ডিব্ৰুগড়ঃ আলফাৰ ৰাজনৈতিক উপদেষ্টা প্ৰয়াত ভীমকান্ত বুঢ়াগোঁহাই ওৰফে মামাৰ সোঁৱৰণত ৰহমৰীয়াত ভলীবল প্ৰতিযোগিতাৰ আয়োজন কৰিছে অসম সুৰক্ষা সেনাই। এই কথা সদৰী কৰিছে সংগঠনটোৰ ডিব্ৰুগড় জিলা সমিতিৰ সাধাৰণ সম্পাদক জিন্ত দাস আৰু সাংগঠনিক সম্পাদক ৰঞ্জন দত্তই।

উল্লেখ্য  যে ২০১৫ চনৰ ২২ ফেব্ৰুৱাৰীত গুৱাহাটী প্ৰেছ ক্লাবত আত্ম প্ৰকাশ কৰিছিল জাতীয় সংগঠনটোৱে। জন্মৰ লগ্নৰে পৰাই সংগঠনটোৱে অৰ্থনৈতিকভাৱে অসমীয়া জাতিটো এক সমৃদ্ধিশালী আৰু অৰ্থনৈতিকভাৱে সৱল কৰিবলৈ এক নীৰৱ বিপ্লৱৰ সূচনা কৰি আহিছে।

সংবাদ মাধ্যমত শিৰোনাম দখলৰ প্ৰতিযোগিতাৰ পৰা নিজকে আঁতৰাই ৰখা অসম সুৰক্ষা সেনাৰ অন্যতম উদ্দেশ্য হৈছে, 'জাতি গঠন প্ৰক্ৰিয়া' এক অভিনৱ পন্থাৰে আঁত ধৰা আৰু অসমৰ অৰ্থনৈতিক অধিকাৰ খিলঞ্জীয়া মানুহৰ দখললৈ অনা আৰু অসমীয়াৰ স্বাৰ্থত অৰ্থনৈতিক বিপ্লৱৰ সূচনা কৰি জাতিটোক আত্মঃনিৰ্ভৰশীল কৰি তোলা।

অসমৰ জাতীয় জীৱনত তথা জাতিৰ হকে জীৱন-যৌৱন ত্যাগ কৰি বা আত্ম বলিদান দিয়া বিভিন্ন ব্যক্তিক সংগঠনটোৱে বিগত সময়ত শ্ৰদ্ধা, স্মৰণ কৰি আহিছে। বিভিন্ন সময়ত হোৱা প্ৰাকৃতিক দুৰ্যোগ, দৰিদ্ৰতাই কোঙা কৰা লোকসকলকো সহায়ৰ হাত আগবঢ়াই আহিছে সংগঠনটোৱে।