অকলেণ্ডঃ এক মৰ্মান্তিক দৃশ্য। স্থান নিউজীলেণ্ডৰ উপকূলীয় অঞ্চল৷ যোৱা শুকুৰবাৰৰ পুৱাৰেপৰা আৰম্ভ হোৱা অস্বাভাৱিক পৰিৱেশে হৃদয় কপাই তুলিছে দেশখনৰ হাজাৰজনৰ৷ প্ৰতিদিনে শ শ তিমি সাগৰৰ পানীৰপৰা উটি আহি আৱদ্ধ হৈ পৰিছে নিউজীলেণ্ডৰ উপকূলসমূহত৷

দ্বীপৰাষ্ট্ৰখনৰ চৰকাৰী সূত্ৰই সদৰী কৰা মতে, পুৱা ৪১৬ টা তিমি উপকূলৰ অগভীৰ পানীৰপৰা বামলৈ উঠি অহাতো প্ৰত্যক্ষ কৰা হৈছিল৷ লগে লগে আৰম্ভ হয় উদ্ধাৰকাৰ্য৷

বৃহৎ আকাৰৰ এই তিমিবোৰে পৰিভ্ৰমণৰ কালচোৱাত এনেদৰে উপকূললৈ উঠি অহাৰ ফলত মৃত্যুকো সাবতি ল’বলগা হয়৷ তিমিবোৰ উদ্ধাৰ কৰিবলৈ স্বেচ্ছাসেৱকসকলে যৎপৰোনাস্তি চেষ্টা চলাইছে৷ পাৰত পৰি থকা তিমিবোৰ যাতে আৰ্দ্ৰ হৈ থাকে আৰু শৰীৰৰ উষ্ণতা যাতে বৃদ্ধি নাপায়, তাৰবাবে যুদ্ধসদৃশ তৎপৰতাৰে শুশ্ৰূষাকাৰ্য অব্যাহত ৰাখিছে স্বেচ্ছাসেৱকসকলে৷

উল্লেখ্য যে প্ৰতিবছৰে তিমিবোৰে প্ৰব্ৰজন কৰে৷ কিন্ত অগভীৰ পানীৰ কবলত পৰি কেতিয়াবা এই তিমিবোৰ উপকুললৈ উঠি আহে আৰু আৱদ্ধ হৈ পৰে৷ দেওবাৰৰ আবেলিলৈ প্ৰায় ৩০০ ৰো অধিক তিমি দক্ষিণ দ্বীপৰ গ’ল্ডেন উপসাগৰ অভিমুখে আগবাঢ়িছে৷  

তিমিবোৰে নিৰাপদে গভীৰ পানী থকা ঠাইলৈ গমন কৰাটো সুখবৰ বুলি সংৰক্ষণ বিভাগৰ বিষয়া এনড্ৰিঅ' লামচোনে জানিবলৈ দিছে৷ প্ৰায় শতাধিক স্বেছাসেৱকে এই তিমিবোৰক গোটেই দিন ঠাণ্ডা পৰিৱেশত ৰাখি উচ্চ জোৱাৰ ভাটাত এৰি দিবলৈ অপেক্ষা কৰি আছে৷ দেওবাৰে পুৱালৈ অধিকাংশ তিমি সাগৰত এৰি দিয়া হয়৷ উক্ত সময়তে অশ্ৰুসিক্ত হৈ পৰে বহুজন৷

জীৱ-জন্তু আৰু মানুহৰ মাজত সততে হোৱা সংঘাতৰ সময়তে নিউজীলেণ্ড চৰকাৰে হাতত লোৱা এনে পদক্ষেপ নিসন্দেহে প্ৰশংসনীয়।