বিশেষ প্ৰতিবেদনঃ অসমত চৰকাৰী তথ্যমতে কৰ'নাত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাই হৈছেগৈ ১৩ জন। বেচৰকাৰী তথ্যমতে এই সংখ্যা তাতোকৈয়ে অধিক। এই আটাইকেইজন আক্ৰান্তৰ সৈতে জড়িত হৈ আছে 'ছুপাৰস্প্ৰেডাৰ’ নিজামুদ্দিনৰ তবলীগ জামাত। কিন্তু কিয় চৰ্চালৈ আহিছে এই তবলীগ জামাত? কেনেকৈ 'ছুপাৰস্প্ৰেডাৰ’ হৈ পৰে এই তবলীগ জামাত? প্ৰখ্যাত নিজামুদ্দিন দৰগাহৰ সৈতে সম্পৰ্ক আছে নেকি ভাৰতত কৰ'নাৰ একপ্ৰকাৰ হটস্পট হৈ পৰা তবলীগ জামাতৰ? এই সকলো প্ৰশ্নৰ উত্তৰ একেলগে পাব এই প্ৰতিবেদনত।

নিজামুদ্দিনঃ ক'ত কিয় বিখ্যাত? 

দিল্লীৰ নিজামুদ্দিন অঞ্চল। সদা ব্যস্ত এই অঞ্চলটো দেশৰ পৰ্যটনস্থলীসমূহৰ অন্যতম। ইয়াতে আছে হুমায়ুনৰ সমাধি, মিৰ্জা গালিবৰ সমাধি আৰু আছে ছুফী সাধক খাৱাজা নিজামুদ্দিন আউলিয়াৰ দৰগাহ। এই দৰগাহ দেশে-বিদেশ নিজামুদ্দিন দৰগাহ নামেৰেই পৰিচিত। দৰগাহলৈ প্ৰতিদিনে আগমন ঘটে ইছলামৰ লগতে আন ধৰ্মৰো কেবা সহস্ৰাধিক দেশী-বিদেশ পৰ্যটক। কৰ’না ভাইৰাছে সমগ্ৰ দেশতে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সময়তে দক্ষিণ দিল্লী এই প্ৰসিদ্ধ অঞ্চলটোত থকা এটা মছজিদে লাভ কৰিছে ভাইৰাছৰ বিধৰ 'ছুপাৰস্প্ৰেডাৰ’ৰ আখ্যা।

নিজামুদ্দিন দৰগাহৰ কাষত আছে এটা মছজিদ। চাৰি মহলীয়া এই মছজিদটোৰ নাম বাংলেৱালী মছজিদ। আহল-বহল অঞ্চলক সামৰি থকা মছজিদটোৰ সমুখভাগত আছে এটা বিশাল পুল, অৰ্থাৎ অযুখানা (ইছলামধৰ্মীয় নিয়মমতে নামাজ পঢ়াৰ পূৰ্বে হাত-ভৰি ধোৱা ঠাই)। অযুখানাৰ কাষতে থকা ৰেকত শাৰী শাৰীকৈ জোতা-চেণ্ডেলবোৰ খুলি থৈ এজন এজনকৈ প্ৰৱেশ কৰে মছজিদৰ ওপৰমহললৈ।

অসমৰ ৰঙিয়া অঞ্চলৰ পৰা যোৱা এজন লোকে জনোৱা মতে মছজিদটোৰ তলৰ মহলত আছে এটা প্ৰকাণ্ড ৰান্ধনীশাল। প্ৰথম মহলাত আছে এটা বিশাল হল। এই হলটোতে সহস্ৰাধিক লোকে একেলগে বহি ধৰ্মৰ চৰ্চা কৰে। মছজিদটোক নিজামুদ্দিন মাৰ্কাজ মছজিদ নামেৰেও জনা যায়। এয়া হৈছে ইছলামিক পণ্ডিত মহম্মদ ইলিয়াছ কাণ্ডলৱিয়ে ১৯২৫ চনত প্ৰতিষ্ঠা কৰা তবলীগ জামাতৰ বৈশ্বিক চৰ্চা কেন্দ্ৰ তথা আদিস্থল। 

আৰৱী ভাষাত কেন্দ্ৰ মানে হৈছে মাৰ্কাজ। সেয়ে তবলীগ জামাতৰ কেন্দ্ৰস্থল বাংলেৱালী মছজিদটোক বহুতে নিজামুদ্দিন মাৰ্কাজ বুলিয়েই কৈ আহিছে। এই মাৰ্কাজতে আছে কাছিফুল উলুম নামেৰে এখন মাদ্ৰাছাও। নিজামুদ্দিন অঞ্চলত থাকিলেও মছজিদটোৰ নাই নিজামুদ্দিন দৰগাহৰ সৈতে কোনো সম্পৰ্ক।

নিজামুদ্দিন দৰগাহৰ সৈতে তবলীগ জামাতৰ সম্পৰ্ক আছেনে?

ইছলামিক মৌলবাদৰ বিৰুদ্ধে সততে মাত মাতি অহা ইছলাম ধৰ্মৰ অন্যতম সমালোচক প্ৰাক্তন মুছলমান আহমেদ জেকীয়ে জনোৱা মতে একেটা স্থানত থাকিলেও তবলীগ জামাতলৈ যোৱা মুছলমানজনে কেতিয়াও নিজামুদ্দিন দৰগাহলৈ নাযায়। একেদৰে দৰগাহলৈ যোৱা মুছলমানসকলে তবলীগ জামাতত অংশগ্ৰহণ নকৰে বুলিও জনাইছে জেকীয়ে।

'আমি সকলোৱে জানো মুছলমানসকলৰ দুটা ভাগ ছিয়া আৰু ছুন্নী। বিশ্বৰ প্ৰেক্ষাপটত চালে দেখা যায় যে এই ছুন্নীসকলেই ৱাহাবী মতবাদৰ দ্বাৰা পৰিচালিত। কিন্তু ভাৰতৰ প্ৰেক্ষাপটত আকৌ ছুন্নীসকল ৱাহাবীৰ পৰা পৃথক। ছুন্নীসকলে দৰগাহ বা মাজাৰলৈ যোৱাৰ বিপৰীতে ৱাহাবীসকলে সেয়া পৰিহাৰ কৰি চলে। ৱাহাবীসকলে ভাৰতত উদাৰবাদৰ বিৰোধিতা কৰি তবলীগ জামাত অৰ্থাৎ ইছলাম ধৰ্মৰ গোড়া মতবাদ প্ৰচাৰত গুৰুত্ব দিয়ে। আনহাতে উদাৰ মুছলমানসকলে ছুফীবাদক আগস্থান দিয়ে। সেয়ে একেটা স্থানতে থাকিও বাংলেৱালী মছজিদৰ সৈতে নিজামুদ্দিন দৰগাহৰ কোনো সুসম্পৰ্ক নাই।-অসমত শেহতীয়াকৈ একাংশ গৰীয়া অৰ্থাৎ খিলঞ্জীয়া মুছলমানো ক্ৰমাৎ এই ৱাহাবী মতবাদৰ দ্বাৰা প্ৰভাৱান্বিত হৈছে বুলি উল্লেখ কৰি এইদৰে কয় আহমেদ জেকীয়ে।

অৰ্থাৎ এয়া স্পষ্ট যে নিজামুদ্দিনলৈ গ’লেই সেই ব্যক্তিজনে যে তবলীগ জামাতত ভাগ লৈছে তেনে কথা নহ’বও পাৰে। 'দিল্লীলৈ যোৱা বহু ছুন্নী মুছলমানে নিজামুদ্দিন দৰগাহলৈ যায়। দিল্লীত কোনো কামত গ’লেও এবাৰ সেই বিখ্যাত দৰগাহ পৰিদৰ্শন কৰে। যিহেতু অসমত আজান ফকীৰৰ জৰিয়তে ছুফীবাদৰ আগমন ঘটিছিল সেয়ে অসমৰ খিলঞ্জীয়া মুছলমানসকলৰ অধিকাংশ এতিয়াও উদাৰ আৰু দৰগাহ পৰিদৰ্শন কৰে। কিন্তু ৱাহাবীসকলে দৰগাহৰ পৰিৱৰ্তে তবলীগ জামাতৰ হে সমৰ্থন কৰে। কেৱল ইছলামেই নহয়, হিন্দু ধৰ্মৰ লোকো নিজামুদ্দিন দৰগাহলৈ যায়।’-জেকীয়ে কয়।

কেতিয়া হৈছিল তবলীগ জামাত? 

'ইণ্ডিয়া টুডে’ত প্ৰকাশিত বাতৰি অনুযায়ী যেতিয়া ভাৰতত কৰ’না ভাইৰাছক লৈ চৰকাৰ-প্ৰশাসনৰ মাজত বিশেষ কোনো তৎপৰতা নাছিল সেই সময়তে যোৱা ১৩ মাৰ্চৰ পৰা আৰম্ভ হৈছিল এই তবলীগ জামাত। নিজামুদ্দিন এলেকাত থকা বাংলেৱালী মছজিদৰ পৰা আৰম্ভ হৈছিল জামাত। এই বাংলেৱালী মছজিদতে আছে মাৰ্কাজ অৰ্থাৎ জামাতৰ চেণ্টাৰ। ১৩ মাৰ্চত আৰম্ভ হোৱাৰ পিছত এই জামাতত প্ৰতিদিনে দেশৰ লগতে বিদেশৰ লোকেও ভাগ ল’বলৈ আৰম্ভ কৰে। একাংশ লোকে আকৌ নিজৰ কাৰ্যসূচী শেষ হোৱাত ঘৰলৈও উভতিবলৈ লয়। এইদৰে জামাতলৈ অহা-যোৱাৰ প্ৰক্ৰিয়া জনতা কাৰ্ফিউ অৰ্থাৎ ২২ মাৰ্চলৈকে স্বাভাৱিকভাৱেই চলি আছিল। জনতা কাৰ্ফিউৰ পিছতে বহু লোকে নিজ নিজ ৰাজ্যলৈ উভতে। 

তবলীগ জামাত কি? কেনেদৰে হৈ পৰিল  'ছুপাৰস্প্ৰেডাৰ’​?

মিছনেৰী শব্দৰ সৈতে আছে তবলীগ জামাতৰ সম্পৰ্ক। মিছন শব্দটোৰ পৰাই আহিছে খ্ৰীষ্টান ধৰ্মৰ সৈতে জড়িত শব্দ মিছনেৰী। ইয়াৰ অৰ্থ হৈছে ধৰ্মৰ প্ৰচাৰ। তবলীগৰ অৰ্থও সেই একে। তবলীগ মানে আল্লাহে কোৱা কথা প্ৰচাৰ কৰা লোক। ইয়াৰ পিছৰ শব্দ জমাতৰ অৰ্থ হৈছে গোট বা সমূহ। অৰ্থাৎ তবলীগ জামাত হৈছে আল্লাহৰ বাণী প্ৰচাৰ কৰা বহু লোকৰ সমষ্টি। আনহাতে মাৰ্কাজৰ অৰ্থ হৈছে কেন্দ্ৰ। য’ৰ পৰা আল্লাহৰ বাণী প্ৰচাৰ কৰা কাৰ্যৰ আৰম্ভণি কৰা হয় সেই কেন্দ্ৰটোৱেই মাৰ্কাজ। 

মাৰ্কাজৰ পৰা অতি কমেও ৩ দিন, ৫ দিন, ১০ দিন, ৪০ দিন আৰু সৰ্বাধিক ৪ মাহৰ বাবে জামাত উলিওৱা হয়। এটা জামাতত অৰ্থাৎ আল্লাহৰ বাণী প্ৰচাৰ কৰা গোটত ৮-১০ জন তবলীগি থাকে আৰু ইয়াৰে দুজনৰ দায়িত্ব খাদ্য তৈয়াৰ কৰা। জামাতৰ লোকসকলে পুৱা আৰু সন্ধিয়াৰ ভাগত প্ৰচাৰৰ বাবে ওলাই যায়। ইছলাম ধৰ্মাৱলম্বীসকলৰ ঘৰে ঘৰে গৈ তেওঁলোকে সমীপৱৰ্তী মছজিদলৈ গৈ নিয়মিত নামাজ পঢ়িবলৈ আহ্বান জনায় আৰু হাদিছ তথা কোৰাণৰ সাৰাংশ বুজাই দিয়ে।  

কেন্দ্ৰ হোৱা বাবে বাংলেৱালী এই মছজিদটোলৈ আগমন ঘটিছিল বিশ্বৰ কেবাখনো দেশৰ ইছলাম ধৰ্মাৱলম্বী লোকৰ। সেই লোকসকলে বিমানেৰে ভাৰতলৈ আহিছিল। গতিকে তেনে লোকসকল কৰ’নাত আক্ৰান্ত হোৱাৰ সম্ভাৱনা যথেষ্ট আছিল। সেয়ে এই মাৰ্কাজ আল্লাহৰ বাণী প্ৰচাৰৰ কেন্দ্ৰ হোৱাৰ লগে লগে এতিয়া ভাৰতত কৰ’না ভাইৰাছ বিয়পোৱা 'ছুপাৰস্প্ৰেডাৰ’ৰো কেন্দ্ৰস্থল হৈ পৰিছে। ধাৰণা কৰা হৈছে যে ইণ্ডোনেছিয়া আৰু মালয়েছিয়া আদি দেশত যিহেতু আগতেই কৰ'না ধৰা পৰিছিল সেয়ে তাৰ পৰা এই জামাতত অহা লোকৰ জৰিয়তেই মাৰ্কাজত থকা আন জামাতীসকললৈ বিয়পি পৰে কৰ'না ভাইৰাছ। এনেদৰেই ভাৰতত কৰ'নাৰ অন্যতম হটস্পট হৈ পৰে এই তবলীগ জামাত।

কেনেকৈ আৰম্ভ হৈছিল এই তবলীগ জামাত?

ব্ৰিটিছসকল অহাৰ পূৰ্বে মোগলৰ শাসনকালত ভাৰতত ইছলাম ধৰ্ম শক্তিশালী ৰূপত আছিল কিয়নো শাসকপক্ষ আছিল মুছলমান। ব্ৰিটিছসকল অহাৰ পিছতে হিন্দু ধৰ্মৰ আওপুৰণি নীতি-নিয়মৰ পৰিৱৰ্তন ঘটাবলৈ চেষ্টা কৰাৰ লগতে মুছলমানসকলৰ মাজত প্ৰচলিত নীতি-নিয়মৰো পৰিৱৰ্তনৰ চেষ্টা চলিছিল। 

ব্ৰিটিছ শাসকসকলে ধৰ্মৰ আওপুৰণি নিয়মৰ পৰিৱৰ্তন কৰিবলৈ চেষ্টা চলোৱাৰ সমান্তৰালভাৱে বিভিন্ন স্থানত ছুফীবাদ জনপ্ৰিয় হৈ পৰিছিল আৰু কোনো কোনো স্থানত ধৰ্ম পৰিৱৰ্তন কৰি বহু মুছলমানে পুনৰ হিন্দু ধৰ্ম গ্ৰহণ কৰিবলৈ আৰম্ভ কৰিছিল। ইয়াক বাধা দি ইছলামক শক্তিশালী কৰিবলৈ ধৰ্মীয় নীতি-নিয়মসমূহ মানি চলিবলৈ ১৯২৫ চনত ইছলামিক পণ্ডিত মহম্মদ ইলিয়াছ কাণ্ডলৱিয়ে শান্তিৰে আল্লাহৰ বাণী মানুহৰ মাজত বিলাই দিয়াৰ উদ্দেশ্যে আৰম্ভ কৰে এই তবলীগ জামাত। ১৯৪১ চনত ২৫ হাজাৰ লোকৰ অংশগ্ৰহণেৰে দিল্লীত বিশাল তবলীগ জামাত অনুষ্ঠিত হোৱাৰ পিছতে স্বাধীনতাৰ পৰৱৰ্তী সময়ত এয়া সমগ্ৰ দেশতে বিয়পি পৰে আৰু লাভ কৰে বিপুল জনপ্ৰিয়তা। তেতিয়াৰ পৰা দিল্লীৰ নিজামুদ্দিন অঞ্চল হৈ পৰে তবলীগ জামাতৰ প্ৰাণকেন্দ্ৰ।

কিমান লোক আহিছিল এই তবলীগলৈ?

তবলীগ জামাতত অংশগ্ৰহণ কৰা লোকৰ সংখ্যা এতিয়ালৈ ঠিৰাংকৈ ক’ব পৰা হোৱা নাই। ইণ্ডিয়া টুডে আৰু এনডিটিভিৰ বাতৰি মতে এই সংখ্যা ৩০০০ৰো অধিক আছিল। প্ৰতিদিনে মানুহৰ আহ-যাহ চলিয়েই আছিল। ভাৰতৰ প্ৰায় প্ৰতিখন ৰাজ্যৰ লগতে ১৫ খন বিদেশী ৰাষ্ট্ৰৰ লোকো আহিছিল এই জামাতলৈ। বিদেশৰ পৰা অহা লোকসকলে ভিছাৰ নিয়ম উলংঘা কৰি অনুমতি নথকা ঠাইসমূহো ভ্ৰমণ কৰাৰো অভিযোগ উত্থাপিত হৈছে। 

মাৰ্কজৰ তৰফৰ পৰা জনোৱা মতে, ২৩ মাৰ্চত ১৫০০ লোকক তাৰ পৰা পঠিয়াই দিয়া হৈছিল। বাকীসকল লোকৰ বাবে আৰক্ষীৰ পৰা সহায় বিচাৰিছিল যদিও আৰক্ষীয়ে অনুমতি নিদিলে বুলি এক বিবৃতিযোগে সদৰী কৰিছে। তেলেংগানাত কৰ’নাত আক্ৰান্ত হৈ ৬জনকৈ লোক মৃত্যুমুখত পৰাৰ পিছতে পোহৰলৈ আহে নিজামুদ্দিনৰ এই মাৰ্কাজ ভাৰতত কৰ’নাৰ 'ছুপাৰস্প্ৰেডাৰ’ হৈ পৰাৰ কাহিনী। তামিলনাডু চৰকাৰে জনোৱা মতে তামিলনাডুত যোৱা ২৪ ঘণ্টাত পোহৰলৈ অহা ৫৭টা পজিটিভৰ ৫০ জনেই এই জামাতত ভাগ লৈছিল। একেদৰে জম্মু-কাশ্মীৰত কৰ’না ধৰা পৰা অধিকাংশই জামাতত ভাগ লৈ উভতিছিল বুলি জানিব পৰা গৈছে।

অসমৰ সৈতে তবলীগ জামাত কানেকশ্যন

মঙলবাৰে পোহৰলৈ আহে অসমৰ প্ৰথমটো পজিটিভৰ ঘটনা। শিলচৰ মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হৈ থকা এইজন ক’ভিড-১৯ ৰোগীৰ ঘৰ কৰিমগঞ্জ জিলাত। ৫২ বছৰীয়া লোকজনে যোৱা ৫ মাৰ্চত দিল্লীলৈ গৈছিল। চিকিৎসাজনিত কাৰণত দিল্লীলৈ গৈছিল যদিও সেই সময়ত দিল্লীৰ নিজামুদ্দিনত থকা তবলীগ জামাতত লোকজনে কিছু সময়ৰ বাবে উপস্থিত হৈছিল বুলি অনুমান কৰা হৈছে। স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মায়ো আজি এক সংবাদমেলত সদৰী কৰিছে এই লোকজনে দিল্লীৰ উক্ত অঞ্চললৈ গৈছিল। অৱশ্যে তবলীগ জামাতৰ কাৰ্যসূচীত ভাগ লৈছিল নে নাই সেই সম্পৰ্কত স্পষ্ট তথ্য পোৱা হোৱা নাই বুলি সদৰী কৰে মন্ত্ৰীগৰাকীয়ে।

ইফালে আজি অসমত আন ৪ জন লোকৰ দেহত ধৰা পৰিছে কৰ’না পজিটিভ। এই চাৰিজনৰ আটাইকেইজনেই দিল্লীৰ উক্ত তবলীগ জামাতত ভাগ লৈ অসমলৈ ঘূৰি আহিছিল বুলি সংবাদমেলত সদৰী কৰিছে মন্ত্ৰী শৰ্মাই। এই চাৰিজনৰ এজন নলবাৰীৰ আৰু বাকী ৩জন মৰিগাঁও জিলাৰ জাগীৰোডৰ। পজিটিভ ধৰা নলবাৰীৰ জন হৈছে ১৯ বছৰীয়া আৰ্ছাদ আলী। আনহাতে জাগীৰোডৰ পজিটিভ ধৰা পৰা কেইজন হৈছে ৬০ বছৰীয়া হজৰত আলী, ৫৫ বছৰীয়া মহম্মদ নুৰুদ্দিন আৰু ৪৬ বছৰীয়া জোনাব আলী।

মন্ত্ৰীগৰাকীয়ে সংবাদ মেলত জনাইছে যে কেন্দ্ৰ চৰকাৰে ৰাজ্য চৰকাৰক দিল্লীৰ নিজামুদ্দিন অঞ্চলত থকা অসমৰ ৪৫৬ জন লোকৰ এখন তালিকা প্ৰেৰণ কৰিছে। আনহাতে হেল্পলাইন ১০৪ নম্বৰ যোগে ৯১ জন আৰু আইডিএছপি টীমে আৰু ৯১ জন লোকৰ নাম জানিব পৰা হোৱাৰ কথাও জনাই মন্ত্ৰীগৰাকীয়ে। দিল্লীৰ তবলীগ জামাতত ভাগ লোৱা অসমৰ আৰু ৪ জন লোক কৰ’নাত আক্ৰান্ত হৈ তাতেই চিকিৎসাধীন হৈ থকাৰ কথাও সদৰী কৰে মন্ত্ৰী হিমন্তই। 

ভাইৰেল হোৱা নিজামুদ্দিনলৈ যোৱা লোকৰ তালিকাখন প্ৰকৃততে কি?

মঙলবাৰে দিল্লীৰ তবলীগ জামাতৰ খবৰ সংবাদ মাধ্যমত প্ৰচাৰ হোৱাৰ লগে লগে অসমৰ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে এখন তালিকা। অসমৰ কেবাটাও আগশাৰীৰ সংবাদ প্ৰতিষ্ঠানেও সেই তালিকাখন দিল্লীৰ তবলীগ জামাতত ভাগ লোৱা লোকৰ তালিকা বুলি প্ৰকাশ কৰে। কিন্তু সেই তালিকাখন আছিল ১১ মাৰ্চৰ পৰা ১৬ মাৰ্চলৈ অসমৰ পৰা দিল্লীৰ নিজামুদ্দিন অঞ্চললৈ তবলীগ জামাত চলি থকা সময়ত যোৱা লোকসকলৰ মোবাইল নেটৱৰ্ক টাৱাৰৰ জৰিয়তে ৰোমিং ডাটা ট্ৰেচিং কৰি উলিওৱা তালিকা। সেয়ে এই তালিকাখনত থকা লোকসকলৰ সকলোৱেই তবলীগ জামাতত ভাগ নলবও পাৰে বুলিও আজিৰ সংবাদমেলত জনাই মন্ত্ৰী হিমন্তই।

'এই সময়ছোৱাত দিল্লীৰ নিজামুদ্দিন অঞ্চলৰ আশে-পাশে অসমৰ ৫৪৭ জন লোকে ভ্ৰমণ কৰাৰ তথ্য আমি লাভ কৰিছো। প্ৰাথমিক অনুসন্ধানত ইয়াৰে ১৩৪ জন এনে লোকৰ কথা জানিব পাৰিছো যিসকলে সেই সময়ত গাড়ীৰে ৰাস্তা পাৰ হৈছিল। তাৰ মানে এই মুহূৰ্তত খ্ৰীষ্টানবস্তি জিএছ ৰোডেৰে যিসকল লোক গৈ আছে অৰ্থাৎ ইয়াত থকা টাৱাৰ পাৰ হৈ গৈছে সেই সকলো ব্যক্তিৰ নাম মোবাইল নেটৱৰ্কৰ জৰিয়তে ৰেকৰ্ড হৈ যায়। তেনেকৈ নিজামুদ্দিন অঞ্চলত থকা টাৱাৰ পাৰ হোৱা লোকসকলৰো ৰোমিং ট্ৰেকিং কৰি তালিকা প্ৰস্তুত কৰা হৈছে। সেইকাৰণে যিখন তালিকা আজি ছ’চিয়েল মিডিয়া বা বিভিন্ন ধৰণে প্ৰকাশ হৈছে তাত কিছু নিজামুদ্দিন মাৰ্কাজত নোযোৱা আন ধৰ্মৰ লোকৰ নামো প্ৰকাশ পাইছে। ইয়াৰ মূল কাৰণটোৱেই হ’ল এই মানুহখিনি সেই সময়ত টাৱাৰটোৰ সমুখেদি পাৰ হৈ গৈছে।’-মন্ত্ৰীগৰাকীয়ে কয়।

এই ১৩৪ জন লোকৰ স্বাস্থ্য পৰীক্ষা কৰি স্বাভাৱিক পোৱা হৈছে যদিও চৰকাৰে তেওঁলোকৰ স্বাস্থ্যৰ ওপৰতো নজৰ ৰাখিছে বুলিও জনাই মন্ত্ৰী হিমন্তই। কিন্তু যিহেতু ১৬ তাৰিখৰ অন্তিমখন তালিকাৰ সময়ৰ পৰা ইতিমধ্যে ১৪ দিন পাৰ হৈ গৈছে আৰু তেওঁলোকৰ দেহত এতিয়াও কোনো উপসৰ্গ দেখা দিয়া নাই সেয়ে উক্ত লোকসকলক লৈ চিন্তা কৰাৰ কাৰণ নাই বুলিও সদৰী কৰে মন্ত্ৰী হিমন্তই। মন্ত্ৰীগৰাকীয়ে সংবাদমেলত আৰু জনাই যে চৰকাৰে লাভ কৰা তথ্য অনুযায়ী নিজামুদ্দিন অঞ্চললৈ যোৱা ৫৪৭ জন লোকৰ ভিতৰৰ ৬৮ জন বৰ্তমানো দিল্লীতে আছে।

দিল্লী চৰকাৰে কি কয়?

দিল্লীৰ স্বাস্থ্যমন্ত্ৰী সত্যেন্দ্ৰ জৈনৰ মতে তবলীগ জামাতৰ আয়োজকসকলে সম্পূৰ্ণৰূপে নিয়ম উলংঘা কৰিছে। এই সন্দৰ্ভত ইতিমধ্যে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে জামাতৰ আয়োজকসকলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে। 'কোনো কাৰণতে আমি দোষীসকলক সাৰি যাবলৈ নিদিও। আমাৰ চৰকাৰে বাৰম্বাৰ ১৬ মাৰ্চৰ পৰা একাধিক নিৰ্দেশনা জাৰি কৰাৰ পিছতো তেওঁলোকে এনেদৰে ইমান মানুহ গোট খাই আছিল। চৰকাৰী নিৰ্দেশ অমান্য কৰা বাবেই আজি দিল্লীৰ লগতে সমগ্ৰ দেশতে কৰ’না বিয়পি পৰাৰ শংকাই দেখা দিছে। তেওঁলোকে জানিব লাগিছিল যে বিদেশৰ পৰা মানুহ আহিছে, গতিকে আমাক জনাব লাগিছিল আগতীয়াকৈ।’-এইদৰে কয় দিল্লীৰ স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে। তেওঁ আৰু কয় যে ৫জনতকৈ অধিক লোক একেলগে সমবেত হ’ব নোৱৰাৰ নিৰ্দেশ বলৱৎ হৈ থকা সত্বেও আয়োজকসকলে মাৰ্কাজত তবলীগ জামাত অনুষ্ঠিত কৰিছিল।

তবলীগ জামাতৰ টাইমলাইন

১৩ মাৰ্চঃ দেশ-বিদেশৰ হাজাৰৰো অধিক লোকৰ অংশগ্ৰহণেৰে তবলীগ জামাতাৰ আৰম্ভণি।
১৬ মাৰ্চঃ ভাৰতত কৰ’না ভাইৰাছৰ সংখ্যা বৃদ্ধি পাবলৈ লৈছিল। কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য মন্ত্ৰালয়ে কৰ’নাৰ পৰা ইমান চিন্তাৰ কাৰণ নাই বুলি সদৰী কৰাৰ সময়তে দিল্লী চৰকাৰৰ স্বাস্থ্য বিভাগে বিষয়টোক গুৰুত্বসহকাৰে লৈ ৩১ মাৰ্চলৈকে সকলোধৰণৰ অনুষ্ঠান, শিক্ষানুষ্ঠান, শ্বপিং মল, চিনেমাহল, ধৰ্মীয় অনুষ্ঠান আদি বন্ধৰ নিৰ্দেশ দিয়ে।

২২ মাৰ্চঃ এইদিনটোত দেশবাসীয়ে জনতা কাৰ্ফিউ পালন কৰিছিল। সেইদিনাই বিয়লিৰ ভাগত জামাতৰ পৰা বহু লোকে নিজ নিজ ঘৰলৈ ৰাওৱা হ’বলৈ আৰম্ভ কৰিছিল।

২৩ মাৰ্চঃ মাৰ্কাজৰ তৰফৰ পৰা কোৱা হয় যে সেইদিনা ১৫০০ লোক নিজ নিজ ৰাজ্যলৈ তাৰপৰা গুচি গৈছে। 

২৪ মাৰ্চঃ প্ৰধানমন্ত্ৰী নিশা ৮ বজাত লকডাউন ঘোষণা কৰে। নিজামুদ্দিন থানাৰ বিষয়াই লগে লগে জামাত খালী কৰিবলৈ আদেশ দিয়ে। জামাতৰ তৰফৰ পৰা লাজপত নগৰৰ আৰক্ষী অধীক্ষকক পত্ৰযোগে কোৱা হয় যে এতিয়া আৰু জামাতত কোনো লোকক ভাগ ল’বলৈ দিয়া হোৱা নাই। লগতে জামাত খালী কৰি থকা হৈছে বুলিও জনায়। পত্ৰখনত লোকসকলক নিজ নিজ ৰাজ্যলৈ প্ৰেৰণ কৰিবৰ বাবে গাড়ীৰ ব্যৱস্থা কৰি দিবলৈ অনুৰোধ জনোৱা বুলিও জামাতৰ আয়োজকসকলে দাবী কৰিছে। আয়োজকসকলৰ পত্ৰ প্ৰেৰণ কৰাৰ পিছতো দিল্লী আৰক্ষীয়ে কোনো গুৰুত্ব নিদিয়াৰো অভিযোগ উত্থাপন কৰিছে।

২৫ মাৰ্চঃ জমাতত অতি কমেও ১০০০ লোক ৰৈ আছিল। সেইদিনা এটা স্বাস্থ্য পৰীক্ষকৰ দল তাত উপস্থিত হৈ যিসকলৰ পানীলগা জ্বৰ, কাঁহ আদি আছিল সেইসকলক স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰাৰ লগতে মাৰ্কাজৰ এটা বিশেষ মহলাত সুকীয়াকৈ ৰখাৰ নিৰ্দেশ দিয়ে।

২৬ মাৰ্চঃ কাশ্মীৰৰ শ্ৰীনগৰত উক্ত জামাতত ভাগ লোৱা এজন লোকৰ মৃত্যুৰ খবৰ আহে। সেইদিনাই তালৈ দিল্লী আৰক্ষীৰ এটি দল যায় আৰু আয়োজকসকলক জিলা দণ্ডাধীশৰ সৈতে বৈঠকত মিলিত হ’বলৈ কয়।

২৭ মাৰ্চঃ জামাতৰ পৰা ৬ জন লোকক কৰ’নাৰ সন্দেহত লৈ যোৱা হয় আৰু হাৰিয়ানাৰ ইজ্জৰ অঞ্চলত কোৱাৰেণ্টাইনত ৰখাৰ ব্যৱস্থা কৰে।

২৮ মাৰ্চঃ দিল্লী আৰক্ষীৰ বিষয়া আৰু বিশ্ব স্বাস্থ্য সংস্থাৰ এটি দল তালৈ গৈ ৩৩ জন লোকৰ স্বাস্থ্য পৰীক্ষা কৰি ৰাজীৱ গান্ধী কেন্সাৰ হাস্পতালত আইছ’লেশ্যনত ৰখাৰ ব্যৱস্থা কৰা হয়। সেইদিনাই লাজপত নগৰৰ আৰক্ষী অধীক্ষকে কেন্দ্ৰতো খালী কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে।

২৯ মাৰ্চঃ আয়োজকসকলে জাননীৰ উত্তৰত কয় যে লকডাউনৰ পিছৰে পৰা তাত কোনো নতুন লোক অহা নাই। প্ৰধানমন্ত্ৰীয়ে যিধৰণে য’তে আছে তাতেই থাকিবলৈ কৈছে সেইধৰণেই তাত ৰৈ যোৱা লোকসকলক তাতেই ৰখা হৈছে।

৩০ মাৰ্চঃ আৰক্ষী আৰু স্বাস্থ্য বিভাগৰ লোক জামাতত উপস্থিত হয়। অতি কমেও ১০০০ৰো অধিক লোকক বাহিৰলৈ উলিয়াই নিয়া হয়। ইয়াৰে ৩৩৪ জনক হাস্পতালত ভৰ্তি কৰোৱা হয়। ৭০০জনক ৰখা হয় কোৱাৰেণ্টাইনত। ইয়াৰে ২৪ জনৰ দেহত পজিটিভ ধৰা পৰে। 

৩১ মাৰ্চঃ নিশা প্ৰায় ১২ বজাত তেলেংগানা চৰকাৰৰ তৰফৰ পৰা কোৱা হয় যে ৰাজ্যখনত ৬ জন লোক কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হৈছে আৰু আটাইকেইজনেই দিল্লীৰ জামাতত ভাগ লৈ গৈছিল। তামিলনাডুত ধৰা পৰা কৰ’না ৰোগীৰ ৫৭জনৰ ৫০ জনেই এই জামাতত ভাগ লোৱাতো নিশ্চিত হয়। নিশাৰ ভাগত অসমতো কৰ’না পজিটিভ ধৰা পৰে আৰু উক্ত লোকজন দিল্লীৰ জামাতলৈ যোৱাৰ কথা পোহৰলৈ আহে।

১ এপ্ৰিলঃ দেশৰ ২০ খনকৈ ৰাজ্যলৈ তবলীগ জামাতৰ জামাতীৰ দ্বাৰা কৰ’না বিয়পি পৰা বুলি কেন্দ্ৰ চৰকাৰে সংশ্লিষ্ট ৰাজ্যসমূহক সতৰ্ক হৈ থাকিবলৈ নিৰ্দেশ প্ৰদান কৰে। অসমত নতুনকৈ ৪জন লোকৰ দেহত ধৰা পৰে পজিটিভ আৰু ইয়াৰ আটাইকেইজনেই ভাগ লৈছিল উক্ত জামাতত।