ’ বোলা অফাৰটো কেনেদৰে বৈধ হ’ব পাৰে। তাৰোপৰি ট্ৰায়ে ছামাৰ ছাৰপ্ৰাইজ বন্ধ কৰিবলৈ নিৰ্দেশ দিয়াৰ পিছতো কেনেদৰে জিঅ’ই ছামাৰ ছাৰপ্ৰাইজ চলাই আছে বুলিও উল্লেখ কৰে টেলিকম প্ৰতিষ্ঠানটোৱে। 

জিঅ'ই লৰালৰিকৈ ৰিচাৰ্জৰ নামত গ্ৰাহকক লোভান্বিত কৰিছে বুলিও পত্ৰত অভিযোগ উত্থাপন কৰিছে ভোডাফোনে। ভোডাফোনৰ মতে এয়া হৈছে জিঅ'ৰ একপ্ৰকাৰ অফাৰৰ প্ৰলোভন।

প্ৰতিষ্ঠানটোৰ এই "ছামাৰ ছাৰপ্ৰাইজ"ক নীতি বহিৰ্ভূত আখ্যা দিছে ভোডাফোনে৷ এই অফাৰে ট্ৰাইক অবজ্ঞা কৰাৰো অভিযোগো উত্থাপন কৰে টেলিকম প্ৰতিষ্ঠানটোৱে৷

ভোডাফোনৰ মতে বিগত তিনিদিন ধৰি এছএমএছৰ জৰিয়তে ছামাৰ ছাৰপ্ৰাইজৰ প্ৰচাৰ কৰিছে জিঅ’ই৷ গ্ৰাহকক বিক্ৰেতা আৰু মেছেজৰ জৰিয়তে সোনকালে ৰিচাৰ্জ কৰিবলৈ জিঅ’ই মনে মনে মেচেজ পঠিয়াই আছে বুলিও অভিযোগপত্ৰত উল্লেখ কৰে ভোডাফোনে৷

এই সমগ্ৰ বিষয়টোত ট্ৰাইৰ হস্তক্ষেপ বিচাৰিছে ভোডাফোনে৷ উল্লেখ্য যে জিঅ’ ছামাৰ ছাৰপ্ৰাইজ অফাৰ বন্ধ কৰিবলৈ প্ৰতিষ্ঠানটোক নিৰ্দেশ দিছিল ট্ৰাইয়ে৷