Printer-friendly version

বিশেষ প্ৰতিবেদনঃ জন্মিলে এদিন মৰিবই লাগিব। সৃষ্টি আছে যেতিয়া ধ্বংসও থাকিব। এয়াই জগতৰ নিয়ম। মানুহৰ যেনেকৈ জন্ম কাহিনী থাকে ঠিক তেনেকৈ মানৱ সভ্যতাৰ সৈতে জড়িত প্ৰতিটো বস্তুৰেই আছে আৰম্ভণিৰ কাহিনী। আৰম্ভণি থাকিলে থাকে শেষ, থাকে বন্ধ হোৱাৰ কাহিনী। সভ্যতাৰ প্ৰগতিৰ যাত্ৰাত এতিয়ালৈ কিমান কি বন্ধ হ’ল তাৰ কোনো ঠিকনা নাই!

সমগ্ৰ বিশ্বতে এতিয়া কৰ’না সংকট। এই কৰ’না কালৰ প্ৰভাৱ পৰিছে আমাৰ দেশ তথা ৰাজ্যতো। ক্ৰমাৎ দুৰ্বল হৈ পৰিছে অৰ্থনীতি। বন্ধ হোৱাৰ উপক্ৰম হৈছে এটাৰ পিছত এটাকৈ উদ্যোগ। বন্ধ হৈ পৰিছে কৰ্মসংস্থাপনৰ সম্ভাৱনা। কৰ’নাৰ এই সংহাৰ ৰূপত বিগত সময়ছোৱাত কি কি জাহ গ’ল সেই সকলো খবৰ ৰাইজক জনাই গৈছে সংবাদ মাধ্যমে। ইয়াৰ বাবে নিজৰ জীৱনকো তুচ্ছ কৰিবলৈ কুণ্ঠাবোধ কৰা নাই সাংবাদিকসকলে।

কৰ’নাৰ সংক্ৰমণ ৰোধ কৰিবলৈ লকডাউন ঘোষণা কৰি দিয়া ভাষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অত্যাৱশ্যাকীয় সেৱাসমূহৰ সৈতে জড়িতসকল যেনে আৰক্ষী আৰু স্বাস্থ্যকৰ্মীসকলৰ লগতে ধন্যবাদ জ্ঞাপন কৰিছে সংবাদ মাধ্যমৰ লোকসকলকো। কিন্তু লকডাউন আৰম্ভ হোৱাৰ লগে লগে আন বহু ক্ষেত্ৰৰ লগতে ডাঁৰৰ বাতৰি ডাঁৰে যোগান ধৰি জনসাধাৰণক সজাগ আৰু সচেতন কৰি অহা সংবাদ প্ৰতিষ্ঠানসমূহতো দেখা গৈছে ইয়াৰ স্পষ্ট প্ৰভাৱ। 

জীৱও মাৰে, জড়ও মাৰে! বৰ ভয়াৱহ এই ভাইৰাছ

কৰ'নাৰ বিৰূপ প্ৰভাৱক অসমতো স্পষ্ট কৰি তুলি সোমবাৰে সন্ধিয়াৰে পৰা ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে এটি বিশেষ খবৰ। এই বিশেষ খবৰটো আছিল এখন খবৰ কাকতৰ মৃত্যু। আশীৰ দশকতে অসমৰ সংবাদ জগতত নৱজাগৰণৰ সূচনা কৰা সপ্তাহিক কাকত 'সাদিন’ বন্ধ হোৱাৰ খবৰ। খবৰটো পোৱাৰ লগে লগে কাকতখনৰ বৰ্তমানৰ পঢ়ুৱৈ, লেখক-শুভকাংক্ষীৰ লগতে প্ৰাক্তন পঢ়ুৱৈ (!) লেখক তথা কাকত কিনি নপঢ়িলেও 'কাকত জীয়াই থাকিব লাগে’ বুলি ভবা লোকসকলৰ একপ্ৰকাৰ শোকবাৰ্তাৰে ভৰি পৰে ফেচবুকৰ টাইমলাইন। 

কাকতখন বন্ধ হৈ পৰিব বুলি খবৰ লাভ কৰি শোক প্ৰকাশেৰে এজন ফেচবুক ইউজাৰে লিখিছে, 'ভাইৰাছ জীৱও নহয়, জড়ও নহয়। জীৱ আৰু জড়ৰ মাজৰ এক অৱস্থা। এইখিনি বিজ্ঞানত পঢ়িছিলো। "সাদিন"ৰ মৃত্যু সংবাদ শুনি অনুভৱ কৰিছো, কৰ’নাৰ দৰে ভাইৰাছে জীৱও মাৰে, জড়ও মাৰে। বৰ ভয়াৱহ এই ভাইৰাছ।’

আন এজনে লিখিছে, 'সাদিনৰ সামৰণি ছপা মাধ্যমৰ ভয়াবহ ভৱিষ্যতৰ আৰম্ভণি৷ অসমীয়া কাকত, আলোচনী, কিতাপ-পত্ৰৰ পাঠক নগণ্য৷ ছপা মাধ্যমলৈ অশনি সংকেত৷’

'অলপ আগতে খবৰ পালো, সাদিন কাকতখন কালি বন্ধ হ'ল, খবৰটো শুনি প্ৰথমতে বিশ্বাসেই কৰা নাছিলো, সাদিন কাকতখন মোৰ প্ৰিয় সাপ্তাহিক কাকত আছিল, কাকতখনৰ সৈতে মোৰ বহু মধুৰ স্মৃতি জড়িত হৈ আছে, এতিয়া মাথোঁ সোৱৰণি...!’-আন এগৰাকী ফেচবুক ইউজাৰৰ নষ্টালজিক অনুভৱ। 

সাদিন-প্ৰতিদিন গোষ্ঠীৰ স্পষ্টীকৰণ!

সোমবাৰে নিশা ৮ বজা মানৰ পৰা সাদিন বন্ধ হোৱাৰ খবৰটো মঙলবাৰে বিয়লি ২ মান বজালৈকে ভাষা প্ৰেমী, সাহিত্য প্ৰেমী, ছপা মাধ্যমপ্ৰেমী ছ’চিয়েল মিডিয়া ইউজাৰসকলৰ বাবে চৰ্চাৰ বিষয় হৈ পৰে। প্ৰায় ১২ ঘণ্টাৰো অধিককাল এনেদৰে ফেচবুকত ব্যাপক হাৰত চৰ্চা চলাৰ অন্তত অৱশেষত অসমৰ আগশাৰীৰ সাপ্তাহিক কাকতখনৰ প্ৰকাশক সাদিন-প্ৰতিদিন গোষ্ঠীৰ তৰফৰ পৰা এখন গোহাৰি স্পষ্টীকৰণ হিচাপে দিয়া হয়। ইয়াৰ লগতে সংবাদ গোষ্ঠীটোৰ মালিকানাধীন 'অসমীয়া প্ৰতিদিন’ কাকতৰ ডিজিটেল সংস্কৰণ আৰু ছেটেলাইট নিউজ চেনেল 'প্ৰতিদিন টাইম’তো উক্ত গোহাৰিখন প্ৰকাশ কৰা হয়।

সংবাদ গোষ্ঠীটোৱে গোহাৰিযোগে এই স্পষ্টীকৰণ দিয়াৰ পিছতে স্বস্তিৰ নিশ্বাস পেলায় সাপ্তাহিক কাকতখনৰ শুভকাংক্ষী, পঢ়ুৱৈ তথা সমূহ অসমবাসী ৰাইজে। মুহূৰ্ততে সেই গোহাৰিখন ছ’চিয়েল মিডিয়াতো ভাইৰেল হৈ পৰে। স্বস্তিৰ নিশ্বাস পেলোৱাৰ মাজতে গোহাৰিখনত বহু বিষয় অস্পষ্ট হৈ থকাত এইবাৰ বিয়পি পৰে আন কেতবোৰ খবৰ। সাপ্তাহিক কাকতখনক লৈ বিয়পি পৰা এই খবৰত একাংশই দাবী কৰে যে 'সাদিন’খন বন্ধ কৰি দিয়া নাই ঠিকেই, কিন্তু এতিয়াৰে পৰা কাকতখন পৰিপূৰিকা হিচাপেহে প্ৰকাশ পাব। কোনো কোনোৱে আকৌ সাদিনে ডিজিটেল ৰূপত ভূমুকি মাৰিব বুলিও মন্তব্য কৰে।

এইধৰণৰ একাধিক দাবী-বিৰোধ চলি থকাৰ সময়তে সন্ধিয়া ৭ বজাৰ বাতৰিত সংবাদ গোষ্ঠীটোৰ ছেটেলাইট চেনেল 'প্ৰতিদিন টাইম’তো উক্ত গোহাৰিখনৰ ভিত্তিত বাতৰি সম্প্ৰচাৰ কৰি কোৱা হয় যে সাদিন বন্ধ হ’ব বুলি ছ’চিয়েল মিডিয়াত প্ৰকাশ পোৱাতো এক উৰাবাতৰিহে। গোহাৰিখনত কোনোৱে সংবাদ গোষ্ঠীটোক অৱমূল্যায়ন কৰাৰ উদ্দেশ্যেৰেই এনে ভুৱা প্ৰচাৰ চলাইছে বুলি দাবী কৰে। 'আমি পুনৰ স্পষ্ট কৰি দিও 'সাদিন’ 'প্ৰতিদিন’ৰ পৰা পৃথক হোৱাৰ বা ইয়াৰ প্ৰকাশন বন্ধ হোৱাৰ প্ৰশ্নই নুঠে।’-কৰ’নাই অন্যান্য ক্ষেত্ৰৰ লগতে ছপা মাধ্যমলৈকো সংকট নমাই আনিছে বুলি উল্লেখ কৰি গোহাৰিখনৰ শেষত এইদৰে কৈছে কাকত গোষ্ঠীটোৰ কাৰ্যাধ্যক্ষই।

আনহাতে, কাকত গোষ্ঠীটোৰ পৰা প্ৰকাশ পোৱা ৰাজ্যখনৰ সৰ্বাধিক প্ৰচলিত কাকতসমূহৰ অন্যতম 'অসমীয়া প্ৰতিদিন’ৰ ডিজিটেল সংস্কৰণত এই বিষয়ে প্ৰকাশিত বাতৰিটোত কোৱা হৈছে, 'কাকতগোষ্ঠীটোৰ স্বতাধিকাৰে স্পষ্ট কৰি দিয়া মতে, সাদিন-প্ৰতিদিন গোষ্ঠীৰ সৈতে সাতসৰী, নন্দিনী আদি জনপ্ৰিয় আলোচনীৰ লগতে প্ৰতিদিন টাইম ছেটেলাইট চেনেল আৰু ৱেব পৰ্টেলো সংযুক্ত হৈ আছে। সেয়া হ’লেও, গোষ্ঠীটোৰ সৰ্বজনপ্ৰিয় পৰিচয়ে হ’ল ’সাদিন-প্ৰতিদিন গোষ্ঠী’। সেয়েহে এই গোষ্ঠীৰ পৰা সাদিন কেতিয়াও বিচ্ছিন্ন বা বিলুপ্ত হ’ব নোৱাৰে। অথাৎ ’সাদিন’ বন্ধ কৰা কোনো সিদ্ধান্ত গোষ্ঠীটোৰ মালিক পক্ষই লোৱা নাই।’

সম্পাদক অনুৰাধা শৰ্মা পূজাৰীসহ কেবাজনো কৰ্মচাৰীক অব্যাহতি দিয়া সন্দৰ্ভত বাতৰিটোত আৰু কৈছে, 'অনুৰাধা শৰ্মা পূজাৰী কেৱল সাদিনৰে নহয় সম্ভ্ৰান্ত আলোচনী ’সাতসৰী’ৰো সম্পাদক। সেয়েহে, অনুৰাধা পূজাৰীসহ সাদিনৰ ১৫ গৰাকী কৰ্মচাৰীক সোমবাৰে চাকৰিৰ পৰা মালিকপক্ষই অব্যাহতি দিলে বুলি অজ্ঞাত উদ্দেশ্যমূলক প্ৰচাৰেৰে তৃপ্তি লাভ কৰা লোকৰ প্ৰচেষ্টাত বিভ্ৰান্ত নহৈ প্ৰকৃত সত্যৰ সন্ধান কৰিবলৈ আহ্বান জনোৱা হৈছে।’

সঁচাকৈয়ে এয়া উৰাবাতৰি আছিলনে?

ৰাজ্যৰ এটা আগশাৰীৰ সংবাদ গোষ্ঠীক লৈ ছ’চিয়েল মিডিয়াত সংবাদ গোষ্ঠীটোৱে দাবী কৰা মতে উৰাবাতৰি কিয় আৰু কেনেকৈ বিয়পি পৰিল সেই সন্দৰ্ভত প্ৰকৃত সত্য জানিবলৈ NNOৰ তৰফৰ পৰা যোগাযোগ কৰা হৈছিল কাকতখনৰ সৈতে জড়িত কেবাগৰাকী সাংবাদিক আৰু সংবাদকৰ্মীৰ সৈতে। এই সন্দৰ্ভত নাম প্ৰকাশ নকৰাৰ চৰ্তত এগৰাকী সাংবাদিকে জনাইছে যে কাকতৰ মালিকপক্ষই দাবী কৰা ধৰণে প্ৰকৃততে এয়া উৰাবাতৰি নহয়।

'ছ’চিয়েল মিডিয়াত যিটো কথা বিয়পিছে সেয়া আচলতে উৰাবাতৰি নহয়। ইতিমধ্যে লকডাউন আৰু কৰ’নাৰ বাবে আমাৰ কাকতখনৰ প্ৰকাশ প্ৰায় এমাহতকৈয়ো অধিককাল বন্ধ হৈয়ে আছে। লিখিতভাৱে একো দিয়া নাই যদিও আমাৰ কেবাজনো কৰ্মচাৰীক কামৰ পৰা অব্যাহতি দিয়াৰ কথাও কৈছে। তাৰ ভিতৰত ময়ো এজন। অৱশ্যে সম্পাদকৰ বিষয়ে ক’ব নোৱাৰিম। কিয়নো তেওঁ সাদিনৰ লগতে সাতসৰী আলোচনীখনৰ সৈতেও জড়িত।’-সাংবাদিকগৰাকীয়ে কয়।

তেওঁ আৰু কয়, 'কাকতখনৰ ভৱিষ্যত সম্পৰ্কে আলোচনা কৰিবলৈ কালি লকডাউন শিথিল হোৱাত আমাক মাতিছিল। আমি প্ৰায় সকলোবোৰেই তাত উপস্থিত আছিলো। সেই আলোচনাত মালিক পক্ষই লোকচানৰ কথা কৈ কাকতখন আৰু চলোৱাতো সম্ভৱ নহয় বুলি জনাইছিল। তেওঁৰ ঠাইত আমি হোৱা হ’লে বা আন কোনো হোৱা হ’লেও সকলোৱে তেনেকৈ ভাবিবলৈকে বাধ্য হ’লহেতেন বুলিও আমাৰ আগত কৈছিল। অৰ্থাৎ প্ৰায় এমাহ ধৰি বন্ধ হৈ থকা কাকতখন সম্পূৰ্ণৰূপে বন্ধ কৰাৰ এক ইংগিত মালিক পক্ষই আমাক দিছিল।’

উক্ত আলোচনাত উপস্থিত থকা কাকতখনৰ আন এগৰাকী কৰ্মচাৰীয়ে কয় যে এনে খবৰ পোৱাৰ পিছত নিজৰ জীৱন-জীৱিকাৰ ভৱিষ্যতক লৈ প্ৰতিজন কৰ্মচাৰী চিন্তিত হৈ পৰাতো স্বাভাৱিক। 'আমি সকলোৱে এই আলোচনাৰ পিছত চিন্তাত পৰিছিলো। মই ওৰে নিশা শুব পৰা নাছিলো। কাৰণ কাকতখনত কাম কৰি পোৱা দৰমহাৰেই আমাৰ সংসাৰ চলে। ইয়াৰ পিছত কি কৰিম বা কৰাতো ভাল হ’ব সেই সম্পৰ্কে মই মোৰ বন্ধু মহলৰ সৈতে আলোচনা কৰিছিলো। মোৰ দৰে আৰু বহুজনে হয়তো বহুতৰ লগত এই আলোচনা কৰিছিল। তাৰ মাজৰ পৰা প্ৰথমে কোনে কথাটো ছ’চিয়েল মিডিয়াত প্ৰকাশ কৰিলে সেয়া আমি ক’ব নোৱাৰিম। কিন্তু আজি গোহাৰিখন নিদিয়ালৈকে আমি সাদিন বন্ধ হ’ল বুলিয়েই জানি আছিলো।’- যিহেতু কাকত গোষ্ঠীৰ নিজা ছপা মেচিন আৰু বিতৰণ ব্যৱস্থা আছে সেয়ে ইচ্ছা কৰা হ'লে লকডাউনৰ সময়তো প্ৰকাশ কৰিব পাৰিলেহেতেন বুলি উল্লেখ কৰি এইদৰে দুখেৰে কয় কৰ্মচাৰীগৰাকীয়ে।

কাকতখনত কৰ্মৰত আন এগৰাকী কৰ্মচাৰীয়ে আজি প্ৰকাশ কৰা গোহাৰিখনক স্পষ্টীকৰণৰ পৰিৱৰ্তে এক অস্পষ্টীকৰণহে আখ্যা দিয়ে। নাম প্ৰকাশ নকৰিবলৈ অনুৰোধ জনাই কৰ্মচাৰীগৰাকীয়ে কয়, 'গোহাৰিখনত কাৰ্যাধ্যক্ষৰ চহী নাই, ছীল-মোহৰ নাই, তাৰিখ উল্লেখ নাই। আনকি অফিচিয়েল পেডতো দিয়া নাই। উকা কাগজত সেয়া প্ৰিণ্ট কৰি দিছে। তেনে এখন গোহাৰিক আমি সোমবাৰৰ মিটিঙখনত কোৱা কথাবোৰ শুনাৰ পিছত ভিতৰি মানি ল’বলৈ টান পাইছো। আনকি মঙলবাৰে আমি সকলোৱে অফিচলৈ গৈছিলো যদিও কাকতখন কেতিয়াৰ পৰা নিয়মীয়াকৈ প্ৰকাশ পাব সেই বিষয়েও কৰ্তৃপক্ষই একো নজনালে।’

কৰ্মচাৰীগৰাকীয়ে আৰু কয় যে ছ’চিয়েল মিডিয়াত বিষয়টো আলোচনা নহ’লে মালিক পক্ষই অনায়াসে কৰ্মচাৰীসকলৰ ভৱিষ্যতৰ কথা চিন্তা নকৰি কাকতখন বন্ধ কৰি দিলেহেতেন। 'ফেচবুকত কথাটো ওলাই ভাল হ’ল। নহ’লে এনেকৈ বন্ধ নকৰো বুলি কোৱাৰ প্ৰয়োজনেই অনুভৱ নকৰিলেহেতেন। আজি বন্ধ নকৰো বুলি কৈছে যদিও আগৰ দৰেকৈ ওলাব নে নাই সেয়া এতিয়াও স্পষ্ট কৰি দিয়া নাই। ওপৰমহলৰ দুই-এজনে পৰিপূৰিকা কৰিব আৰু কেইজনমান কৰ্মচাৰীকহে ৰাখিব বুলি আলোচনা কৰাৰ কথাও শুনিছো।’-ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা বাতৰিটো উৰাবাতৰি বুলি দাবী কৰি প্ৰকাশ কৰা গোহাৰিখনক লৈ অসন্তুষ্টি প্ৰকাশ কৰি এইদৰে কয় কৰ্মচাৰীগৰাকীয়ে। 

বিগত এটা দশকত বন্ধ হৈ পৰিছে এইসমূহ কাকত-চেনেল..

এনেদৰেই এতিয়া কৰ’নাৰ এই সংকটকালত অসমীয়া ৰাইজক ৮০ৰ দশকৰ পৰা খবৰ দি অহা এখন সম্ভ্ৰান্ত সাপ্তাহিক কাকত 'সাদিন’ কালৰ সোঁতত আজি নিজেই হৈ পৰিছে এক দুখলগা খবৰ। কেৱল 'সাদিন’ বুলিয়েই নহয়, ৰাইজক খবৰ দিয়া আন বহুকেইখন কাকত তথা টিভি চেনেল, নিউজ পৰ্টেল আদিও এনেদৰে সময়ে সময়ে নিজেই দুখলগা খবৰ হৈ আহিছে। দিনদিয়েক পূৰ্বে গঢ় লৈ উঠা ইংৰাজী ভাষাৰ NE NEWS নামৰ এটা নিউজ চেনেলো কৰ'না কালত বন্ধ হোৱাৰ উপক্ৰম ঘটা বুলি জানিব পৰা গৈছে।

ৰাজ্যখনত যোৱা এটা দশকৰ ভিতৰত হেৰাই যোৱা এনে কেইটামান আগশাৰীৰ সংবাদ প্ৰতিষ্ঠান হৈছে আজি, আজিৰ অসম, আজিৰ দৈনিক বাতৰি, জনসাধাৰণ, সংবাদ লহৰি, এন ই টিভি, ফ্ৰণ্টিয়াৰ টিভি, প্ৰাইম নিউজ, গণ সংবাদ। এই সময়ছোৱাত কেবাখনো কাকত আকৌ মৃত্যুৰ পিছতো নতুনকৈ প্ৰাণ পাই উঠা দেখা গৈছে। মৃত্যুৰ পিছতো নতুনকৈ প্ৰাণ পাই উঠা এখন কাকত হৈছে 'আমি অসমৰ জনগণ’। কাকতখনৰ প্ৰকাশ মাজতে বন্ধ হৈ পৰিছিল যদিও এতিয়া পুনৰ নিয়মীয়াকৈ প্ৰকাশ পাই আছে।

News Next One লৈও আহিছিল দুৰ্যোগ

আনহাতে, আপোনালোকে এই বাতৰি পঢ়ি থকা অসমীয়া ভাষাৰ প্ৰথমটো নিউজ পৰ্টেল News Next One লৈও আৰম্ভ হোৱাৰ দুই বছৰ পিছতে দুৰ্যোগ নামি আহিছিল। ২০১৬ৰ আৰম্ভণিৰ সময়ছোৱাত নিউজ পৰ্টেল বুলিলেই কোনো বিনিয়োগকাৰীয়ে ধন বিনিয়োগ কৰিবলৈ আগ্ৰহ  প্ৰকাশ কৰা নাছিল। একেদৰে বিজ্ঞাপনদাতাসকলেও নিউজ পৰ্টেলত বিজ্ঞাপন দিবলৈ অনীহা দেখুৱাইছিল। ফলত নিউজ পৰ্টেলটোৱে কৰ্মচাৰীসকলক অব্যাহতি দিবলৈ বাধ্য হৈ পৰিছিল আৰু বাতৰি প্ৰকাশ অনিয়মীয়া হৈছিল। এনে দুৰ্যোগৰ মাজতো  অসমীয়া ভাষাৰ প্ৰথমটো নিউজ পৰ্টেলক মৃত্যুৰ দুৱাৰডলিৰ পৰা উদ্ধাৰ কৰি ধৰি ৰাখিবলৈ আগবাঢ়ি আহিছিল কেবাজনো শুভকাংক্ষী। যাৰ ফলত আজি পুনৰ আপোনালোকলৈ বা-বাতৰিসমূহ আগবঢ়াই দিবলৈ সমৰ্থ হৈছে পৰ্টেলটোৱে। 

বৰ্তমান সময় সলনি হৈছে। এতিয়া সমগ্ৰ ৰাজ্যখনতে ডিজিটেল মাধ্যমত বিনিয়োগ কৰা লোকৰ সংখ্যা দিনে দিনে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। এটা সময়ত যিদৰে অসমৰ ঠায়ে ঠায়ে 'সাদিন’ৰ আৰ্হিত সাপ্তাহিক কাকত গঢ় লৈ উঠিছিল তেনেকৈ এতিয়া গুৱাহাটীৰ লগতে মফচলীয় চহৰসমূহতো দেখা গৈছে একাধিক নিউজ পৰ্টেলৰ ভিৰ। অৱশ্যে বিনিয়োগকাৰী, গোপন ৰাজনৈতিক সহায় আৰু বিজ্ঞাপনদাতাৰ এনে ভিৰৰ মাজতো পূৰ্বৰ অভিজ্ঞতাৰ পৰা শিক্ষা আহৰণ কৰি তথা সমগ্ৰ বিশ্বতে আৰম্ভ হোৱা লাভবিহীন আৰু স্বতন্ত্ৰ সাংবাদিকতাৰ আন্দোলনত অসমকো চামিল কৰাৰ উদ্দেশ্যৰে কোনো বিনিয়োগকাৰী আৰু বিজ্ঞাপনদাতাৰ শৰণাপন্ন নোহোৱাৰ সিদ্ধান্ত লৈছে News Next One-এ।

ইয়াৰ পৰিৱৰ্তে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক শক্তিশালী কৰি মূক জনতাৰ মুক্ত কণ্ঠ হোৱাৰ লক্ষ্যৰেই সততা আৰু দায়ৱদ্ধ সাংবাদিকতাত বিশ্বাসী মুষ্টিমেয় সাংবাদিকক লগত লৈ অসমবাসী ৰাইজৰ সহায়-সহযোগিতাৰ ওপৰত আস্থা ৰাখি News Next One-এ অসমতো আৰম্ভ কৰিছে লাভবিহীন আৰু স্বতন্ত্ৰ সাংবাদিকতাৰ আন্দোলন। 

এতিয়া ৰাইজৰ সহায়-সহযোগিতাৰ ওপৰতেই নিৰ্ভৰ কৰিব News Next One-ৰ ভৱিষ্যত। অন্যাথাই কোনো মালিকপক্ষৰ অধীন নোহোৱাকৈ আৰু অধিক বিজ্ঞাপন পাবলৈ মুখৰোচক কাহিনী প্ৰচাৰ নকৰাৰ সংকল্পৰে শুদ্ধ, সত্য আৰু নিৰপেক্ষ বাতৰি কৰিবলৈ বুলি সাহসেৰে ওলাই আহি News Next One-ৰ সৈতে জড়িত হোৱা সাংবাদিকসকলো এদিন হতাশ হৈ পৰিবলৈ বাধ্য হ’ব। সি যি নহওক টীম News Next One-এ আশা কৰিছে যে 'সাদিন’খন বন্ধ নহওক, আগৰ দৰেকৈ নিয়মীয়াকৈ প্ৰকাশ অব্যাহত থাকক! ৰাইজৰ হকে বাতৰি পৰিৱেশন কৰিব পৰাকৈ আমাক সাহস আৰু শক্তি প্ৰদান কৰিবলৈ ইয়াত ক্লিক কৰক  Support।